--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি মানসিকভাৱে অশান্তিত ভুগিছে নেকি? নাইবা দৈনিক কামৰ হেঁচাই আপোনাক বিৰক্তিৰে ভাৰাক্ৰান্ত কৰি তুলিছে নেকি? এয়া হোৱাটো নিতান্তই স্বাভাৱিক। তথাপি আপুনি সাময়িকভাৱে এনে অশান্তিজনক আৰু বিৰক্তিকৰ মুহূৰ্তৰ পৰা ৰেহাই পাব পাৰে। মাত্ৰ আপুনি খৰচ কৰিব লাগিব আপোনাৰ কিছু ইণ্টাৰনেট ডাটা। সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হোৱা কিছুমান ভিডিঅ’ই আমাক ব্যাপক মনোৰঞ্জনৰ যোগান ধৰে। 

এনে ভিডিঅ’সমূহত থকা হাস্যৰসৰ অদ্ভুত উপাদানসমূহে সহজতেই আকৰ্ষণ কৰে হাঁহিপ্ৰিয় মানুহক। শেহতীয়াকৈ এনে এটা ভাইৰেল ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। 

আপুনি নিজ চকুৰে নিশ্চয় এটা গৰিলাক চাইকেল চলোৱা দেখিবলৈ পোৱা নাই? চাবলৈ গ’লে ই প্ৰায় এটা অদ্ভুত প্ৰশ্নই। পিছে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোত এটা প্ৰকাণ্ড গৰিলাই যি কাণ্ড কৰিলে, সি স্বাভাৱিকতেই আপোনাৰ চকু কপালত তুলিব।

ভিডিঅ’টোত এই গৰিলাটোৱে এখন সৰু চাইকেল চলাই থকা দেখিবলৈ পোৱা গৈছে। খুব সহজভাৱেই চাইকেলখন চলাই থাকোঁতে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই চাইকেলৰ পৰা বাগৰি পৰে গৰিলাটো।ইয়াৰ পিছতে গৰিলাটোৱে যি কৰিলে, তাকে লৈ হাঁহিত ফুটি পৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰী।

চাইকেলৰ পৰা বাগৰি পৰাৰ পাছতে গৰিলাটোৰ উঠে প্ৰচণ্ড খং। পৰাৰ পৰা বহি লৈ খঙৰ ভমকত গৰিলাটোৱে দুয়োখন হাতেৰে চাইকেলখন দাঙি আঁতৰলৈ দলিয়াই দিয়ে। গৰিলাটোৰ এই কাণ্ডই সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

ভাইৰেল হৈ পৰা এই ভিডিঅ’টো টুইটাৰত সম্ৰাট গাওৰা নামৰ এজন আইএফএছ বিষয়াই শ্বেয়াৰ কৰিছে। কেইবাহাজাৰো লোকে দৰ্শন কৰা ভিডিঅ’টোৰ কমেণ্ট বক্সত টুইটাৰ ব্যৱহাৰকাৰী সকলে বিভিন্ন ধৰণৰ হাস্যকৰ মন্তব্য আগবঢ়াইছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আহক তেওঁক এখন উন্নত চাইকেল প্ৰদান কৰোঁ যাতে তেওঁ সুখী অনুভৱ কৰিব পাৰে আৰু চাইকেল চলোৱাৰ আনন্দ উপভোগ কৰিব পাৰে।"

আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "সাৱধানতা: যেতিয়া আপুনি কাৰোবাক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে!"

আনহাতে আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল, "তেওঁ হয়তো এনেকৈ ভাবিছে, মূৰ্খ চাইকেল, মোক কেনেকৈ পেলাবলে সাহস কৰিলি.. তোক আৰু মোৰ প্ৰয়োজন নাই।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক