--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সততে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা চেলিব্ৰিটী সকলৰ নানা দিশ অনুকৰণ কৰিবলৈ প্ৰায়ে চেষ্টা কৰো। ছলমানৰ দৰে বাহু, শ্বাহৰূখৰ দৰে হেয়াৰ ষ্টাইল, দীপিকাৰ দৰে হাঁহি, কেটৰিনাৰ লেখীয়া ক্ষীণকায় শৰীৰ এটা পাবলৈ কাৰনো মনত হেঁপাহ নাজাগিব! পিছে এই হেঁপাহ তথা অত্যুত্‍সাহে সময়ত কাল হৈ পৰা দেখিবলৈ পোৱা যায়। মডেল জেনিফাৰ পেম্পলোনাৰ বিষয়ে আপোনালোকে নিশ্চয় অৱগত। নিজৰ শৰীৰ অৱয়বৰ ৰূপান্তৰৰে একপ্ৰকাৰ ইতিহাসে ৰচিছে জেনিফাৰে। 

জীৱনৰ এটা সময়ত কিম কাৰ্দাছিয়ানৰ ৰূপে বিমোহিত কৰি তুলিছিল জেনিফাৰ পেম্পলোনাক। জেনিফাৰে বিচাৰিছিল কিম কাৰ্দাছিয়ানৰ দৰে দেখিবলৈ হওক তেওঁ। প্ৰত্যাশা অনুসৰি নিজৰ স্বাভাৱিক ৰূপৰ পৰিৱৰ্তে জেনিফাৰ ব্যস্ত হৈ পৰিছিল ৰূপান্তৰৰ পৃথিৱীখনত। ইয়াৰ বাবে ৪০টা কচমেটিক অপাৰেচনৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল জেনিফাৰে। কেৱল মাত্ৰ কাৰ্দিছিয়ানৰ ৰূপ লাভৰ বিনিময়ত ব্যয় হৈছিল লক্ষ লক্ষ টকা। প্ৰায় ৭ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪ কোটি ৬ লাখ ৫৪ হাজাৰ ৩০০ টকা! শুনিবলৈ আশ্চৰ্যকৰ যেন লাগিলেও এয়াই সত্য।

যিটো সময়ত দেশৰ ৰাজভঁৰাল উদং বুলি সততে সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পাওঁ, যিটো সময়ত দেশৰ অৰ্থনীতি পেণ্ডুলামৰ দৰে এক গভীৰ অনিশ্চয়তাৰ মাজেৰে গতি কৰিছে, যিটো সময়ত খাবলৈ নাপাই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে দেশৰ সহস্ৰ নাগৰিকে, তেনে সময়তে কিন্তু কেৱল মাত্ৰ ৰূপ ৰূপান্তৰৰ নামতে এগৰাকী মডেলে এইদৰে কোটি কোটি টকা হাঁহিমুখে উৰুৱাব পাৰিছে। স্বাভাৱিকতে, ভাবিব লগীয়া নহয়নে কথাবোৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ