--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰুছ একাধিপত্যত তচনচ সমগ্ৰ ইউক্ৰেইন। সংহাৰলীলা চলিছে ১৯ দিনে। ইখনৰ পাছত সিখন ইউক্ৰেইনী চহৰ তচনচ কৰিছে ৰুছ মিছাইল আক্ৰমণে। লাখ লাখ লোক গৃহহীন হৈ নিৰাপদ আশ্ৰয়ৰ সন্ধানত অনাই-বনাই ঘূৰি ফুৰিবলগীয়া হৈছে। মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এই বিভীষিকাময় পৰিস্থিতিৰ মাজতো মনত এক অতুলনীয় দৃঢ়তা আৰু আত্মবিশ্বাস লৈ যুঁজ কৰি আছে ইউক্ৰেইন ৰ সৈনিকসকলে। ৰুছ আগ্ৰাসন প্ৰতিৰোধ কৰাটো কঠিন হৈ পৰাৰ পাছতো এতিয়াও যুদ্ধক্ষেত্ৰত অকনো শিথিলতা দেখুওৱা নাই ইউক্ৰেইনৰ সেনাই। দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়েও প্ৰৱল দৃঢ়তা আৰু তীব্ৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি যুদ্ধক্ষেত্ৰত অটল হৈ আছে। তাৰ মাজতে এগৰাকী ইউক্ৰেইনী মহিলা সৈনিকৰ কাহিনীয়ে বিশেষ চৰ্চা লাভ কৰিছে। এইগৰাকী মহিলা সৈনিক হৈছে ভগৱান শিৱৰ পৰম ভক্ত। ভাৰতৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘আজ টক’-এ এইগৰাকী সৈনিকৰ সৈতে কথাবতৰা পতাৰ সময়ত শিৱৰ প্ৰতি তেওঁৰ অগাধ ভক্তি তথা বিশ্বাসৰ কথা পোহৰলৈ আহে। হিন্দু ধৰ্মৰ এইগৰাকী মহান দেৱতাৰ ভক্ত মহিলা সৈনিকগৰাকীয়ে ডিঙিত ত্ৰিশূল আৰু ডম্বৰুৰ প্ৰতীক তথা ৰুদ্ৰাক্ষও পৰিধান কৰে। যুদ্ধভূমিত ‘আজ টক’ৰ সাংবাদিক শ্বেতা সিঙে ইউক্ৰেইনৰ এগৰাকী মহিলা কমাণ্ডোৰ সৈতে কথা পাতিছিল৷ ইউক্ৰেইনৰ এই মহিলা কমাণ্ডোগৰাকীৰ নাম ওলেনা।  কিন্তু তেওঁৰ আছে এটা হিন্দু নামো। হিন্দু দৰ্শন আৰু আদৰ্শক প্ৰতিনিধিত্ব কৰা এই নাম হৈছে অদিতি। অদিতিৰ দেৱতাৰ মাতৃ বুলি গন্য কৰা হয়। অদিতিৰ ভগৱান শিৱৰ ওপৰত যথেষ্ট বিশ্বাস আছে। ওলেনাই বিশ্বাস কৰে যে, শিৱই এতিয়া তেওঁক আৰু তেওঁৰ দেশক ৰাছিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ কয়, মই শিৱ আৰু শক্তিৰ আৰাধনা কৰোঁ আৰু মোৰ ওচৰত শিৱলিংগও আছে। শিৱ শক্তিশালী আৰু মই নিজকে শিৱ শক্তিৰ সৈত যুক্ত হৈ থকা বুলি গণ্য কৰোঁ। ইউক্ৰেইনৰ বাবে এতিয়াৰ সময় হৈছে পৰিৱৰ্তনৰ সময়। মোৰ বিশ্বাস যে শিৱ ইউক্ৰেইনৰ সৈতে আছে। যুদ্ধক্ষেত্ৰত সমৰকৌশল সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া ওলেনা ওৰফে অদিতিৰ এই বিশ্বাসে ইউক্ৰেনৰ ৰুছ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিব পাৰে নে নাই সেয়া সময়েহে ক’ব যদিও ইউক্ৰেইনৰ এগৰাকী সৈনিকৰ হিন্দু দেৱতা এগৰাকীৰ প্ৰতি এই বিশ্বাস তথা হিন্দু দৰ্শন আৰু আদৰ্শৰ প্ৰতি এই শ্ৰদ্ধা তাৎপৰ্যপূৰ্ণ  কথা হিচাপে বিবেচিত হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব