--°C
Loading...
Listen to Article
2 min read
80%

অষ্ট্ৰেলিয়াঃ যৌনতা,যৌনসম্ভোগৰ দৰে বিষয়বোৰ আলোচনাৰ মজিয়ালৈ আহিলেই তুমুল বিতৰ্কৰ সৃষ্টি হয়। নানা ভ্ৰূকুটি,বিদ্ৰুপৰ হাঁহি,লোক লজ্জাৰ ভয়ত এনে স্পৰ্শকাতৰ বিষয়টোৰ আলোচনাৰ অভাৱে, সজাগতাৰ হেলেম-হেতেম ভাৱে আমাৰ সমাজত বিষবাষ্প বিয়পাই আহিছে। ইয়াৰ বিপৰীতে পশ্চিমীয়া দেশবোৰত এনে বিষয়বোৰ এটা সাধাৰণ পৰিঘটনা হিচাপে চিহ্নিত হৈছে। ইয়াৰ মূলতে হৈছে আলোচনা,পৰ্যালোচনা তথা ব্যাপক সজাগতা। শেহতীয়াকৈ তেনে এক স্পৰ্শকাতৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। শাৰীৰিকভাবে প্ৰতিবন্ধী সকলৰো থাকে যৌনতৃষ্ণা। শুনিবলৈ আচহুৱা যেন লাগিলেও আন সাধাৰণ মানুহৰ যৌন জীৱন তকৈ ব্যতিক্ৰম নহয় প্ৰতিবন্ধীসকল।তেওঁলোকৰো আছে শাৰীৰিক প্ৰয়োজনীয়তা,তেওঁলোকেও বিচাৰে যৌনসংগী।

শেহতীয়াকৈ জীৱন সম্পৰ্কীয় এই বিষয়টোক লৈ আলোকপাত কৰিছে এগৰাকী যৌনকৰ্মীয়ে। অলপতে, যৌনকৰ্মী অলিভ পাৰ্ল আৰু তেওঁৰ সংগী গেভীন থৰ্নিক্ৰফ্টে যৌন অভিজ্ঞতাৰ ভাগ বতৰা কৰিছে। উল্লেখ্য যে,চেৰিব্ৰেল পালছীত ভুগা গেভীনে খোজ কাঢ়িব নোৱাৰে। অৱশ্যে, শাৰীৰিক অক্ষমতাৰ স্বত্বেও যৌন সম্ভোগ উপভোগ কৰিব পাৰে বুলি সদৰী কৰিছে অলিভে। জাৰ্মানীত জন্মগ্ৰহণ কৰা অলিভ পাৰ্লে বৰ্তমান অষ্ট্ৰেলিয়াত বাস কৰে। তেওঁ কয়, ‘গেভীন সাধাৰণ লোকৰ দৰে। তেওঁৰ আন যিকোনো লোকৰ দৰে যৌন সম্ভোগৰ দুৰ্বাৰ ইচ্ছা আছে। যেতিয়া মই তেওঁৰ সৈতে থাকো, সেই সময়খিনি মই উদযাপন কৰোঁ। এক অজান শিহৰণে দোলা দি যায়। কোনো ধৰণৰ অস্বস্তিত ভুগিবলগয়া নহয়। অনাবিল আনন্দ,অনুভৱে ৰোমাঞ্চিত কৰি ৰাখে মোক।'

শাৰীৰিক প্ৰতিবন্ধী হ’লে যে যৌনসম্ভোগ কৰিব নোৱাৰি এই ধাৰণাটো সম্পূৰ্ণ ভুল বুলিও মন্তব্য অলিভ পাৰ্লৰ। তেওঁৰ মতে, ‘প্ৰতিবন্ধীসকলৰ সৈতে যৌনসম্ভোগ কৰাতো কোনো লজ্জাৰ বিষয় নহয়। শোৱাপাটীত অলপ পৰীক্ষা-নিৰীক্ষা…বাকী সকলোবোৰ স্বাভাৱিক।' উল্লেখ্য যে, আজিৰ পৰা সাত মাহ পূৰ্বে অলিভৰ সৈতে পৰিচয় হৈছিল গেভিনৰ। তেতিয়াই তেওঁলোকৰ মাজত গঢ় লৈ উঠে বন্ধুত্ব। অলিভে কয়, ‘গেভীনে মোক বিশ্বাস কৰে কিয়নো মই তেওঁৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰো। আমি এতিয়া বহুত ভাল বন্ধু। আমি একেলগে থাকি বিমল আনন্দ পাওঁ।‘ আনহাতে গেভিনৰ ভাষাত, ‘যৌন সম্ভোগত লিপ্ত হোৱাটো এক স্বাভাৱিক অনুভৱ। কিন্তু এনেকুৱা সংগী পোৱাটো ইমান সহজ নহয়। অলিভে মোক বৰ সন্মান কৰে।' সঁচাকৈ বিশ্বাস আৰু সংশয়ৰ সংঘৰ্ষৰ ফলত বহুতো প্ৰেমিক-প্ৰেমিকাৰ আত্মহননৰ বাতৰিয়ে জোকাৰি যোৱাৰ সময়তে অলিভ-গেভীনৰ প্ৰেম আৰু বিশ্বাসৰ নিৰ্মল সম্পৰ্কই এক অনন্য নজিৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু