--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ধিয়া সময়ত কিছুমান কাম কৰিব নালাগে। সেই কথাবোৰ বহু লোকে মানি চলে আৰু বহু লোকে অন্ধবিশ্বাস বুলি আওকাণ কৰে। কিন্তু বাস্তৱত সেইবোৰৰ আঁৰত এটা গভীৰ অৰ্থ লুকাই আছে, যিটো উলংঘা কৰাৰ বাবে আমি কেতিয়াবা গুৰুতৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। এই ভুলবোৰৰ কাৰণেই হাঁহি-আনন্দৰে ভৰা পৰিয়ালো শেষ হৈ যায় বুলি জ্যোতিষশাস্ত্ৰই বিশ্বাস কৰে। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা কামৰ বিষয়ে ক’ম, যিবোৰ কেতিয়াও সন্ধিয়া সময়ত কৰিব নালাগে।

১) সন্ধিয়া শুব নালাগেঃ সন্ধিয়া যেতিয়া সূৰ্য্য অস্ত যায়, তেতিয়া ভুলতো শুব নালাগে। শাস্ত্ৰ মতে সেই সময়ত পুৱা আৰু গধূলি দুয়োটা সময়ৰ সংমিশ্ৰণ হয়। এনে সময়ত ভগৱানক স্মৰণ কৰিলে শুভ ফল পোৱা যায়। যিসকলে সন্ধিয়া সময়ত শুই থাকে তেওঁলোকৰ জীৱন নানা সমস্যাই আগুৰি ধৰে। সন্ধিয়া শুই থকা মানুহ ৰোগতো আক্ৰান্ত হয়।

২) ঘৰলৈ অহা আলহীক খাদ্য খুৱাওকঃ সনাতন সংস্কৃতিত ঘৰলৈ অহা আলহীক ভগৱানৰ মৰ্যাদা দিয়া হয়। কোৱা হয় যে কোনোবাই যদি সন্ধিয়া ঘৰলৈ আহে তেন্তে তেওঁক কেতিয়াও খালী মুখেৰে উভতাই নপঠাব। বিশ্বাস কৰা হয় যে আলহীয়ে যেতিয়া আহাৰ খাই ঘৰৰ পৰা ওলাই যায় তেতিয়া তেওঁ বহুত আশীৰ্বাদ পৰিয়ালটোলৈ এৰি থৈ যায়।

৩) সন্ধিয়া নখ-চুলি কাটিব নালাগেঃ সূৰ্যাস্তৰ পিছত আঙুলিৰ নখ আৰু মূৰৰ চুলি কাটিলে অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে এনে কৰিলে ঘৰত ধন-সম্পত্তিৰ অভাৱ হোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাইও দেখা দিয়ে। পৰিয়ালত বিসংগতি বাঢ়ি যায়, গতিকে সন্ধিয়া এই কাম পৰিহাৰ কৰা উচিত।

৪) সন্ধিয়া ঘৰ আন্ধাৰ কৰি ৰাখিব নালাগেঃ সূৰ্যাস্তৰ পাছত অপশক্তিৰ প্ৰভাৱ বাঢ়িবলৈ আৰম্ভ কৰে। এনে শক্তিবোৰ আন্ধাৰত অধিক বিপদজনক হৈ পৰে। সূৰ্যাস্তৰ পাছত ঘৰখন কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। তেনে কৰিলে ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পাব পাৰে। সন্ধিয়া ঘৰৰ লাইট জ্বলাই প্ৰভুৰ সন্মুখত চাকি জ্বলাই লাগে।

৫) সন্ধিয়া কাকো ধাৰ নিদিবঃ সন্ধিয়া কোনেও কাকো নিজৰ বস্তু ধাৰলৈ নিদিব। বিশ্বাস কৰা হয় যে এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়, যাৰ বাবে দৰিদ্ৰতা ঘৰত প্ৰৱেশ কৰিবলৈ বেছি সময় নালাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে