--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নদীমাতৃক দেশ অসমৰ চৰ-চাপৰি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু লোকৰ এক দীৰ্ঘদিনীয়া দাবী অ'বিচি মৰ্যাদা দিয়াৰ। অসমৰ প্ৰায় ৪.৬% এলেকাজুৰি বিস্তৃত হৈ থকা চৰাঞ্চলৰ লোকে বিভিন্ন সময়ত তেওঁলোকৰ দাবী উত্থাপনেৰে প্ৰতিবাদ কৰি আহিছে।

এইবাৰ সাংসদ আব্দুল খালেকে বিষয়টো দৃষ্টিগোচৰ কৰাইছে কেন্দ্ৰক। কংগ্ৰেছী সাংসদগৰাকীয়ে ৰাজ্যৰ চৰাঞ্চলৰ ধৰ্মীয় সংখ্যালঘুক OBC মৰ্যাদা দিয়াৰ দাবীৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰলৈ এক পত্ৰ প্ৰেৰণ কৰে। চৰাঞ্চলৰ বাসিন্দাসকল সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে বুলি তেওঁ পত্ৰখনত উল্লেখ কৰে। লগতে সাংসদগৰাকীয়ে চৰাঞ্চলৰ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰটো সুবিধা তেনেই নগন্য বুলি ব্যক্ত কৰে। সাংসদ খালেকৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে আন এখন পত্ৰ প্ৰেৰণ কৰে। দাবী সম্বলিত খালেকৰ পত্ৰখনৰ বিষয়টো বিভাগীয় বিষয়ববীয়াৰ নিৰীক্ষণত থকা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ