--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমা জগতৰ বাবে এক দুখৰ খবৰ। বহু মালয়ালম ছবিত অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰা অভিনেতা বিনোদ থমাছৰ মৃত্যু হৈছে। বিনোদৰ মৃত্যুৰ পৰিস্থিতিৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছে। কেৰালাৰ এখন হোটেলত ৰখাই থোৱা এখন গাড়ীত ৪৫ বছৰীয়া বিনোদক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমান আৰক্ষীয়ে অভিনেতাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই বিষয়ে হোটেল পৰিচালনা সমিতিয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষী আহি পোৱাৰ লগে লগে অভিনেতাজনক মাত দিয়ে কিন্তু অভিনেতাজনে একো সঁহাৰি নজনোৱাত গাড়ীৰ খিড়িকী ভাঙি তেওঁক উলিয়াই আনি ওচৰৰ চিকিৎসালয়ত পৰীক্ষা কৰোৱা হয়। কিন্তু তেতিয়ালৈকে বিনোদৰ মৃত্যু হৈছিল। বৰ্তমান আৰক্ষীয়ে অভিনেতাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অভিনেতা গৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তথাপিও তেওঁৰ মৃত্যুৰ কাৰণ গাড়ীখনত চলি থকা এচিৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

বিনোদ থমাছক বহু ছবিত দেখা গৈছিল। এই ছবিসমূহৰ কথা ক’লে তেওঁ ‘অয়্যাপ্প্ন কোছ্যুম’, ‘নাথোলী ওৰু চেৰিয়া মীনাল্লা’, ‘অৰু মুৰাই বন্ত পাথায়া’, ‘হেপি ৱেডিং’ আৰু ‘জুন’ আদি ছবিত উজ্জ্বল কাম কৰিছিল। এই ছবিবোৰত বিনোদৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল।

এই খবৰ অহাৰ লগে লগে অনুৰাগীসকল স্তম্ভিত হৈ পৰে। অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে সকলোকে জোকাৰি গৈছে। কেৱল অনুৰাগীয়েই নহয় পৰিয়ালৰ লোকসকলো শোকত নিমগ্ন হৈ পৰিছে। বিনোদ থমাছ আমাৰ মাজত নাই বুলি খবৰটো কাৰো বিশ্বাস কৰিবলৈ টান। তাৰকা আৰু অনুৰাগীয়ে চকুলোৰে শ্ৰদ্ধাঞ্জলি জনাইছে অভিনেতাগৰাকীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান