--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: বলীউডত এতিয়া বিয়াৰ বতৰা৷ বিকী-কেটৰিনাৰ বিয়াক লৈ বৰ্তমান গৰম হৈ আছে বলীউড৷ ক’ত, কিদৰে বিয়াৰ যোগাৰ চলিছে তাক লৈ এতিয়া অনুৰাগীৰ উৎকণ্ঠাৰ সীমা নাই! ডিচেম্বৰ মাহতে ৰাজস্থানত অনুষ্ঠিত হ’ব বিকী কৌশাল আৰু কেটৰিনা কাঈফৰ বিবাহানুষ্ঠান৷ এই বিয়াত কেটৰিনাৰ হাতত ১লাখ টকীয়া বিশেষ মেহেন্দীয়ে শুৱনি কৰিব দুহাত৷

৭০০ বছৰীয়া পুৰণি বাৰৱাৰ দূৰ্গত সম্পন্ন হ’ব বলীউড যুটিৰ বিবাহ৷ অৱশ্যে এই বিয়াত উপস্থিত থকা লোকসকলে মানিব লাগিব বিশেষ নিয়ম৷ ৰাজস্থানৰ যোধপুৰ পালি জিলাৰ পৰা কেটৰিনালৈ পথাব বিশেষভাৱে প্ৰস্তুত কৰা ছোজাট মেহেন্দী৷ জানিব পৰা মতে ইতিমধ্যে বিকী-কেটৰিনালৈ এই মেহেন্দীৰ নমুনা প্ৰেৰণ কৰিছে৷ সম্পূৰ্ণ হাতেৰে তৈয়াৰ কৰা এই মেহেন্দী কোনো ৰাসায়নিক দ্ৰব্য মিহলি কৰা নহয়৷

উল্লেখ্য যে, মেহেন্দী প্ৰস্তুতকাৰীসকলে জনোৱা মতে কেটৰিনাৰ বিয়াৰ বাবে তৈয়াৰ কৰা এই ছোজাট মেহেন্দী ৫০,০০০ পৰা ১লাখ টকা পৰ্যন্ত মূল্য হয় যদিও তেওঁলোকে সেই মূল্য গ্ৰহণ নকৰে৷ বিয়াৰ উপহাৰ হিচাপে অভিনেত্ৰীগৰাকীলৈ আগবঢ়াব এই মেহেন্দী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ