--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ভুৱা ভিডিঅ'টো কাৰাগাৰত কমলা ৰঙৰ জাম্পঢ্যুট পিন্ধি থিয় হৈ থকা ওবামাৰ দৃশ্যৰে অন্ত পৰে উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে ওবামাক 'উচ্চ পৰ্যায়ৰ নিৰ্বাচনৰ জালিয়াতি'ত ট্রাম্পে অভিযুক্ত কৰিছিল।

ডিজিটেল ডেস্কঃ ফেডাৰেল ব্যুৰ' অব্ ইনভেষ্টিগেশ্যনে (এফ বি আই) আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক গ্ৰেপ্তাৰ কৰাৰ এটা এ আই সৃষ্ট ভিডিঅ' প'ষ্ট কৰি সোমবাৰে ৰাষ্ট্ৰখনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ওবামাৰ বিৰুদ্ধে আক্রমণ বৃদ্ধি কৰে। 'ট্রুথ ছ'চিয়েল'ত প'ষ্ট কৰা এই ভিডিঅ'টো আৰম্ভ হৈছে ওবামাৰ কথাৰে-'বিশেষকৈ ৰাষ্ট্ৰপতি আইনৰ ঊর্ধ্বত।'


তাৰ পাছতে আমেৰিকাৰ বহু ৰাজনীতিকে ভিডিঅ'টোত কয়, 'কোনো আইনৰ ঊর্ধ্বত নহয়।' তাৰ পাছতে ভিডিঅ'টোত দেখা যায় পূৰ্বতে থকা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়তে এফ বি আইৰ দুজন এজেন্টে ওবামাক হেণ্ডকাফ লগোৱা এটা এ আই সৃষ্ট ভিডিঅ'। এই 'গ্ৰেপ্তাৰ'ৰ সময়ত ট্রাম্পে বহি হাঁহি থকা দেখা যায়।


এই ভুৱা ভিডিঅ'টো কাৰাগাৰত কমলা ৰঙৰ জাম্পঢ্যুট পিন্ধি থিয় হৈ থকা ওবামাৰ দৃশ্যৰে অন্ত পৰে উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে ওবামাক 'উচ্চ পৰ্যায়ৰ নিৰ্বাচনৰ জালিয়াতি'ত ট্রাম্পে অভিযুক্ত কৰিছিল।


যোৱা সপ্তাহত আমেৰিকাৰ নেশ্যনেল ইন্টেলিজেন্সৰ সঞ্চালক তুলসী গাবার্ডে কয় যে ট্রাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পথত হেঙাৰ সৃষ্টি কৰিবলৈ ওবামাৰ প্রাক্তন কৰ্মচাৰীয়ে ২০১৬ চনৰ নিৰ্বাচনৰ পাছত ট্রাম্প-ৰাছিয়াৰ ষড়যন্ত্র তত্ত্বৰ সৃষ্টি কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ