--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সততে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা চেলিব্ৰিটী সকলৰ নানা দিশ অনুকৰণ কৰিবলৈ প্ৰায়ে চেষ্টা কৰো। ছলমানৰ দৰে বাহু, শ্বাহৰূখৰ দৰে হেয়াৰ ষ্টাইল, দীপিকাৰ দৰে হাঁহি, কেটৰিনাৰ লেখীয়া ক্ষীণকায় শৰীৰ এটা পাবলৈ কাৰনো মনত হেঁপাহ নাজাগিব! পিছে এই হেঁপাহ তথা অত্যুত্‍সাহে সময়ত কাল হৈ পৰা দেখিবলৈ পোৱা যায়। মডেল জেনিফাৰ পেম্পলোনাৰ বিষয়ে আপোনালোকে নিশ্চয় অৱগত। নিজৰ শৰীৰ অৱয়বৰ ৰূপান্তৰৰে একপ্ৰকাৰ ইতিহাসে ৰচিছে জেনিফাৰে। 

জীৱনৰ এটা সময়ত কিম কাৰ্দাছিয়ানৰ ৰূপে বিমোহিত কৰি তুলিছিল জেনিফাৰ পেম্পলোনাক। জেনিফাৰে বিচাৰিছিল কিম কাৰ্দাছিয়ানৰ দৰে দেখিবলৈ হওক তেওঁ। প্ৰত্যাশা অনুসৰি নিজৰ স্বাভাৱিক ৰূপৰ পৰিৱৰ্তে জেনিফাৰ ব্যস্ত হৈ পৰিছিল ৰূপান্তৰৰ পৃথিৱীখনত। ইয়াৰ বাবে ৪০টা কচমেটিক অপাৰেচনৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল জেনিফাৰে। কেৱল মাত্ৰ কাৰ্দিছিয়ানৰ ৰূপ লাভৰ বিনিময়ত ব্যয় হৈছিল লক্ষ লক্ষ টকা। প্ৰায় ৭ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪ কোটি ৬ লাখ ৫৪ হাজাৰ ৩০০ টকা! শুনিবলৈ আশ্চৰ্যকৰ যেন লাগিলেও এয়াই সত্য।

যিটো সময়ত দেশৰ ৰাজভঁৰাল উদং বুলি সততে সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পাওঁ, যিটো সময়ত দেশৰ অৰ্থনীতি পেণ্ডুলামৰ দৰে এক গভীৰ অনিশ্চয়তাৰ মাজেৰে গতি কৰিছে, যিটো সময়ত খাবলৈ নাপাই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে দেশৰ সহস্ৰ নাগৰিকে, তেনে সময়তে কিন্তু কেৱল মাত্ৰ ৰূপ ৰূপান্তৰৰ নামতে এগৰাকী মডেলে এইদৰে কোটি কোটি টকা হাঁহিমুখে উৰুৱাব পাৰিছে। স্বাভাৱিকতে, ভাবিব লগীয়া নহয়নে কথাবোৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু