--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ আগশাৰীৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শান্তিশ্ৰী ঢুলিপুড়ী পণ্ডিতক বিশ্ববিদ্যালয়খনৰ প্ৰথম মহিলা উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে৷ শান্তিশ্ৰী ঢুলিপুড়ী পণ্ডিত বৰ্তমান সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত৷ পণ্ডিতক আজি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে বিশ্ববিদ্যালয়খনৰ শীৰ্ষ পদত নিযুক্তি দিয়াৰ লগে লগে তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে পৰিচিত হ’ল৷ ৫৯ বছৰীয়া পণ্ডিত জেএনইউৰ এগৰাকী প্ৰাক্তন ছাত্ৰী, য’ত তেওঁ এমফিলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পিএইচডি ডিগ্ৰী লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, বিশ্ববিদ্যালয়লৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শান্তিশ্ৰী ঢুলিপুড়ী পণ্ডিতক জেএনইউৰ উপাচাৰ্য নিযুক্তিত অনুমোদন জনাইছে। শান্তিশ্ৰী পণ্ডিতে ১৯৮৮ চনত গোৱা বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপনাৰ জীৱন আৰম্ভ কৰিছিল আৰু ১৯৯৩ চনত পুনে বিশ্ববিদ্যালয়লৈ বদলি হৈছিল৷ বিভিন্ন শৈক্ষিক সংস্থাত প্ৰশাসনিক পদতো অধিষ্ঠিত হৈ আছে তেওঁ। শান্তিশ্ৰী পণ্ডিত বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি), ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদ (আইচিএছএছআৰ)ৰ সদস্য আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহলৈ ভিজিটৰচৰ মনোনীত ব্যক্তিও আছিল। তেওঁৰ অধীনত ইতিমধ্যে ২৯গৰাকী পিএইচডি গৱেষকে গৱেষণা সম্পূৰ্ণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক