--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰুছ একাধিপত্যত তচনচ সমগ্ৰ ইউক্ৰেইন। সংহাৰলীলা চলিছে ১৯ দিনে। ইখনৰ পাছত সিখন ইউক্ৰেইনী চহৰ তচনচ কৰিছে ৰুছ মিছাইল আক্ৰমণে। লাখ লাখ লোক গৃহহীন হৈ নিৰাপদ আশ্ৰয়ৰ সন্ধানত অনাই-বনাই ঘূৰি ফুৰিবলগীয়া হৈছে। মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এই বিভীষিকাময় পৰিস্থিতিৰ মাজতো মনত এক অতুলনীয় দৃঢ়তা আৰু আত্মবিশ্বাস লৈ যুঁজ কৰি আছে ইউক্ৰেইন ৰ সৈনিকসকলে। ৰুছ আগ্ৰাসন প্ৰতিৰোধ কৰাটো কঠিন হৈ পৰাৰ পাছতো এতিয়াও যুদ্ধক্ষেত্ৰত অকনো শিথিলতা দেখুওৱা নাই ইউক্ৰেইনৰ সেনাই। দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়েও প্ৰৱল দৃঢ়তা আৰু তীব্ৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি যুদ্ধক্ষেত্ৰত অটল হৈ আছে। তাৰ মাজতে এগৰাকী ইউক্ৰেইনী মহিলা সৈনিকৰ কাহিনীয়ে বিশেষ চৰ্চা লাভ কৰিছে। এইগৰাকী মহিলা সৈনিক হৈছে ভগৱান শিৱৰ পৰম ভক্ত। ভাৰতৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘আজ টক’-এ এইগৰাকী সৈনিকৰ সৈতে কথাবতৰা পতাৰ সময়ত শিৱৰ প্ৰতি তেওঁৰ অগাধ ভক্তি তথা বিশ্বাসৰ কথা পোহৰলৈ আহে। হিন্দু ধৰ্মৰ এইগৰাকী মহান দেৱতাৰ ভক্ত মহিলা সৈনিকগৰাকীয়ে ডিঙিত ত্ৰিশূল আৰু ডম্বৰুৰ প্ৰতীক তথা ৰুদ্ৰাক্ষও পৰিধান কৰে। যুদ্ধভূমিত ‘আজ টক’ৰ সাংবাদিক শ্বেতা সিঙে ইউক্ৰেইনৰ এগৰাকী মহিলা কমাণ্ডোৰ সৈতে কথা পাতিছিল৷ ইউক্ৰেইনৰ এই মহিলা কমাণ্ডোগৰাকীৰ নাম ওলেনা।  কিন্তু তেওঁৰ আছে এটা হিন্দু নামো। হিন্দু দৰ্শন আৰু আদৰ্শক প্ৰতিনিধিত্ব কৰা এই নাম হৈছে অদিতি। অদিতিৰ দেৱতাৰ মাতৃ বুলি গন্য কৰা হয়। অদিতিৰ ভগৱান শিৱৰ ওপৰত যথেষ্ট বিশ্বাস আছে। ওলেনাই বিশ্বাস কৰে যে, শিৱই এতিয়া তেওঁক আৰু তেওঁৰ দেশক ৰাছিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ কয়, মই শিৱ আৰু শক্তিৰ আৰাধনা কৰোঁ আৰু মোৰ ওচৰত শিৱলিংগও আছে। শিৱ শক্তিশালী আৰু মই নিজকে শিৱ শক্তিৰ সৈত যুক্ত হৈ থকা বুলি গণ্য কৰোঁ। ইউক্ৰেইনৰ বাবে এতিয়াৰ সময় হৈছে পৰিৱৰ্তনৰ সময়। মোৰ বিশ্বাস যে শিৱ ইউক্ৰেইনৰ সৈতে আছে। যুদ্ধক্ষেত্ৰত সমৰকৌশল সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া ওলেনা ওৰফে অদিতিৰ এই বিশ্বাসে ইউক্ৰেনৰ ৰুছ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিব পাৰে নে নাই সেয়া সময়েহে ক’ব যদিও ইউক্ৰেইনৰ এগৰাকী সৈনিকৰ হিন্দু দেৱতা এগৰাকীৰ প্ৰতি এই বিশ্বাস তথা হিন্দু দৰ্শন আৰু আদৰ্শৰ প্ৰতি এই শ্ৰদ্ধা তাৎপৰ্যপূৰ্ণ  কথা হিচাপে বিবেচিত হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক