--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি মানসিকভাৱে অশান্তিত ভুগিছে নেকি? নাইবা দৈনিক কামৰ হেঁচাই আপোনাক বিৰক্তিৰে ভাৰাক্ৰান্ত কৰি তুলিছে নেকি? এয়া হোৱাটো নিতান্তই স্বাভাৱিক। তথাপি আপুনি সাময়িকভাৱে এনে অশান্তিজনক আৰু বিৰক্তিকৰ মুহূৰ্তৰ পৰা ৰেহাই পাব পাৰে। মাত্ৰ আপুনি খৰচ কৰিব লাগিব আপোনাৰ কিছু ইণ্টাৰনেট ডাটা। সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হোৱা কিছুমান ভিডিঅ’ই আমাক ব্যাপক মনোৰঞ্জনৰ যোগান ধৰে। 

এনে ভিডিঅ’সমূহত থকা হাস্যৰসৰ অদ্ভুত উপাদানসমূহে সহজতেই আকৰ্ষণ কৰে হাঁহিপ্ৰিয় মানুহক। শেহতীয়াকৈ এনে এটা ভাইৰেল ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। 

আপুনি নিজ চকুৰে নিশ্চয় এটা গৰিলাক চাইকেল চলোৱা দেখিবলৈ পোৱা নাই? চাবলৈ গ’লে ই প্ৰায় এটা অদ্ভুত প্ৰশ্নই। পিছে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোত এটা প্ৰকাণ্ড গৰিলাই যি কাণ্ড কৰিলে, সি স্বাভাৱিকতেই আপোনাৰ চকু কপালত তুলিব।

ভিডিঅ’টোত এই গৰিলাটোৱে এখন সৰু চাইকেল চলাই থকা দেখিবলৈ পোৱা গৈছে। খুব সহজভাৱেই চাইকেলখন চলাই থাকোঁতে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই চাইকেলৰ পৰা বাগৰি পৰে গৰিলাটো।ইয়াৰ পিছতে গৰিলাটোৱে যি কৰিলে, তাকে লৈ হাঁহিত ফুটি পৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰী।

চাইকেলৰ পৰা বাগৰি পৰাৰ পাছতে গৰিলাটোৰ উঠে প্ৰচণ্ড খং। পৰাৰ পৰা বহি লৈ খঙৰ ভমকত গৰিলাটোৱে দুয়োখন হাতেৰে চাইকেলখন দাঙি আঁতৰলৈ দলিয়াই দিয়ে। গৰিলাটোৰ এই কাণ্ডই সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

ভাইৰেল হৈ পৰা এই ভিডিঅ’টো টুইটাৰত সম্ৰাট গাওৰা নামৰ এজন আইএফএছ বিষয়াই শ্বেয়াৰ কৰিছে। কেইবাহাজাৰো লোকে দৰ্শন কৰা ভিডিঅ’টোৰ কমেণ্ট বক্সত টুইটাৰ ব্যৱহাৰকাৰী সকলে বিভিন্ন ধৰণৰ হাস্যকৰ মন্তব্য আগবঢ়াইছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আহক তেওঁক এখন উন্নত চাইকেল প্ৰদান কৰোঁ যাতে তেওঁ সুখী অনুভৱ কৰিব পাৰে আৰু চাইকেল চলোৱাৰ আনন্দ উপভোগ কৰিব পাৰে।"

আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "সাৱধানতা: যেতিয়া আপুনি কাৰোবাক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে!"

আনহাতে আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল, "তেওঁ হয়তো এনেকৈ ভাবিছে, মূৰ্খ চাইকেল, মোক কেনেকৈ পেলাবলে সাহস কৰিলি.. তোক আৰু মোৰ প্ৰয়োজন নাই।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ