--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী গৰাকীয়ে সংসদ ভৱনত ৰাজ্যসভাৰ মহাসচিবৰ কাৰ্যালয়ত আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত দ্ৰৌপদী মুৰ্মুৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপি সভাপতি জে পি নড্ডা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুৰ্মুক মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে।

উল্লেখ্য যে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে ১৮ জুলাইত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰামনাথ কোবিন্দৰ পাছত ভাৰতৰ ৰাষ্ট্ৰপতি পদত কোন অধিষ্ঠিত হ’ব, সেই লৈ চৰ্চা চলি থকাৰ মাজতে ২১ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ সংসদীয় কমিটিৰ বৈঠকৰ পিছত মুৰ্মুৰ নাম ঘোষণা কৰা হয়। 

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই জানিবলৈ দিয়া অনুসৰি বৈঠকত ২০ গৰাকী লোকৰ নাম আলোচনা কৰাৰ পিছত সকলোৱে সৰ্বসন্মতিক্ৰমে জনজাতীয় মহিলা নেত্ৰী তথা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰাৰ সিদ্ধান্ত লৈছিল।

শাসকীয় পক্ষৰ এই সিদ্ধান্তৰ পূৰ্বে বিৰোধী দলসমূহে যশোৱন্ত সিনহাক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। জানিব পৰা মতে যশোৱন্ত সিনহাই ২৭ জুনত মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ জুন। 

অৱশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ লক্ষ্য কৰিলে দেখা যায় যে শাসকীয় পক্ষৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ আহিছে। গতিকে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ- ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় প্ৰায় নিশ্চিত বুলি গণ্য কৰা হৈছে। 

দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে মনোনীত হ’বলৈ মাত্ৰ কেইখোজ দূৰত থকা মুৰ্মুৰ প্ৰতি এতিয়া নবীন পাটনায়ক আৰু জগন মোহন ৰেড্ডীয়েও সমৰ্থন আগবঢ়াইছে। এনে অৱস্থাত প্ৰতিভা পাটিলৰ পিছত দেশে দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ