--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ অভিযান ‘মোৰ মাটি মোৰ দেশ’এ গঢ়িছে বিশ্ব অভিলেখ৷ গীনিজ বুক অব ৱ’ৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ল মোৰ দেশ মোৰ মাটি অভিযান৷ 

‘মোৰ মাটি মোৰ দেশ’ অভিযানৰ অধীনত প্ৰায় ১০.৪২ লাখ চেলফীৰ অভিলেখ গঢ়ি তোলা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে গীনিজ বুক অব্ ৱ’ৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। 

উল্লেখ্য যে, এই অভিযানৰ জৰিয়তে ভাৰতে চীনৰ অভিলেখ ভংগ কৰিছে৷ চীনত ২০১৬ত সৰ্বাধিকসংখ্যক অনলাইন চেলফীৰ অভিলেখ আছিল, সেয়াও মাত্ৰ এক লাখ চেলফীৰ সৈতে। এতিয়া মহাৰাষ্ট্ৰৰ সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ে মাটিৰ সৈতে ১০,৪২,৫৩৮টা চেলফীৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷

মুম্বাই বিশ্ববিদ্যালয়ত গীনিজ বুক অব্ ৱ’ৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পাছত উপ-মুখ্যমন্ত্ৰী ফাডনাভিছে কয় যে এইটো সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। বিশ্ববিদ্যালয়খনে এটা বিশ্ব অভিলেখ গঢ়িছে। আমাৰ ২৫ লাখ চেলফী আছিল, কিন্তু ১০,৪২,৫৩৮টা চেলফী অনুমোদিত হৈছে। আমি চীনক পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িছোঁ। 

মেৰী মাটি মেৰা দেশ অভিযানক দেশপ্ৰেমৰ প্ৰতীক বুলি উল্লেখ কৰে তেওঁ কয় যে মহাৰাষ্ট্ৰই সম্পূৰ্ণ সমৰ্থনৰ সৈতে এই অভিযানত অংশগ্ৰহণ কৰিছিল। দিল্লীলৈ মাটি প্ৰেৰণ কৰিবলৈ ৰে’লৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।

উপ-মুখ্যমন্ত্ৰী ফাডনাভিছে কৈছিল যে ‘মোৰ মাটি মোৰ দেশ’ অভিযানৰ উদ্দেশ্য আছিল দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা সাহসী সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱা। সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলৰ ৬ লাখতকৈও অধিক গাঁও আৰু চহৰত এই অভিযান চলোৱা হৈছিল। অভিযানটো ৩১ অক্টোবৰত সমাপ্ত হৈছিল। সামৰণি অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক