--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি কৰুণ ঘটনা সংঘটিত হৈছে। ৪ বছৰীয়া এজনী কণমানি ছোৱালীয়ে ৮ মহীয়া সৰু ভায়েকক পানী বুলি খুৱাই দিলে ডিজেল। যাৰ ফলত ৮ মহীয়া শিশুটোৱে কৰুণ মৃত্যুক সাবটি লয়। এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে নয়ডাত। ঘৰত উপস্থিত আছিল পৰিয়ালৰ সকলো সদস্য। ৪ বছৰীয়া বায়েকে ৮ মহীয়া ভায়েকৰ সৈতে খেলি আছিল। 

হঠাতে ভায়েকে কন্দাত বায়েকে ওচৰতে পৰি থকা এটা বটল তুলি ভায়েকক পানী খুৱাবলৈ ধৰিলে। ছোৱালীজনীয়ে গম পোৱা নাছিল যে বটলটোত পানী নহয় ডিজেলহে আছে। ডিজেল খোৱাৰ লগে লগে শিশুটোৱে জোৰেৰে কান্দিবলৈ ধৰিলে। পৰিয়ালৰ সকলো সদস্যই শিশুটিৰ ওচৰলৈ দৌৰি আহিল। তেওঁলোকে গম পালে যে ছোৱালীজনীয়ে ভায়েকক পানীৰ সলনি ডিজেল খুৱাই দিলে। লগে লগে পৰিয়ালটোৱে শিশুটিক চিকিৎসালয়লৈ লৈ যায় যদিও তিনিদিন চিকিৎসাৰ অন্তত শিশুটিৰ মৃত্যু হয়। 

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ সোধা-পোছাৰ অন্তত জানিব পৰা গ’ল যে ৪ বছৰীয়া বায়েকে বটলত ৰখা ডিজেলক পানী বুলি ভুল কৰি ভায়েকক খাবলৈ দিছিল। বৰ্তমান শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে পৰৱৰ্তী তদন্ত কৰি আছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ