--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ভুৱা ভিডিঅ'টো কাৰাগাৰত কমলা ৰঙৰ জাম্পঢ্যুট পিন্ধি থিয় হৈ থকা ওবামাৰ দৃশ্যৰে অন্ত পৰে উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে ওবামাক 'উচ্চ পৰ্যায়ৰ নিৰ্বাচনৰ জালিয়াতি'ত ট্রাম্পে অভিযুক্ত কৰিছিল।

ডিজিটেল ডেস্কঃ ফেডাৰেল ব্যুৰ' অব্ ইনভেষ্টিগেশ্যনে (এফ বি আই) আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক গ্ৰেপ্তাৰ কৰাৰ এটা এ আই সৃষ্ট ভিডিঅ' প'ষ্ট কৰি সোমবাৰে ৰাষ্ট্ৰখনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ওবামাৰ বিৰুদ্ধে আক্রমণ বৃদ্ধি কৰে। 'ট্রুথ ছ'চিয়েল'ত প'ষ্ট কৰা এই ভিডিঅ'টো আৰম্ভ হৈছে ওবামাৰ কথাৰে-'বিশেষকৈ ৰাষ্ট্ৰপতি আইনৰ ঊর্ধ্বত।'


তাৰ পাছতে আমেৰিকাৰ বহু ৰাজনীতিকে ভিডিঅ'টোত কয়, 'কোনো আইনৰ ঊর্ধ্বত নহয়।' তাৰ পাছতে ভিডিঅ'টোত দেখা যায় পূৰ্বতে থকা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়তে এফ বি আইৰ দুজন এজেন্টে ওবামাক হেণ্ডকাফ লগোৱা এটা এ আই সৃষ্ট ভিডিঅ'। এই 'গ্ৰেপ্তাৰ'ৰ সময়ত ট্রাম্পে বহি হাঁহি থকা দেখা যায়।


এই ভুৱা ভিডিঅ'টো কাৰাগাৰত কমলা ৰঙৰ জাম্পঢ্যুট পিন্ধি থিয় হৈ থকা ওবামাৰ দৃশ্যৰে অন্ত পৰে উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে ওবামাক 'উচ্চ পৰ্যায়ৰ নিৰ্বাচনৰ জালিয়াতি'ত ট্রাম্পে অভিযুক্ত কৰিছিল।


যোৱা সপ্তাহত আমেৰিকাৰ নেশ্যনেল ইন্টেলিজেন্সৰ সঞ্চালক তুলসী গাবার্ডে কয় যে ট্রাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পথত হেঙাৰ সৃষ্টি কৰিবলৈ ওবামাৰ প্রাক্তন কৰ্মচাৰীয়ে ২০১৬ চনৰ নিৰ্বাচনৰ পাছত ট্রাম্প-ৰাছিয়াৰ ষড়যন্ত্র তত্ত্বৰ সৃষ্টি কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু