--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত সকলো মানুহেই নানা সংগ্ৰাম কৰি জীয়াই আছে। সকলোৰে সংগ্ৰামৰ পথ বেলেগ বেলেগ। কিছুমান সংগ্ৰামৰ কাহিনীয়ে আনকো জীৱন বাটত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। বৰ্তমান সময়ত আমাৰ সমাজৰ মহিলাসকলেও ঘৰতে হাত সাবটি বহি নাথাকি নানা কাম কৰিবলৈ ওলাই আহে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা অটো চালকৰ কাহিনী। মহিলাগৰাকীৰ নাম ছায়া। ছায়াৰ জীৱন সংগ্ৰামৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে নন্দিনী চোলাৰাজু নামৰ এগৰাকী মহিলাই। 

নন্দিনী OLLIT EXPEDITIONS ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। নন্দিনীয়ে কামলৈ যাবলৈ এখন অটো বুক কৰে আৰু তেওঁ অটোখনত বহি দেখে যে চালকগৰাকী এগৰাকী মহিলা। মহিলা অটো চালকগৰাকীক দেখি নন্দিনীয়ে তেওঁৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিল। নন্দিনী চোলাৰাজুৱে গম পালে যে মহিলা চালকগৰাকীৰ নাম ছায়া। ছায়াই নন্দিনীক খুলি কয় নিজৰ জীৱন সংগ্ৰামৰ কাহিনী। ছায়াই কয় যে, তেওঁ আগতে কাপোৰৰ কাৰখানাত চাকৰি কৰি আছিল, কিন্তু তাত পৰিৱেশ অতি বেয়া আছিল। ইয়াৰ বাবেই তেওঁ সেই চাকৰি বাদ দিয়ে। তাৰ কিছুদিনৰ পাছত ছায়াই ফুড জইণ্টৰ কাম কৰে। কিছুদিন ভালকৈ চলাৰ পাছত তাত ভীষণ লোকচানৰ সন্মুখীন হয় ছায়া। 

ছায়াই ক’লে যে তেওঁৰ ভায়েক এজন অটো ড্ৰাইভাৰ, ভায়েকেই ছায়াক ইলেক্ট্ৰিক অটো চলাবলৈ পৰামৰ্শ দিয়ে। এই কথা শুনি ছায়াই বৰ কৌতুহলী হৈ পৰিল। কিন্তু ছায়াৰ স্বামীৰ মতামত বেলেগ আছিল। এনে অৱস্থাত তেওঁ স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে যাব বিচৰা নাছিল। এদিন ছায়াই স্বামীক ক’লে, ‘কিছুদিন চেষ্টা কৰি চাওঁ’। ইয়াৰ পিছত ছায়াৰ স্বামীও সেই কথাত মান্তি হ’ল। 

ছায়াই কয় যে তেওঁ প্ৰায় ১০০ কিলোমিটাৰ অটো চলায়। সন্ধিয়া ৬ বজাৰ ভিতৰত তেওঁ ৰাইড শেষ কৰে, তাৰপিছত ল’ৰা-ছোৱালীক সময় দিয়ে। ছায়াই প্ৰতিদিনে ৮০০-১০০০ টকা উপাৰ্জন কৰে। প্ৰতিমাহৰ উপাৰ্জন ২৫ হাজাৰৰ ওপৰত হ’বলৈ ধৰিলে। নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ পায় ছায়া অতি সুখী বুলি জনায়। স্বামী আৰু ল'ৰা-ছোৱালীয়েও তেওঁক লৈ গৌৰাৱান্বিত। নন্দিনী চোলাৰাজুৱে কয় যে ছায়াৰ দৰে সংগ্ৰামী মহিলাক লগ পাই তেওঁ গৌৰৱ অনুভৱ কৰিছে। ছায়াই কয় যে জীৱনটো সদায় সহজভাৱে নাযায়, সেয়েহে তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে