--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমা জগতৰ বাবে এক দুখৰ খবৰ। বহু মালয়ালম ছবিত অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰা অভিনেতা বিনোদ থমাছৰ মৃত্যু হৈছে। বিনোদৰ মৃত্যুৰ পৰিস্থিতিৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছে। কেৰালাৰ এখন হোটেলত ৰখাই থোৱা এখন গাড়ীত ৪৫ বছৰীয়া বিনোদক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমান আৰক্ষীয়ে অভিনেতাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই বিষয়ে হোটেল পৰিচালনা সমিতিয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষী আহি পোৱাৰ লগে লগে অভিনেতাজনক মাত দিয়ে কিন্তু অভিনেতাজনে একো সঁহাৰি নজনোৱাত গাড়ীৰ খিড়িকী ভাঙি তেওঁক উলিয়াই আনি ওচৰৰ চিকিৎসালয়ত পৰীক্ষা কৰোৱা হয়। কিন্তু তেতিয়ালৈকে বিনোদৰ মৃত্যু হৈছিল। বৰ্তমান আৰক্ষীয়ে অভিনেতাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অভিনেতা গৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তথাপিও তেওঁৰ মৃত্যুৰ কাৰণ গাড়ীখনত চলি থকা এচিৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

বিনোদ থমাছক বহু ছবিত দেখা গৈছিল। এই ছবিসমূহৰ কথা ক’লে তেওঁ ‘অয়্যাপ্প্ন কোছ্যুম’, ‘নাথোলী ওৰু চেৰিয়া মীনাল্লা’, ‘অৰু মুৰাই বন্ত পাথায়া’, ‘হেপি ৱেডিং’ আৰু ‘জুন’ আদি ছবিত উজ্জ্বল কাম কৰিছিল। এই ছবিবোৰত বিনোদৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল।

এই খবৰ অহাৰ লগে লগে অনুৰাগীসকল স্তম্ভিত হৈ পৰে। অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে সকলোকে জোকাৰি গৈছে। কেৱল অনুৰাগীয়েই নহয় পৰিয়ালৰ লোকসকলো শোকত নিমগ্ন হৈ পৰিছে। বিনোদ থমাছ আমাৰ মাজত নাই বুলি খবৰটো কাৰো বিশ্বাস কৰিবলৈ টান। তাৰকা আৰু অনুৰাগীয়ে চকুলোৰে শ্ৰদ্ধাঞ্জলি জনাইছে অভিনেতাগৰাকীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক