--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত সকলো মানুহেই নানা সংগ্ৰাম কৰি জীয়াই আছে। সকলোৰে সংগ্ৰামৰ পথ বেলেগ বেলেগ। কিছুমান সংগ্ৰামৰ কাহিনীয়ে আনকো জীৱন বাটত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। বৰ্তমান সময়ত আমাৰ সমাজৰ মহিলাসকলেও ঘৰতে হাত সাবটি বহি নাথাকি নানা কাম কৰিবলৈ ওলাই আহে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা অটো চালকৰ কাহিনী। মহিলাগৰাকীৰ নাম ছায়া। ছায়াৰ জীৱন সংগ্ৰামৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে নন্দিনী চোলাৰাজু নামৰ এগৰাকী মহিলাই। 

নন্দিনী OLLIT EXPEDITIONS ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। নন্দিনীয়ে কামলৈ যাবলৈ এখন অটো বুক কৰে আৰু তেওঁ অটোখনত বহি দেখে যে চালকগৰাকী এগৰাকী মহিলা। মহিলা অটো চালকগৰাকীক দেখি নন্দিনীয়ে তেওঁৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিল। নন্দিনী চোলাৰাজুৱে গম পালে যে মহিলা চালকগৰাকীৰ নাম ছায়া। ছায়াই নন্দিনীক খুলি কয় নিজৰ জীৱন সংগ্ৰামৰ কাহিনী। ছায়াই কয় যে, তেওঁ আগতে কাপোৰৰ কাৰখানাত চাকৰি কৰি আছিল, কিন্তু তাত পৰিৱেশ অতি বেয়া আছিল। ইয়াৰ বাবেই তেওঁ সেই চাকৰি বাদ দিয়ে। তাৰ কিছুদিনৰ পাছত ছায়াই ফুড জইণ্টৰ কাম কৰে। কিছুদিন ভালকৈ চলাৰ পাছত তাত ভীষণ লোকচানৰ সন্মুখীন হয় ছায়া। 

ছায়াই ক’লে যে তেওঁৰ ভায়েক এজন অটো ড্ৰাইভাৰ, ভায়েকেই ছায়াক ইলেক্ট্ৰিক অটো চলাবলৈ পৰামৰ্শ দিয়ে। এই কথা শুনি ছায়াই বৰ কৌতুহলী হৈ পৰিল। কিন্তু ছায়াৰ স্বামীৰ মতামত বেলেগ আছিল। এনে অৱস্থাত তেওঁ স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে যাব বিচৰা নাছিল। এদিন ছায়াই স্বামীক ক’লে, ‘কিছুদিন চেষ্টা কৰি চাওঁ’। ইয়াৰ পিছত ছায়াৰ স্বামীও সেই কথাত মান্তি হ’ল। 

ছায়াই কয় যে তেওঁ প্ৰায় ১০০ কিলোমিটাৰ অটো চলায়। সন্ধিয়া ৬ বজাৰ ভিতৰত তেওঁ ৰাইড শেষ কৰে, তাৰপিছত ল’ৰা-ছোৱালীক সময় দিয়ে। ছায়াই প্ৰতিদিনে ৮০০-১০০০ টকা উপাৰ্জন কৰে। প্ৰতিমাহৰ উপাৰ্জন ২৫ হাজাৰৰ ওপৰত হ’বলৈ ধৰিলে। নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ পায় ছায়া অতি সুখী বুলি জনায়। স্বামী আৰু ল'ৰা-ছোৱালীয়েও তেওঁক লৈ গৌৰাৱান্বিত। নন্দিনী চোলাৰাজুৱে কয় যে ছায়াৰ দৰে সংগ্ৰামী মহিলাক লগ পাই তেওঁ গৌৰৱ অনুভৱ কৰিছে। ছায়াই কয় যে জীৱনটো সদায় সহজভাৱে নাযায়, সেয়েহে তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ