--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক। আজিকালি বজাৰত ধাতু, কাঠ, বাঁহ আদিৰে নিৰ্মাণ কৰা জাহাজৰ বিভিন্ন ধৰণৰ সুদৃশ্য প্ৰতিকৃতি কিনিবলৈ পোৱা যায় । এনেধৰণৰ প্ৰতিকৃতি যদি ঘৰৰ বিভিন্ন কোঠাত সজাই ৰখা হয় তেন্তে সেয়া সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হৈ পৰে। থকা ঘৰৰ লগতে কাৰ্যালয় আদিতো যদি জাহাজৰ প্ৰতিকৃতি ৰখা হয় তেন্তে অতি বিস্ময়কৰভাৱে সুখ আৰু সমৃদ্ধিয়ে আহি সকলোৰে লগ দিব।

অৱশ্যে জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব। 

সেয়ে জাহাজৰ সন্মুখভাগ ঘৰৰ ভিতৰৰ দিশে ৰাখিব লাগে যেন জাহাজখন ঘৰৰ ভিতৰলৈহে আহি আছে। টাইটানিক জাহাজৰ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু ঘটিছিল। আজিকালি বজাৰত টাইটানিক জাহাজৰ বহু প্ৰতিকৃতি পোৱা যায়। কিন্তু এনে টাইটানিক জাহাজৰ প্ৰতিকৃতি ঘৰত কেতিয়াও নাৰাখিব। দুৰ্ঘটনাত পতিত হোৱা জাহাজৰ প্ৰতিকৃতিয়ে শুভ ফলৰ সলনি অশুভ ফলহে দিব। 

সেয়ে জাহাজৰ মডেল নির্বাচন কৰোঁতে সাৱধান হ'ব। ঘৰত ৰাখিব বিচৰা জাহাজখনৰ আহি যাত্রীবাহী জাহাজৰ সলনি মাল পৰিবাহী জাহাজৰ আহি হ'লে বেছি ভাল হয়। জাহাজৰ লগত আপুনি কেতবোৰ নকল সোণৰ মুদ্ৰাও একেলগে ৰাখিব পাৰে । যদি নকল সোণৰ মুদ্ৰা পোৱা নাযায় তেন্তে সাধাৰণ মুদ্রাকেই জাহাজৰ সৈতে সজাই থ'লে লক্ষ্মী দেৱীয়ে ঘৰত সহজে প্ৰৱেশ কৰিব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি