--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিবাহ হৈছে দুজন ব্যক্তিৰ মিলনৰ শুভক্ষণ৷ বিবাহৰ সময়ত ইজনে-সিজনৰ হাতত ধৰি প্ৰতিজ্ঞাবদ্ধ হয় ৭ জনমলৈ৷ প্ৰতিটো দুখ-সুখৰে সমভাগী হয় দুয়ো৷ কিন্তু বিয়াৰ পাছত যদি ফুলশয্যা নিশাৰ মুহুৰতৰ বাবে ১০ বছৰ অপেক্ষা কৰিব লাগে তেনেহ’লে ই হৈ পৰে বিষাদদায়ক৷ এনে এক ঘটনাৰ সাক্ষী হৈছে ছত্তীশগড়ৰ এজন ব্যক্তি৷ অৱশেষত ছত্তীশগড় উচ্চ ন্যায়ালয়ে ব্যক্তিজনক বিবাহ বিচ্ছেদৰ নিৰ্দেশ দিয়ে৷ জানিব পৰা মতে, শুভমুহুৰতৰ বাবে ১০ বছৰ কাল অপেক্ষ কৰিছিল পত্নীলৈ। য’ত উচ্চ ন্যায়ালয়ে কয়- ‘এয়া পৰিত্যাগৰ সমান।’

একাত্মকতাই বান্ধি ৰাখে দুটি মন৷ সুখী পৰিয়ালৰ বাবে স্বামী-পত্মীৰ মনৰ মিলন অতিকৈ প্ৰয়োজন৷ তাৰবাবে শুভ সময় বিচাৰ কৰিব নালাগে৷ মনে বিচাৰিলেই প্ৰতিটো সময়েই যেন শুভমুহুৰত৷ কিন্তু পত্নীয়ে যেতিয়া বৈবাহিক জীৱন আৰম্ভ কৰিবলৈ শুভ সময়লৈ অপেক্ষা কৰায় এয়া যেন অনাকাংক্ষিত৷

ছত্তীশগড়ৰ সন্তোষ সিং নামৰ এজন লোকৰ ক্ষেত্ৰতো ঘটিছিল সেই অনাকাংক্ষিত ঘটনাটো৷ বিবাহৰ পাছত ফুল শয্যানিশাৰ বাবে এদিন দুদিন নহয় সম্পূৰ্ণ ১০ বছৰ অপেক্ষা কৰাইছিল তেওঁৰ পত্নীয়ে৷ অৱশেষত ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপে সন্তোষ৷ কিন্তু আদালতে এই আৱেদন খাৰিজ কৰিছিল।

আৱেদন অনুসৰি, তেওঁ ২০১০ চনত বিবাহপাশত আবদ্ধ হৈছিল সন্তোষ৷ বিবাহৰ পাছত তেওঁৰ পত্নী সৈতে প্ৰায় ১১ দিন একেলগে বাস কৰিছিল। ইয়াৰ পাছতেই পত্নীৰ পৰিয়ালে ঘৰলৈ গৈছিল তেওঁৰ অৰ্ধাংগিনীক৷ আৰু সন্তোষৰ পৰিয়ালটোক অনুৰোধ কৰিছিল যে, ফুলশয্যা নিশাৰ বাবে শুভমুহুৰত আহিলেহে পত্নীক ওভতাই পাব৷

সম্পূৰ্ণ ১০ বছৰ ধৰি সিং বঞ্চিত হৈছিল দাম্পত্যসুখৰ পৰা৷ আনহাতে পত্নীৰ ভাষ্য অনুসৰি, পত্নীয়ে সন্তোষৰ লগত সুখৰ জীৱন অতিবাহিত কৰিব বিচাৰিছিল কিন্তু তাৰবাবে ফুলশয্যা নিশাৰ সময় অহা নাছিল৷ অৱশেষত আদালতত উত্থাপন হৈছিল এই বিষয়টো৷ আদালতে বিচাৰৰ ভিত্তিত বিবাহ বিচ্ছেদৰ নিৰ্দেশ দিয়ে দুয়োকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক