--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিসকলৰ পোহনীয়া জন্তু আছে তেওঁলোকে বুজি পায় তেওঁলোকৰ বাবে পোহনীয়া জন্তুটো কিমান মৰমৰ। তেওঁলোকে তেওঁলোকৰ পোহনীয়া জন্তুক ইমান ভাল পায় যে সিহঁতৰ বাবে যিকোনো কাম কৰিব পাৰে। শেহতীয়াকৈ এগৰাকী মহিলাই তেওঁৰ পোহনীয়া কুকুৰটোৰ বাবে এনে এটা কাম কৰিছিল, যিটো জানি মানুহে আচৰিত হৈ পৰিছে। দৰাচলতে মহিলাগৰাকীয়ে নিজৰ মৰমৰ কুকুৰটোৰ বাবে ৫ কোটি টকাৰ এডাল হীৰাৰ চেইন গঢ়াইছে। কেৱল সেয়াই নহয় এতিয়া মহিলাগৰাকীয়ে কুকুৰটো আৰু চেইনডালৰ সুৰক্ষাৰ বাবে এজন দেহৰক্ষীও নিয়োগ কৰিছে। ইউকেৰ লণ্ডনত বাস কৰা ৩৭ বছৰীয়া নাথালি নাউফে ৫ কোটি টকা ব্যয় কৰি কুকুৰটোৰ বাবে হীৰাৰ চেইনডাল নিৰ্মাণ কৰাইছিল। এখন কুকুৰ প্ৰদৰ্শনীত যেতিয়া মানুহে কুকুৰটোৰ ডিঙিত হীৰাৰ দামী চেইনডাল দেখিছিল সকলো লোক আচৰিত হৈছিল। চেইনডাল ১৫ কেৰেটৰ হীৰাৰে নিৰ্মিত আছিল। নাথালি নাউফে কৈছিল যে কুকুৰটো আৰু তাৰ ডিঙিত থকা হীৰাৰ চেইনৰ সুৰক্ষাৰ বাবে এজন দেহৰক্ষী নিয়োগ কৰা হৈছে। দেহৰক্ষীজনে সকলো সময়তে কুকুৰটোৰ যত্ন লয়। নাথালিয়ে তেওঁৰ কুকুৰটোৰ বাবে সকলোৱে দেখা কিবা এটা দিব বিচাৰিছিল, সেয়েহে তেওঁ হীৰাৰ চেইনডাল তৈয়াৰ কৰিছিল। নাথালিৰ কুকুৰটো পোমেৰানিয়ান প্ৰজাতিৰ, যাৰ বয়স এতিয়া ৪ বছৰ। আৰু পঢ়কঃ পনিটেল বন্ধা ছোৱালী দেখিলে ল’ৰা উত্তেজিত হয়! স্কুলত পনিটেলৰ ওপৰত নিষেধাজ্ঞা জাৰি BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক