--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিপদৰ সন্মুখীন হৈছে পুষ্পৰাজ! ‘ম্যে ঝুকেগা নেহী চাল্লা...’ বুলি পৰ্দাত তোলপাৰ লগোৱা এইবাৰ কি কৰিব? পুষ্পাই কাৰো ওচৰত মূৰ নোদোওৱা পুষ্পৰাজে এইবাৰ মূৰ দোৱাবলগীয়া হ’ব নেকি তাক লৈ চৰ্চা চলিছে। পুষ্পা ছবিৰে দেশৰ ছবিজগতত খলকনি সৃষ্টি কৰা দক্ষিণৰ মহাতাৰকা আল্লু অৰ্জুন এক অবাঞ্চিত সমস্যাৰ সন্মুখীন হৈছে। এটা বিজ্ঞাপনত ভাগ লৈ ভুল তথ্য প্ৰচাৰ কৰাৰ পাছত এতিয়া এজন সমাজকৰ্মীৰ ৰোষৰ বলি হৈছে তাৰকা অভিনেতাগৰাকী।

 

আএএনএছত প্ৰকাশিত বাতৰি অনুসৰি এখন শিক্ষানুষ্ঠান সম্পৰ্কীয় এটা বিজ্ঞাপনত ভাগ লোৱা তাৰকাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। সমাজকৰ্মী কোথা উপেন্দৰ ৰেড্ডীয়ে দাবী কৰিছে যে, আল্লু অৰ্জুনে অভিনয় কৰা বিজ্ঞাপনটো বিভ্ৰান্তিকৰ আৰু ইয়াৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ কৰা হৈছে।  

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে সমাজকৰ্মীজনে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনত ভাগ লোৱা বাবে আল্লু অৰ্জুনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। তেওঁ অম্বৰপেট আৰক্ষীৰ ওচৰত বিজ্ঞাপনটোত ভাগ লোৱা বাবে আল্লু অৰ্জুনৰ ওপৰত আৰু ভুৱা তথ্য প্ৰকাশ কৰা বাবে চৈতন্য এডুকেচনেল ইনষ্টিটিউটৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

 

কোথা উপেন্দ্ৰ ৰেড্ডীয়ে আল্লু অৰ্জুন আৰু শ্ৰী চৈতন্য এডুকেচনেল ইনষ্টিটিউটে মানুহক বিভ্ৰান্ত কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বিৰু্দ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে, ইয়াকৰ পূ্ৰ্বে এটা ফুড ডেলিভাৰী এপৰ বিজ্ঞাপন কৰাক লৈ ৰোষৰ বলি হৈছিল আল্লু অৰ্জুন। চৰকাৰী ব্যৱস্থাক উলাই কৰি বিজ্ঞাপনত অংশ লোৱাৰ বাবে তেওঁক সতৰ্কবাণীও দিয়া হৈছিল।

 

এতিয়া এনে অভিযোগ আৰু বিতৰ্কৰ ওচৰত পুষ্পৰাজে মূৰ দোৱাবনে নাই সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে। ইফালে, পুষ্পাৰ দ্বিতীয় খণ্ড ‘পুষ্পা : দ্য ৰুল’ৰ শ্বুটিং শীঘ্ৰেই আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। কেৱল পুষ্পাই নহয় এতিয়া তেওঁ আন ভালেকেইখন ছবিৰ কামত ব্যস্ত হৈ আছে। বেণু শ্ৰীৰাম, কোৰাতালা শিৱা, এ আৰ মুৰুগাডোছ. বোয়াপাটি শ্ৰীনু আৰু প্ৰশান্ত নীলৰ ছবিৰ কামৰ বাবে চুক্তিবদ্ধ হৈছে আল্লু অৰ্জুন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক