--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত প্ৰায়ে চৰ্চিত হয় উৰ্ফি জাভেদৰ অদ্ভূত সাজ-পোছাক। কিন্তু ফেশ্বনৰ ক্ষেত্ৰত উৰ্ফিক পাছ পেলালে হলিউডৰ এগৰাকী তাৰকাই। এই লুক দেখি হয়তো উৰ্ফীয়েও ভয় খাব। মডেলগৰাকীৰ নাম কিম কাৰ্দাছিয়ান। ছ’চিয়েল মিডিয়াত কিম অতি সক্ৰিয়। তেওঁৰ অলেখ ফেন ফ’ল’ৱাৰো আছে। শেহতীয়াকৈ কিম কাৰ্দাছিয়ানে নিজৰ এনে এটা ভিডিঅ’ পোষ্ট কৰিছিল, যিটো দেখি অনুৰাগীসকল আচৰিত হৈ পৰিছে।
 এই ভিডিঅ’টোত কিম কাৰ্দাছিয়ানক চিনি পোৱাত অসুবিধা হৈছে কিয়নো তেওঁ ক’লা জিলিকি থকা পোছাকত চকুৰ বাহিৰে গোটেই শৰীৰটো ঢাকি ৰাখিছে। কিম কাৰ্দাছিয়ানে পোষ্ট কৰা ভিডিঅ’টোত দেখা গৈছে যে তেওঁ নিজৰ শৰীৰটো মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰাখিছে। ক’লা ৰঙৰ ড্ৰেছটো তলৰ পৰা চিলাই কৰা হৈছে য'ত কিম কাৰ্দাছিয়ানক ব্লেক জলপৰীৰ লুক দিছে। অফ হোৱাইট ৰঙৰ চোফা চেটত কিম কাৰ্দাছিয়ানে কেমেৰাৰ আগত প'জ দিয়ে।' ইউ লুক ছ' ডেঞ্জাৰছ' বুলি নেটিজেনসকলে কমেণ্ট কৰিছে।" 

কিম কাৰ্দাছিয়ানে নিজৰ ফেশ্বন চেন্সেৰে সকলোকে আচৰিত কৰি তোলা এইয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কিম কাৰ্দাছিয়ানে এনে বহুতো ড্ৰেছ পিন্ধিছে, য’ত তেওঁৰ লুক সম্পৰ্কে যথেষ্ট চৰ্চা হৈছে। আচৰিত ফেশ্বন চেন্সৰ বাবে ৪১ বছৰীয়া কিম প্ৰায়ে ট্ৰ'লৰ সন্মুখীনো হয়। কিম কাৰ্দাছিয়ান হৈছে বেলেন্সিয়াগাৰ ব্ৰেণ্ড এম্বেছাদৰ। ইয়াৰ পূৰ্বে কিম কাৰ্দাছিয়ানে একেটা ব্ৰেণ্ডৰ ফুল বডিছুট পিন্ধিছিল, যিটো শ্বিপিং টেপেৰে ঢাকি থোৱা আছিল। কিম কাৰ্দাছিয়ানৰ নিজা ব্যক্তিগত বিমান আছে। ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে আজিকালি কিম কাৰ্দাছিয়ানে পিট ডেভিডছনৰ সৈতে ডেটিং কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক