--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ আগশাৰীৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শান্তিশ্ৰী ঢুলিপুড়ী পণ্ডিতক বিশ্ববিদ্যালয়খনৰ প্ৰথম মহিলা উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে৷ শান্তিশ্ৰী ঢুলিপুড়ী পণ্ডিত বৰ্তমান সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত৷ পণ্ডিতক আজি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে বিশ্ববিদ্যালয়খনৰ শীৰ্ষ পদত নিযুক্তি দিয়াৰ লগে লগে তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে পৰিচিত হ’ল৷ ৫৯ বছৰীয়া পণ্ডিত জেএনইউৰ এগৰাকী প্ৰাক্তন ছাত্ৰী, য’ত তেওঁ এমফিলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পিএইচডি ডিগ্ৰী লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, বিশ্ববিদ্যালয়লৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শান্তিশ্ৰী ঢুলিপুড়ী পণ্ডিতক জেএনইউৰ উপাচাৰ্য নিযুক্তিত অনুমোদন জনাইছে। শান্তিশ্ৰী পণ্ডিতে ১৯৮৮ চনত গোৱা বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপনাৰ জীৱন আৰম্ভ কৰিছিল আৰু ১৯৯৩ চনত পুনে বিশ্ববিদ্যালয়লৈ বদলি হৈছিল৷ বিভিন্ন শৈক্ষিক সংস্থাত প্ৰশাসনিক পদতো অধিষ্ঠিত হৈ আছে তেওঁ। শান্তিশ্ৰী পণ্ডিত বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি), ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদ (আইচিএছএছআৰ)ৰ সদস্য আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহলৈ ভিজিটৰচৰ মনোনীত ব্যক্তিও আছিল। তেওঁৰ অধীনত ইতিমধ্যে ২৯গৰাকী পিএইচডি গৱেষকে গৱেষণা সম্পূৰ্ণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন