--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিসকলৰ পোহনীয়া জন্তু আছে তেওঁলোকে বুজি পায় তেওঁলোকৰ বাবে পোহনীয়া জন্তুটো কিমান মৰমৰ। তেওঁলোকে তেওঁলোকৰ পোহনীয়া জন্তুক ইমান ভাল পায় যে সিহঁতৰ বাবে যিকোনো কাম কৰিব পাৰে। শেহতীয়াকৈ এগৰাকী মহিলাই তেওঁৰ পোহনীয়া কুকুৰটোৰ বাবে এনে এটা কাম কৰিছিল, যিটো জানি মানুহে আচৰিত হৈ পৰিছে। দৰাচলতে মহিলাগৰাকীয়ে নিজৰ মৰমৰ কুকুৰটোৰ বাবে ৫ কোটি টকাৰ এডাল হীৰাৰ চেইন গঢ়াইছে। কেৱল সেয়াই নহয় এতিয়া মহিলাগৰাকীয়ে কুকুৰটো আৰু চেইনডালৰ সুৰক্ষাৰ বাবে এজন দেহৰক্ষীও নিয়োগ কৰিছে। ইউকেৰ লণ্ডনত বাস কৰা ৩৭ বছৰীয়া নাথালি নাউফে ৫ কোটি টকা ব্যয় কৰি কুকুৰটোৰ বাবে হীৰাৰ চেইনডাল নিৰ্মাণ কৰাইছিল। এখন কুকুৰ প্ৰদৰ্শনীত যেতিয়া মানুহে কুকুৰটোৰ ডিঙিত হীৰাৰ দামী চেইনডাল দেখিছিল সকলো লোক আচৰিত হৈছিল। চেইনডাল ১৫ কেৰেটৰ হীৰাৰে নিৰ্মিত আছিল। নাথালি নাউফে কৈছিল যে কুকুৰটো আৰু তাৰ ডিঙিত থকা হীৰাৰ চেইনৰ সুৰক্ষাৰ বাবে এজন দেহৰক্ষী নিয়োগ কৰা হৈছে। দেহৰক্ষীজনে সকলো সময়তে কুকুৰটোৰ যত্ন লয়। নাথালিয়ে তেওঁৰ কুকুৰটোৰ বাবে সকলোৱে দেখা কিবা এটা দিব বিচাৰিছিল, সেয়েহে তেওঁ হীৰাৰ চেইনডাল তৈয়াৰ কৰিছিল। নাথালিৰ কুকুৰটো পোমেৰানিয়ান প্ৰজাতিৰ, যাৰ বয়স এতিয়া ৪ বছৰ। আৰু পঢ়কঃ পনিটেল বন্ধা ছোৱালী দেখিলে ল’ৰা উত্তেজিত হয়! স্কুলত পনিটেলৰ ওপৰত নিষেধাজ্ঞা জাৰি BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি