--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৫০০ হাজাৰ বছৰ আগতেই চাণক্যই লিখি থৈ গৈছে মানুহৰ জীৱন যাত্ৰাত কামত আহিব পৰাকৈ বহু অমূল্যবাণী৷ চাণ্যকৰ নীতি হিচাবে সমগ্ৰ বিশ্বতে জনাজাত সেই কথাবোৰৰ ভিতৰৰে বহুতৰে প্ৰাসংগিকতা এতিয়াও আছে৷ অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিত চাণক্যৰ বহু নীতি এতিয়া অসাৰ যেনো হৈ পৰিছে৷ 

যিকিনহওঁক, আচাৰ্য চাণক্যই পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্ক আৰু তেওঁলোকৰ দোষৰ বিষয়েও লিখি থৈ গৈছে।চাণক্যৰ মতে পুৰুষতকৈ নাৰীৰ কামনাৰ ভাব আঠগুণ বেছি । কিন্তু সেয়া নাৰীয়ে প্ৰকাশ নকৰে৷  

পুৰুষতকৈ লাজ আৰু সহনশীলতা অধিক হোৱাৰ বাবেই  নাৰীয়ে নিজৰ ভিতৰত থকা কামনাৰ ভাব  প্ৰকাশ নকৰে৷ ইয়াৰ উপৰি নাৰীসকল পুৰুষতকৈ বেছি  সংস্কাৰী হোৱা বাবেই তেওঁলোকে কাম ভাব অবদমন কৰি ৰাখে৷ চাণক্যই মহিলাৰ ভোক, লাজ, সাহস আৰু কাম কৰাৰ আকাংক্ষাৰ বিষয়েও কৈ গৈছে। তেওঁৰ মতে  চাৰিটা বস্তু পুৰুষতকৈ মহিলাৰ বেছি থাকে।
 মহিলাসকল পুৰুষতকৈ বেছি ভোকাতুৰ। তেওঁলোকৰ আনকি অধিক সাহসো আছে।মহিলাগৰাকীৰ  লাজ পুৰুষতকৈ  চাৰিগুণ বেছি। সাহস  ছয় গুণ বেছি৷
  
আচাৰ্য চাণক্যই মহিলাৰ শক্তিৰ বিষয়ে কৈছে । নাৰী পুৰুষৰ তুলনাত দুগুণ ভোকাতুৰ। অৱশ্যে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত, এয়া  অসত্য যেন লাগিব পাৰে। কাৰণ এতিয়া নাৰীসকলৰ  জীৱনশৈলী সলনি হৈছে। বহুতে ডায়েটিং কৰিবলৈ  আৰম্ভ কৰিছে। 
 
বহুতে  কয় যে মহিলাসকল ভয়াতুৰ। অৱশ্যে, আচাৰ্যই কৈছে  যে পুৰুষতকৈ মহিলাসকলৰ সাহস ছয় গুণ বেছি। সেইকাৰণে মহিলাসকলক শক্তি হিচাপে পূজা কৰা হয়। 
(বিঃদ্ৰঃ এই লেখা চাণক্যৰ নীতিৰ ওপৰত আধাৰিত৷ ইয়াত প্ৰাগ নিউজ ডিজিটেলৰ নিজস্ব মতামত প্ৰতিফলিত হোৱা নাই)


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি