--°C
Loading...
Listen to Article
2 min read
80%

ডি়জিটেল ডেস্কঃ বিগত কিছুদিন ধৰি ফেচবুকৰ নাম সলনি হ'ব বুলি চৰ্চা হৈ আছে। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হিচাপে পৰিচিত ফেচবুকৰ নাম সঁচাকৈয়ে সলোৱা হ’ল। ফেচবুকৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছে ‘Meta’. ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গে নিজেই এই কথা জনাইছে আৰু এই নাম কিয় সলোৱা হ’ল তাৰ কাৰণো জুকাৰবাৰ্গে সদৰী কৰিছে।

এতিয়াৰে পৰা ফেচবুক পৰিচিত হ'ব মেটা নামেৰে

২০০৪চনৰ ৪ ফেব্ৰুৱাৰীত ফেচবুকৰ জন্ম হৈছিল। তাৰ পাছত মাৰ্ক জুকাৰবাৰ্গৰ অদমনীয় প্ৰচেষ্টা আৰু সবল নেতৃত্বত ফেচবুকে ক্ৰমশ ইয়াৰ শাখা-প্ৰশাখাসমূহ বিস্তাৰ কৰিছে।আগন্তুক দিনত নতুন যাত্ৰাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জুকাৰবাৰ্গে জানিবলৈ দিয়ে। মাৰ্ক জুকাৰবাৰ্গে কয় যে গ্ৰীক শব্দ ‘বিয়ণ্ড’ (অন্তহীন)ৰ পৰাই আহিছে ‘মেটা’ শব্দটো।

নীলা ৰঙৰ মেটাৰ লগ'টো

আৰু পঢ়কঃ পুনৰ অসুস্থ জুবিন গাৰ্গ,চিকিৎসালয়ত ভৰ্তি

এই শব্দটো নিৰ্বাচন কৰাৰ কাৰণ হৈছে আৰু বহুতো কিবা সৃষ্টি কৰিবলৈ বাকী। আমাৰ সৃষ্টি অন্তহীন হ’ব, সেয়েহে এই নাম ৰখাটো সঠিক হব বুলি সিদ্ধান্ত ল’লো। আমাৰ যাত্ৰাৰ বহু নতুন পথ বাকী-এই ধাৰণাৰ পৰাই ‘Meta’ নাম ৰখা হ’ল ফেচবুকৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ