--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিপদৰ সন্মুখীন হৈছে পুষ্পৰাজ! ‘ম্যে ঝুকেগা নেহী চাল্লা...’ বুলি পৰ্দাত তোলপাৰ লগোৱা এইবাৰ কি কৰিব? পুষ্পাই কাৰো ওচৰত মূৰ নোদোওৱা পুষ্পৰাজে এইবাৰ মূৰ দোৱাবলগীয়া হ’ব নেকি তাক লৈ চৰ্চা চলিছে। পুষ্পা ছবিৰে দেশৰ ছবিজগতত খলকনি সৃষ্টি কৰা দক্ষিণৰ মহাতাৰকা আল্লু অৰ্জুন এক অবাঞ্চিত সমস্যাৰ সন্মুখীন হৈছে। এটা বিজ্ঞাপনত ভাগ লৈ ভুল তথ্য প্ৰচাৰ কৰাৰ পাছত এতিয়া এজন সমাজকৰ্মীৰ ৰোষৰ বলি হৈছে তাৰকা অভিনেতাগৰাকী।

 

আএএনএছত প্ৰকাশিত বাতৰি অনুসৰি এখন শিক্ষানুষ্ঠান সম্পৰ্কীয় এটা বিজ্ঞাপনত ভাগ লোৱা তাৰকাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। সমাজকৰ্মী কোথা উপেন্দৰ ৰেড্ডীয়ে দাবী কৰিছে যে, আল্লু অৰ্জুনে অভিনয় কৰা বিজ্ঞাপনটো বিভ্ৰান্তিকৰ আৰু ইয়াৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ কৰা হৈছে।  

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে সমাজকৰ্মীজনে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনত ভাগ লোৱা বাবে আল্লু অৰ্জুনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। তেওঁ অম্বৰপেট আৰক্ষীৰ ওচৰত বিজ্ঞাপনটোত ভাগ লোৱা বাবে আল্লু অৰ্জুনৰ ওপৰত আৰু ভুৱা তথ্য প্ৰকাশ কৰা বাবে চৈতন্য এডুকেচনেল ইনষ্টিটিউটৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

 

কোথা উপেন্দ্ৰ ৰেড্ডীয়ে আল্লু অৰ্জুন আৰু শ্ৰী চৈতন্য এডুকেচনেল ইনষ্টিটিউটে মানুহক বিভ্ৰান্ত কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বিৰু্দ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে, ইয়াকৰ পূ্ৰ্বে এটা ফুড ডেলিভাৰী এপৰ বিজ্ঞাপন কৰাক লৈ ৰোষৰ বলি হৈছিল আল্লু অৰ্জুন। চৰকাৰী ব্যৱস্থাক উলাই কৰি বিজ্ঞাপনত অংশ লোৱাৰ বাবে তেওঁক সতৰ্কবাণীও দিয়া হৈছিল।

 

এতিয়া এনে অভিযোগ আৰু বিতৰ্কৰ ওচৰত পুষ্পৰাজে মূৰ দোৱাবনে নাই সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে। ইফালে, পুষ্পাৰ দ্বিতীয় খণ্ড ‘পুষ্পা : দ্য ৰুল’ৰ শ্বুটিং শীঘ্ৰেই আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। কেৱল পুষ্পাই নহয় এতিয়া তেওঁ আন ভালেকেইখন ছবিৰ কামত ব্যস্ত হৈ আছে। বেণু শ্ৰীৰাম, কোৰাতালা শিৱা, এ আৰ মুৰুগাডোছ. বোয়াপাটি শ্ৰীনু আৰু প্ৰশান্ত নীলৰ ছবিৰ কামৰ বাবে চুক্তিবদ্ধ হৈছে আল্লু অৰ্জুন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ