--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ যোৱা কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। চাণক্যৰ নীতিসমূহৰ আধাৰতে আজিও ৰাজনীতি-সমাজনীতি আদি চালিত হৈ আছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। চাণক্যই মানুহৰ চৰিত্ৰ সম্পৰ্কেও বহু কথা কৈ গৈছে। চাণক্যই চতুৰ মানুহৰ তিনিটা লক্ষণৰ কথা উল্লেখ কৰিছে। চাণক্যৰ মতে চতুৰ মানুহে এই তিনিটা কথা কেতিয়াও আনৰ আগত নকয়—

১. আৰ্থিক অৱস্থাৰ কথা
চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উদঙাই নিদিয়ে  । নিজৰ আৰ্থিক অৱস্থা লাওলোৱা যেন হ'লেও সেই কথা আনৰ আগত কৈ লাভ নাই, সেয়া চতুৰ মানুহে ভালদৰে বুজি পায়। আনৰ আগত নিজৰ আৰ্থিক দুৰ্দশাৰ কথা ক'লে আনে উপলুঙা অথবা অৱজ্ঞা কৰিব পাৰে। এই ক্ষেত্ৰত আনে সুবিধাও ল'ব বিচাৰিব পাৰে। সেয়ে চতুৰ মানুহে কেতিয়াও আনৰ আগত নিজৰ আৰ্থিক অৱস্থাৰ কথা প্ৰকাশ নকৰে।

২. আনে  অপমান কৰাৰ কথা
 চতুৰ মানুহে কেতিয়াও কোনোৱাই তেওঁক অপমান কৰিলে সেই কথা আনৰ আগত কৈ সহানুভূতি বিচাৰিবলৈ নাযায়। আনে কৰা অপমানৰ কথা প্ৰচাৰ কৰি ফুৰিলে লোক এজনৰ গুৰুত্ব কমি যায় বুলি চতুৰ মানুহে ভালদৰে বুজি পায়। আনে কৰা অপমানৰ কথা কৈ ফুৰিলে তেওঁ হাঁহিৰ পাত্ৰ হ’ব পাৰে আৰু  আত্মসন্মান হেৰুৱাব পাৰে বুলি চতুৰ মানুহে ভালদৰে জানে। সেয়ে আনে কৰা অপমানৰ কথা তেওঁ নিজৰ মাজতে ৰাখে, সেয়া ৰাষ্ট্ৰ নকৰে।

৩. পত্নীৰ চৰিত্ৰৰ
 চতুৰ মানুহে নিজৰ পত্নীৰ চৰিত্ৰৰ কথা কোনো পৰিস্থিতিতে আনৰ আগত নকয়। পত্নীৰ স্বভাৱ-চৰিত্ৰ যদি বেয়াও হয় সেই বিষয়ে আনক ক'লে আনে হঁহাৰহে সুবিধা পাব। সেয়ে চতুৰ মানুহে নিজৰ পত্নীৰ স্বভাৱৰ কথা কেতিয়াও আনৰ আগত নকয়।তদুপৰি চতুৰ মানুহে কেতিয়াও আনৰ আগত পত্নীক বেয়া ব্যৱহাৰ নকৰে। এনে কৰিলে তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব পাৰে বুলি ভালদৰেই বুজি পায়। সেয়ে চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তিহে  কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু