--°C
Loading...
Listen to Article
2 min read
80%

অষ্ট্ৰেলিয়াঃ যৌনতা,যৌনসম্ভোগৰ দৰে বিষয়বোৰ আলোচনাৰ মজিয়ালৈ আহিলেই তুমুল বিতৰ্কৰ সৃষ্টি হয়। নানা ভ্ৰূকুটি,বিদ্ৰুপৰ হাঁহি,লোক লজ্জাৰ ভয়ত এনে স্পৰ্শকাতৰ বিষয়টোৰ আলোচনাৰ অভাৱে, সজাগতাৰ হেলেম-হেতেম ভাৱে আমাৰ সমাজত বিষবাষ্প বিয়পাই আহিছে। ইয়াৰ বিপৰীতে পশ্চিমীয়া দেশবোৰত এনে বিষয়বোৰ এটা সাধাৰণ পৰিঘটনা হিচাপে চিহ্নিত হৈছে। ইয়াৰ মূলতে হৈছে আলোচনা,পৰ্যালোচনা তথা ব্যাপক সজাগতা। শেহতীয়াকৈ তেনে এক স্পৰ্শকাতৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। শাৰীৰিকভাবে প্ৰতিবন্ধী সকলৰো থাকে যৌনতৃষ্ণা। শুনিবলৈ আচহুৱা যেন লাগিলেও আন সাধাৰণ মানুহৰ যৌন জীৱন তকৈ ব্যতিক্ৰম নহয় প্ৰতিবন্ধীসকল।তেওঁলোকৰো আছে শাৰীৰিক প্ৰয়োজনীয়তা,তেওঁলোকেও বিচাৰে যৌনসংগী।

শেহতীয়াকৈ জীৱন সম্পৰ্কীয় এই বিষয়টোক লৈ আলোকপাত কৰিছে এগৰাকী যৌনকৰ্মীয়ে। অলপতে, যৌনকৰ্মী অলিভ পাৰ্ল আৰু তেওঁৰ সংগী গেভীন থৰ্নিক্ৰফ্টে যৌন অভিজ্ঞতাৰ ভাগ বতৰা কৰিছে। উল্লেখ্য যে,চেৰিব্ৰেল পালছীত ভুগা গেভীনে খোজ কাঢ়িব নোৱাৰে। অৱশ্যে, শাৰীৰিক অক্ষমতাৰ স্বত্বেও যৌন সম্ভোগ উপভোগ কৰিব পাৰে বুলি সদৰী কৰিছে অলিভে। জাৰ্মানীত জন্মগ্ৰহণ কৰা অলিভ পাৰ্লে বৰ্তমান অষ্ট্ৰেলিয়াত বাস কৰে। তেওঁ কয়, ‘গেভীন সাধাৰণ লোকৰ দৰে। তেওঁৰ আন যিকোনো লোকৰ দৰে যৌন সম্ভোগৰ দুৰ্বাৰ ইচ্ছা আছে। যেতিয়া মই তেওঁৰ সৈতে থাকো, সেই সময়খিনি মই উদযাপন কৰোঁ। এক অজান শিহৰণে দোলা দি যায়। কোনো ধৰণৰ অস্বস্তিত ভুগিবলগয়া নহয়। অনাবিল আনন্দ,অনুভৱে ৰোমাঞ্চিত কৰি ৰাখে মোক।'

শাৰীৰিক প্ৰতিবন্ধী হ’লে যে যৌনসম্ভোগ কৰিব নোৱাৰি এই ধাৰণাটো সম্পূৰ্ণ ভুল বুলিও মন্তব্য অলিভ পাৰ্লৰ। তেওঁৰ মতে, ‘প্ৰতিবন্ধীসকলৰ সৈতে যৌনসম্ভোগ কৰাতো কোনো লজ্জাৰ বিষয় নহয়। শোৱাপাটীত অলপ পৰীক্ষা-নিৰীক্ষা…বাকী সকলোবোৰ স্বাভাৱিক।' উল্লেখ্য যে, আজিৰ পৰা সাত মাহ পূৰ্বে অলিভৰ সৈতে পৰিচয় হৈছিল গেভিনৰ। তেতিয়াই তেওঁলোকৰ মাজত গঢ় লৈ উঠে বন্ধুত্ব। অলিভে কয়, ‘গেভীনে মোক বিশ্বাস কৰে কিয়নো মই তেওঁৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰো। আমি এতিয়া বহুত ভাল বন্ধু। আমি একেলগে থাকি বিমল আনন্দ পাওঁ।‘ আনহাতে গেভিনৰ ভাষাত, ‘যৌন সম্ভোগত লিপ্ত হোৱাটো এক স্বাভাৱিক অনুভৱ। কিন্তু এনেকুৱা সংগী পোৱাটো ইমান সহজ নহয়। অলিভে মোক বৰ সন্মান কৰে।' সঁচাকৈ বিশ্বাস আৰু সংশয়ৰ সংঘৰ্ষৰ ফলত বহুতো প্ৰেমিক-প্ৰেমিকাৰ আত্মহননৰ বাতৰিয়ে জোকাৰি যোৱাৰ সময়তে অলিভ-গেভীনৰ প্ৰেম আৰু বিশ্বাসৰ নিৰ্মল সম্পৰ্কই এক অনন্য নজিৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ