--°C
Loading...
Listen to Article
2 min read
80%
চীনত পুনৰবাৰ ক’ভিড-১৯ৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। দুবছৰৰ পাছত চীনত কৰ’না সংক্ৰমণৰ ঘটনা পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। চীনত যোৱা দেওবাৰে ৩,৩৯৩টা নতুন ক’ভিড-১৯ কেচ পঞ্জীভূত হৈছে। যোৱা দুবছৰত এই হাৰ সৰ্বাধিক সংখ্যক সংক্ৰমণ নথিভুক্ত কৰা হৈছে। সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে সি জিনপিং চৰকাৰে চীনত পুনৰ লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছে। চীনৰ উত্তৰ-পূবৰ চহৰ জিলিন প্ৰদেশৰ ৰাজধানী চাংচুনত শুকুৰবাৰে প্ৰশাসনে লকডাউন ঘোষণা কৰিছে। এই চহৰখনৰ মুঠ জনসংখ্যা হৈছে ৯ নিযুত। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ জনবসতিপূৰ্ণ অঞ্চলটোৰ বাসিন্দাসকলক গৃহবন্দী কৰি ৰখা হৈছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয়, ‘২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ক’ভিড-১৯ৰ ৰোগীৰ সৰ্বাধিক দৈনিক সংখ্যা সৰ্বাধিক। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চীনৰ ছাংহাইৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছে আৰু উত্তৰ-পূবৰ বহুতো চহৰত লকডাউন জাৰি কৰা হৈছে। উল্লেখ্য যে, চীনৰ জিলিন চহৰখন আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে। এইটো জানিব পৰা গৈছে যে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বা অত্যধিক প্ৰয়োজন নোহোৱালৈকে এই চহৰখনৰ বাসিন্দাসকলক বাহিৰলৈ যাবলৈ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি চীনৰ সংশ্লিষ্ট চহৰসমূহত বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান বন্ধ কৰিবলৈয়ো নিৰ্দেশনা দিয়া হৈছে। লগতে ইয়াকো জানিব পৰা গৈছে যে এই চহৰখনৰ বাসিন্দাসকলক দৈনিক তিনিবাৰকৈ ক’ভিডৰ বাবে পৰীক্ষা কৰা হ’ব। যদিও পৃথিৱীৰ আন দেশবোৰত ক’ভিডৰ গ্ৰাফ যথেষ্ট নিয়ন্ত্ৰণত আছে যদিও চীন দেশ আকৌ এবাৰ ক’ভিডৰ কবলত পৰা ঘটনাই আন্তঃজাৰ্তিক মহলত এতিয়া চিন্তিত কৰি তুলিছে। চুবুৰীয়া দেশখনত শেহতীয়াকৈ ৩৯৭গৰাকী লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁলোকৰ ভিতৰত ৯৮জন চীনৰ চাংচুন চহৰৰ ওচৰৰ জিলিন প্ৰদেশৰ বাসিন্দা। তাৎপৰ্যপূৰ্ণভাৱে চীনে ক’ভিডৰ বিৰুদ্ধে এক ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছে। অৰ্থাৎ যদি কৰ’না সংক্ৰমণ ক’ৰবাত ধৰা পৰে, তেনেহ’লে সেই অঞ্চল বা অংশত লকডাউন আৰোপ কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত কৰ’না পৰীক্ষাও কৰা হৈছে। ঘটনাক্ৰমে কৰ’নাৰ সংক্ৰামক প্ৰকাৰ অ’মিক্ৰনৰ বাবে চীনত কৰ’না সংক্ৰমণো বৃদ্ধি পাইছিল। মন কৰিবলগীয়া যে ২০২০ চনৰ আৰম্ভণিৰ পৰা ২০২২ চনলৈ, এই দীঘলীয়া সময়ৰ বাবে চীনত এসপ্তাহত কৰ’না সংক্ৰমণ হাজাৰৰ ঘৰ অতিক্ৰম কৰা নাছিল। অৱশ্যে এই সপ্তাহত চীনত হাজাৰ হাজাৰ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে লগে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সমান্তৰালকৈ ভাৰততো চীনৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান