--°C
Loading...
Listen to Article
2 min read
80%
চীনত পুনৰবাৰ ক’ভিড-১৯ৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। দুবছৰৰ পাছত চীনত কৰ’না সংক্ৰমণৰ ঘটনা পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। চীনত যোৱা দেওবাৰে ৩,৩৯৩টা নতুন ক’ভিড-১৯ কেচ পঞ্জীভূত হৈছে। যোৱা দুবছৰত এই হাৰ সৰ্বাধিক সংখ্যক সংক্ৰমণ নথিভুক্ত কৰা হৈছে। সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে সি জিনপিং চৰকাৰে চীনত পুনৰ লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছে। চীনৰ উত্তৰ-পূবৰ চহৰ জিলিন প্ৰদেশৰ ৰাজধানী চাংচুনত শুকুৰবাৰে প্ৰশাসনে লকডাউন ঘোষণা কৰিছে। এই চহৰখনৰ মুঠ জনসংখ্যা হৈছে ৯ নিযুত। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ জনবসতিপূৰ্ণ অঞ্চলটোৰ বাসিন্দাসকলক গৃহবন্দী কৰি ৰখা হৈছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয়, ‘২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ক’ভিড-১৯ৰ ৰোগীৰ সৰ্বাধিক দৈনিক সংখ্যা সৰ্বাধিক। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চীনৰ ছাংহাইৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছে আৰু উত্তৰ-পূবৰ বহুতো চহৰত লকডাউন জাৰি কৰা হৈছে। উল্লেখ্য যে, চীনৰ জিলিন চহৰখন আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে। এইটো জানিব পৰা গৈছে যে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বা অত্যধিক প্ৰয়োজন নোহোৱালৈকে এই চহৰখনৰ বাসিন্দাসকলক বাহিৰলৈ যাবলৈ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি চীনৰ সংশ্লিষ্ট চহৰসমূহত বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান বন্ধ কৰিবলৈয়ো নিৰ্দেশনা দিয়া হৈছে। লগতে ইয়াকো জানিব পৰা গৈছে যে এই চহৰখনৰ বাসিন্দাসকলক দৈনিক তিনিবাৰকৈ ক’ভিডৰ বাবে পৰীক্ষা কৰা হ’ব। যদিও পৃথিৱীৰ আন দেশবোৰত ক’ভিডৰ গ্ৰাফ যথেষ্ট নিয়ন্ত্ৰণত আছে যদিও চীন দেশ আকৌ এবাৰ ক’ভিডৰ কবলত পৰা ঘটনাই আন্তঃজাৰ্তিক মহলত এতিয়া চিন্তিত কৰি তুলিছে। চুবুৰীয়া দেশখনত শেহতীয়াকৈ ৩৯৭গৰাকী লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁলোকৰ ভিতৰত ৯৮জন চীনৰ চাংচুন চহৰৰ ওচৰৰ জিলিন প্ৰদেশৰ বাসিন্দা। তাৎপৰ্যপূৰ্ণভাৱে চীনে ক’ভিডৰ বিৰুদ্ধে এক ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছে। অৰ্থাৎ যদি কৰ’না সংক্ৰমণ ক’ৰবাত ধৰা পৰে, তেনেহ’লে সেই অঞ্চল বা অংশত লকডাউন আৰোপ কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত কৰ’না পৰীক্ষাও কৰা হৈছে। ঘটনাক্ৰমে কৰ’নাৰ সংক্ৰামক প্ৰকাৰ অ’মিক্ৰনৰ বাবে চীনত কৰ’না সংক্ৰমণো বৃদ্ধি পাইছিল। মন কৰিবলগীয়া যে ২০২০ চনৰ আৰম্ভণিৰ পৰা ২০২২ চনলৈ, এই দীঘলীয়া সময়ৰ বাবে চীনত এসপ্তাহত কৰ’না সংক্ৰমণ হাজাৰৰ ঘৰ অতিক্ৰম কৰা নাছিল। অৱশ্যে এই সপ্তাহত চীনত হাজাৰ হাজাৰ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে লগে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সমান্তৰালকৈ ভাৰততো চীনৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ