--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন পক্ষীপ্ৰেমী লোক। লোকজনে পক্ষীক ইমানেই ভালপায় যে সিহঁতৰ নিৰাপত্তাৰ বাবে তেওঁ ২.৫ লাখতকৈও অধিক বাহ নিৰ্মাণ কৰিছে। মানুহজনৰ নাম ৰাকেশ খাত্ৰী(Rakesh Khatri)। তেওঁ বাস কৰে দিল্লীৰ অশোক বিহাৰত। এই মহৎ কামৰ বাবে মানুহে তেওঁক 'নেষ্ট মেন অৱ ইণ্ডিয়া' বুলি অভিহিত কৰিছে। তেওঁ মানুহক চৰাইৰ বাহ কেনেদৰে নিৰ্মাণ কৰিব লাগে শিকায় আৰু এতিয়ালৈকে প্ৰায় ১০ লাখ শিশুক বাহ নিৰ্মাণৰ বাবে প্ৰশিক্ষণ দিছে। তেওঁ চৰাইৰ বাবে আশ্ৰয়স্থল নিৰ্মাণৰ বাবে বহুতো বঁটা লাভ কৰিছে। ৰাকেশ খাত্ৰীয়ে ৰাজধানী দিল্লীত চৰাইবোৰক বচাবলৈ ২.৫ লাখতকৈও অধিক বাহ নিৰ্মাণ কৰি সকলোকে আচৰিত কৰি তুলিছে। তেওঁ কয় যে, মই সৰুৰে পৰা চৰাইৰ সৈতে খেলিবলৈ খুব ভাল পাইছিলো আৰু তেতিয়াৰ পৰাই মই সিহঁতৰ বাবে বাহ বনোৱা আৰম্ভ কৰিছিলোঁ। এতিয়ালৈকে মই মোৰ জীৱনত ২.৫ লাখতকৈও অধিক বাহ সাজিছোঁ। তেওঁ কৈছিল যে এটা বাহ সাজিবলৈ কৰিবলৈ মানুহৰ বেছি সময় নালাগে। চৰাইবোৰেও থাকিবলৈ এটা ঘৰ বিচাৰে। আগতে ঘৰচিৰিকাবোৰ আমাৰ ঘৰৰ ভিতৰত বাস কৰিছিল, কিন্তু আজিকালি কথাবোৰ সলনি হল। "মই লাখ লাখ শিক্ষাৰ্থীক বাহ কেনেদৰে নিৰ্মাণ কৰিব লাগে শিকাইছো। প্ৰথমতে, মানুহে মোক উপহাস কৰি কৈছিল যে চৰাইবোৰে তেওঁ নিৰ্মাণ কৰা বাহটোত কেনেকৈ প্ৰৱেশ কৰিব। অৱশ্যে, যেতিয়া চৰাইবোৰে সেই বাহত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল, তেওঁলোকেও তেওঁলোকৰ ঘৰত বাহ সাজিবলৈ আৰম্ভ কৰিছিল। খাত্ৰীয়ে লগতে জনায় যে তেওঁ কোভিড-১৯ মহামাৰীৰ সময়ত কেইবাটাও ৱেবিনাৰ পৰিচালনা কৰিছিল আৰু মানুহক পাট, প্লাষ্টিক, ঘাঁহ, কাঠ আদিৰ পৰা বাহ কেনেকৈ নিৰ্মাণ কৰিব পাৰি শিকাইছিল। তেওঁ এই পদক্ষেপৰ বাবে এতিয়ালৈকে মুঠ পাঁচটা বঁটা লাভ কৰিছে, যাৰ ভিতৰত আছে সৰ্বাধিক সংখ্যক হস্তনিৰ্মিত নেষ্ট আৰু ৱৰ্কশ্বপৰ বাবে লিমকা বুক অফ ৰেকৰ্ডছ, 2019 আৰু হাউচ অফ কমন্স লণ্ডনত স্পেৰো সংৰক্ষণ আৰু অন্যান্যৰ ওপৰত শ্ৰেষ্ঠ অনুশীলনৰ বাবে ইণ্টাৰনেছনেল গ্ৰীণ এপল বঁটা লাভ কৰিছে। ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ১২টা ভাষাত ১১২০০০ শিক্ষাৰ্থীৰ সৈতে কৰা থিয়েটাৰৰ বাবে তেওঁৰ নাম লিমকা বুক অৱ ৰেকৰ্ডত সন্নিৱিষ্ট হৈছে। এই বছৰ আইচিএছচি বোৰ্ডৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপত ৰাকেশ খাত্ৰীৰ বিষয়ে বিশেষ অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে। খাত্ৰীয়ে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ আৰু ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। আৰু পঢ়কঃ ডিজিটেল ভিক্ষাৰী! গুগল-পে, ফোন-পে’ত ভিক্ষা লয় এইজন লোকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন