--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ যোৱা কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। চাণক্যৰ নীতিসমূহৰ আধাৰতে আজিও ৰাজনীতি-সমাজনীতি আদি চালিত হৈ আছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। চাণক্যই মানুহৰ চৰিত্ৰ সম্পৰ্কেও বহু কথা কৈ গৈছে। চাণক্যই চতুৰ মানুহৰ তিনিটা লক্ষণৰ কথা উল্লেখ কৰিছে। চাণক্যৰ মতে চতুৰ মানুহে এই তিনিটা কথা কেতিয়াও আনৰ আগত নকয়—

১. আৰ্থিক অৱস্থাৰ কথা
চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উদঙাই নিদিয়ে  । নিজৰ আৰ্থিক অৱস্থা লাওলোৱা যেন হ'লেও সেই কথা আনৰ আগত কৈ লাভ নাই, সেয়া চতুৰ মানুহে ভালদৰে বুজি পায়। আনৰ আগত নিজৰ আৰ্থিক দুৰ্দশাৰ কথা ক'লে আনে উপলুঙা অথবা অৱজ্ঞা কৰিব পাৰে। এই ক্ষেত্ৰত আনে সুবিধাও ল'ব বিচাৰিব পাৰে। সেয়ে চতুৰ মানুহে কেতিয়াও আনৰ আগত নিজৰ আৰ্থিক অৱস্থাৰ কথা প্ৰকাশ নকৰে।

২. আনে  অপমান কৰাৰ কথা
 চতুৰ মানুহে কেতিয়াও কোনোৱাই তেওঁক অপমান কৰিলে সেই কথা আনৰ আগত কৈ সহানুভূতি বিচাৰিবলৈ নাযায়। আনে কৰা অপমানৰ কথা প্ৰচাৰ কৰি ফুৰিলে লোক এজনৰ গুৰুত্ব কমি যায় বুলি চতুৰ মানুহে ভালদৰে বুজি পায়। আনে কৰা অপমানৰ কথা কৈ ফুৰিলে তেওঁ হাঁহিৰ পাত্ৰ হ’ব পাৰে আৰু  আত্মসন্মান হেৰুৱাব পাৰে বুলি চতুৰ মানুহে ভালদৰে জানে। সেয়ে আনে কৰা অপমানৰ কথা তেওঁ নিজৰ মাজতে ৰাখে, সেয়া ৰাষ্ট্ৰ নকৰে।

৩. পত্নীৰ চৰিত্ৰৰ
 চতুৰ মানুহে নিজৰ পত্নীৰ চৰিত্ৰৰ কথা কোনো পৰিস্থিতিতে আনৰ আগত নকয়। পত্নীৰ স্বভাৱ-চৰিত্ৰ যদি বেয়াও হয় সেই বিষয়ে আনক ক'লে আনে হঁহাৰহে সুবিধা পাব। সেয়ে চতুৰ মানুহে নিজৰ পত্নীৰ স্বভাৱৰ কথা কেতিয়াও আনৰ আগত নকয়।তদুপৰি চতুৰ মানুহে কেতিয়াও আনৰ আগত পত্নীক বেয়া ব্যৱহাৰ নকৰে। এনে কৰিলে তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব পাৰে বুলি ভালদৰেই বুজি পায়। সেয়ে চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তিহে  কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ