--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিলে। অৱশ্যে ভেকচিনৰ উদ্ভাৱনে সমগ্ৰ বিশ্বৰ লগতে চীনো স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছিল। কিন্তু শেহতীয়াকৈ চীনলৈ পুনৰ ভয়ানক অতীত ঘূৰি আহিছে। চীনত পুনৰ ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে। শেহতীয়াকৈ চীনৰ কেইবাখনো নতুন চহৰ ত লকডাউন ঘোষণা কৰা হৈছে। ৫,২৮০ জন লোক নতুনকৈ ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে, যি কৰোনা মহামাৰীৰ আৰম্ভণিৰ পাছত এই সংখ্যা সৰ্বাধিক। ক’ৰোনাই চীনৰ জিলিন প্ৰদেশত বৰ্তমান তীব্ৰ ৰূপ ধাৰণ কৰিছে। ছি জিন পিঙৰ চৰকাৰে ক’ৰোনাৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ চীনৰ ১০ খন চহৰত লকডাউন ঘোষণা কৰিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰে যে চীনে ক’ৰোনা ভাইৰাছক জৈৱ-অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ বিপৰীতে চীনে দাবী কৰে যে, ভাইৰাছটো য়ুহানৰ সাগৰীয় খাদ্যৰ বজাৰৰ পৰা বিয়পি পৰিছিল। চীনৰ দাবী কিমান সঁচা এই সন্দৰ্ভত এটা শেহতীয়া অধ্যয়নত তাৎপৰ্যপূৰ্ণ তথ্য প্ৰকাশ পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজোনা বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল ৱাৰবেই দাবী কৰিছে যে ভাইৰাছটো জৈৱ-পৰীক্ষাগাৰৰ পৰা নহয় কিন্তু য়ুহানৰ সাগৰীয় খাদ্য বজাৰৰ পৰা বিয়পি পৰে। ২০১৯ চনত কৰোনা সংক্ৰমণৰ বিতং প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই তথ্য আগবঢ়োৱা হৈছে। চীনৰ এই দাবী বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা সন্মত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, ক’ৰোনা সংক্ৰমণ কেৱল চীনতে নহয়, ইউৰোপৰ বহুতো দেশত ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে। পৃথিৱীৰ বহুতো দেশত কৰোনা ভেকছিনৰ বুষ্টাৰ পালি দিয়া আৰম্ভ হৈছে। তেনে ক্ষেত্ৰত, ক’ভিডৰ এই সংক্ৰমণে যথেষ্ট চিন্তাৰ বিষয় বুলি গণ্য কৰা হয়। অৱশ্যে, ভাৰতত ক’ভিডৰ গ্ৰাফ এতিয়া যথেষ্ট নিয়ন্ত্ৰণত আছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব