--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিবাহ হৈছে দুজন ব্যক্তিৰ মিলনৰ শুভক্ষণ৷ বিবাহৰ সময়ত ইজনে-সিজনৰ হাতত ধৰি প্ৰতিজ্ঞাবদ্ধ হয় ৭ জনমলৈ৷ প্ৰতিটো দুখ-সুখৰে সমভাগী হয় দুয়ো৷ কিন্তু বিয়াৰ পাছত যদি ফুলশয্যা নিশাৰ মুহুৰতৰ বাবে ১০ বছৰ অপেক্ষা কৰিব লাগে তেনেহ’লে ই হৈ পৰে বিষাদদায়ক৷ এনে এক ঘটনাৰ সাক্ষী হৈছে ছত্তীশগড়ৰ এজন ব্যক্তি৷ অৱশেষত ছত্তীশগড় উচ্চ ন্যায়ালয়ে ব্যক্তিজনক বিবাহ বিচ্ছেদৰ নিৰ্দেশ দিয়ে৷ জানিব পৰা মতে, শুভমুহুৰতৰ বাবে ১০ বছৰ কাল অপেক্ষ কৰিছিল পত্নীলৈ। য’ত উচ্চ ন্যায়ালয়ে কয়- ‘এয়া পৰিত্যাগৰ সমান।’

একাত্মকতাই বান্ধি ৰাখে দুটি মন৷ সুখী পৰিয়ালৰ বাবে স্বামী-পত্মীৰ মনৰ মিলন অতিকৈ প্ৰয়োজন৷ তাৰবাবে শুভ সময় বিচাৰ কৰিব নালাগে৷ মনে বিচাৰিলেই প্ৰতিটো সময়েই যেন শুভমুহুৰত৷ কিন্তু পত্নীয়ে যেতিয়া বৈবাহিক জীৱন আৰম্ভ কৰিবলৈ শুভ সময়লৈ অপেক্ষা কৰায় এয়া যেন অনাকাংক্ষিত৷

ছত্তীশগড়ৰ সন্তোষ সিং নামৰ এজন লোকৰ ক্ষেত্ৰতো ঘটিছিল সেই অনাকাংক্ষিত ঘটনাটো৷ বিবাহৰ পাছত ফুল শয্যানিশাৰ বাবে এদিন দুদিন নহয় সম্পূৰ্ণ ১০ বছৰ অপেক্ষা কৰাইছিল তেওঁৰ পত্নীয়ে৷ অৱশেষত ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপে সন্তোষ৷ কিন্তু আদালতে এই আৱেদন খাৰিজ কৰিছিল।

আৱেদন অনুসৰি, তেওঁ ২০১০ চনত বিবাহপাশত আবদ্ধ হৈছিল সন্তোষ৷ বিবাহৰ পাছত তেওঁৰ পত্নী সৈতে প্ৰায় ১১ দিন একেলগে বাস কৰিছিল। ইয়াৰ পাছতেই পত্নীৰ পৰিয়ালে ঘৰলৈ গৈছিল তেওঁৰ অৰ্ধাংগিনীক৷ আৰু সন্তোষৰ পৰিয়ালটোক অনুৰোধ কৰিছিল যে, ফুলশয্যা নিশাৰ বাবে শুভমুহুৰত আহিলেহে পত্নীক ওভতাই পাব৷

সম্পূৰ্ণ ১০ বছৰ ধৰি সিং বঞ্চিত হৈছিল দাম্পত্যসুখৰ পৰা৷ আনহাতে পত্নীৰ ভাষ্য অনুসৰি, পত্নীয়ে সন্তোষৰ লগত সুখৰ জীৱন অতিবাহিত কৰিব বিচাৰিছিল কিন্তু তাৰবাবে ফুলশয্যা নিশাৰ সময় অহা নাছিল৷ অৱশেষত আদালতত উত্থাপন হৈছিল এই বিষয়টো৷ আদালতে বিচাৰৰ ভিত্তিত বিবাহ বিচ্ছেদৰ নিৰ্দেশ দিয়ে দুয়োকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি