--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ধিয়া সময়ত কিছুমান কাম কৰিব নালাগে। সেই কথাবোৰ বহু লোকে মানি চলে আৰু বহু লোকে অন্ধবিশ্বাস বুলি আওকাণ কৰে। কিন্তু বাস্তৱত সেইবোৰৰ আঁৰত এটা গভীৰ অৰ্থ লুকাই আছে, যিটো উলংঘা কৰাৰ বাবে আমি কেতিয়াবা গুৰুতৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। এই ভুলবোৰৰ কাৰণেই হাঁহি-আনন্দৰে ভৰা পৰিয়ালো শেষ হৈ যায় বুলি জ্যোতিষশাস্ত্ৰই বিশ্বাস কৰে। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা কামৰ বিষয়ে ক’ম, যিবোৰ কেতিয়াও সন্ধিয়া সময়ত কৰিব নালাগে।

১) সন্ধিয়া শুব নালাগেঃ সন্ধিয়া যেতিয়া সূৰ্য্য অস্ত যায়, তেতিয়া ভুলতো শুব নালাগে। শাস্ত্ৰ মতে সেই সময়ত পুৱা আৰু গধূলি দুয়োটা সময়ৰ সংমিশ্ৰণ হয়। এনে সময়ত ভগৱানক স্মৰণ কৰিলে শুভ ফল পোৱা যায়। যিসকলে সন্ধিয়া সময়ত শুই থাকে তেওঁলোকৰ জীৱন নানা সমস্যাই আগুৰি ধৰে। সন্ধিয়া শুই থকা মানুহ ৰোগতো আক্ৰান্ত হয়।

২) ঘৰলৈ অহা আলহীক খাদ্য খুৱাওকঃ সনাতন সংস্কৃতিত ঘৰলৈ অহা আলহীক ভগৱানৰ মৰ্যাদা দিয়া হয়। কোৱা হয় যে কোনোবাই যদি সন্ধিয়া ঘৰলৈ আহে তেন্তে তেওঁক কেতিয়াও খালী মুখেৰে উভতাই নপঠাব। বিশ্বাস কৰা হয় যে আলহীয়ে যেতিয়া আহাৰ খাই ঘৰৰ পৰা ওলাই যায় তেতিয়া তেওঁ বহুত আশীৰ্বাদ পৰিয়ালটোলৈ এৰি থৈ যায়।

৩) সন্ধিয়া নখ-চুলি কাটিব নালাগেঃ সূৰ্যাস্তৰ পিছত আঙুলিৰ নখ আৰু মূৰৰ চুলি কাটিলে অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে এনে কৰিলে ঘৰত ধন-সম্পত্তিৰ অভাৱ হোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাইও দেখা দিয়ে। পৰিয়ালত বিসংগতি বাঢ়ি যায়, গতিকে সন্ধিয়া এই কাম পৰিহাৰ কৰা উচিত।

৪) সন্ধিয়া ঘৰ আন্ধাৰ কৰি ৰাখিব নালাগেঃ সূৰ্যাস্তৰ পাছত অপশক্তিৰ প্ৰভাৱ বাঢ়িবলৈ আৰম্ভ কৰে। এনে শক্তিবোৰ আন্ধাৰত অধিক বিপদজনক হৈ পৰে। সূৰ্যাস্তৰ পাছত ঘৰখন কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। তেনে কৰিলে ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পাব পাৰে। সন্ধিয়া ঘৰৰ লাইট জ্বলাই প্ৰভুৰ সন্মুখত চাকি জ্বলাই লাগে।

৫) সন্ধিয়া কাকো ধাৰ নিদিবঃ সন্ধিয়া কোনেও কাকো নিজৰ বস্তু ধাৰলৈ নিদিব। বিশ্বাস কৰা হয় যে এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়, যাৰ বাবে দৰিদ্ৰতা ঘৰত প্ৰৱেশ কৰিবলৈ বেছি সময় নালাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ