--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী গৰাকীয়ে সংসদ ভৱনত ৰাজ্যসভাৰ মহাসচিবৰ কাৰ্যালয়ত আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত দ্ৰৌপদী মুৰ্মুৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপি সভাপতি জে পি নড্ডা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুৰ্মুক মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে।

উল্লেখ্য যে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে ১৮ জুলাইত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰামনাথ কোবিন্দৰ পাছত ভাৰতৰ ৰাষ্ট্ৰপতি পদত কোন অধিষ্ঠিত হ’ব, সেই লৈ চৰ্চা চলি থকাৰ মাজতে ২১ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ সংসদীয় কমিটিৰ বৈঠকৰ পিছত মুৰ্মুৰ নাম ঘোষণা কৰা হয়। 

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই জানিবলৈ দিয়া অনুসৰি বৈঠকত ২০ গৰাকী লোকৰ নাম আলোচনা কৰাৰ পিছত সকলোৱে সৰ্বসন্মতিক্ৰমে জনজাতীয় মহিলা নেত্ৰী তথা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰাৰ সিদ্ধান্ত লৈছিল।

শাসকীয় পক্ষৰ এই সিদ্ধান্তৰ পূৰ্বে বিৰোধী দলসমূহে যশোৱন্ত সিনহাক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। জানিব পৰা মতে যশোৱন্ত সিনহাই ২৭ জুনত মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ জুন। 

অৱশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ লক্ষ্য কৰিলে দেখা যায় যে শাসকীয় পক্ষৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ আহিছে। গতিকে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ- ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় প্ৰায় নিশ্চিত বুলি গণ্য কৰা হৈছে। 

দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে মনোনীত হ’বলৈ মাত্ৰ কেইখোজ দূৰত থকা মুৰ্মুৰ প্ৰতি এতিয়া নবীন পাটনায়ক আৰু জগন মোহন ৰেড্ডীয়েও সমৰ্থন আগবঢ়াইছে। এনে অৱস্থাত প্ৰতিভা পাটিলৰ পিছত দেশে দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে