--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি কৰুণ ঘটনা সংঘটিত হৈছে। ৪ বছৰীয়া এজনী কণমানি ছোৱালীয়ে ৮ মহীয়া সৰু ভায়েকক পানী বুলি খুৱাই দিলে ডিজেল। যাৰ ফলত ৮ মহীয়া শিশুটোৱে কৰুণ মৃত্যুক সাবটি লয়। এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে নয়ডাত। ঘৰত উপস্থিত আছিল পৰিয়ালৰ সকলো সদস্য। ৪ বছৰীয়া বায়েকে ৮ মহীয়া ভায়েকৰ সৈতে খেলি আছিল। 

হঠাতে ভায়েকে কন্দাত বায়েকে ওচৰতে পৰি থকা এটা বটল তুলি ভায়েকক পানী খুৱাবলৈ ধৰিলে। ছোৱালীজনীয়ে গম পোৱা নাছিল যে বটলটোত পানী নহয় ডিজেলহে আছে। ডিজেল খোৱাৰ লগে লগে শিশুটোৱে জোৰেৰে কান্দিবলৈ ধৰিলে। পৰিয়ালৰ সকলো সদস্যই শিশুটিৰ ওচৰলৈ দৌৰি আহিল। তেওঁলোকে গম পালে যে ছোৱালীজনীয়ে ভায়েকক পানীৰ সলনি ডিজেল খুৱাই দিলে। লগে লগে পৰিয়ালটোৱে শিশুটিক চিকিৎসালয়লৈ লৈ যায় যদিও তিনিদিন চিকিৎসাৰ অন্তত শিশুটিৰ মৃত্যু হয়। 

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ সোধা-পোছাৰ অন্তত জানিব পৰা গ’ল যে ৪ বছৰীয়া বায়েকে বটলত ৰখা ডিজেলক পানী বুলি ভুল কৰি ভায়েকক খাবলৈ দিছিল। বৰ্তমান শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে পৰৱৰ্তী তদন্ত কৰি আছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি