--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এসময়ৰ বল্ড অভিনেত্ৰী মল্লিকা শ্বেৰাৱট অতি সোনকালে ডাঙৰ পৰ্দালৈ পুনৰ ঘূৰি আহিব। বৰ্তমান মল্লিকা ‘RK’ ছবিৰ প্ৰচাৰত ব্যস্ত হৈ আছে। মল্লিকা শ্বেৰাৱটে ছবিৰ প্ৰম’চনত কয় যে উদ্যোগটোৰ বহুতেই তেওঁৰ শৰীৰ আৰু গ্লেমাৰৰ কথা কয়, কিন্তু তেওঁৰ অভিনয়ৰ কথা কোনেও নকয়। দীপিকা পাডুকনৰ ‘গেহৰাইয়া’ ছবিৰ লগত নিজৰ ছবি তুলনা কৰি মল্লিকা শ্বেৰাৱটে কয় দীপিকাই যি কৰি আছে সেয়া মই ১৫ বছৰ আগতেই কৰিছিলোঁ। 

মই ‘মাৰ্ডাৰ’ ছবিত যি কৰিছিলো সেয়া দীপিকাই ‘গেহৰাইয়া’ ছবিত কৰিলে। মানুহে মাত্ৰ মোৰ বল্ড ইমেজটোৰ কথাহে কয়। মই মাৰ্ডাৰ চিনেমাখন কৰি থাকোঁতে কিমানজনে হুলস্থুল কৰিছিল। মানুহে চুমা আৰু বিকিনিৰ দৃশ্যৰ বিষয়ে বহুত কথা পাতিছিল। কিন্তু শেহতীয়াকৈ দীপিকা পাডুকনে একে কাম কৰি আছে কিন্তু কোনেও একো কোৱা নাই। সেই সময়ত মানুহৰ চিন্তাধাৰা যথেষ্ট ঠেক আছিল। মই আপোনালোকক কওঁ যে ইণ্ডাষ্ট্ৰীটোত বহুত মানুহ আছিল যিয়ে মোক মানসিকভাৱে অত্যাচাৰ কৰিছিল। মই ‘প্যাৰ কে চাইড ইফেক্টছ’ ছবিত ভাল অভিনয় কৰিছিলোঁ কিন্তু সেই ছবিবোৰত মোৰ অভিনয়ৰ কথা কোনেও কোৱা নাছিল।' 

মল্লিকাই লগতে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, “আজি যি ধৰণৰ ছবি আহি আছে, সেইবোৰ মই মোৰ কেৰিয়াৰৰ আৰম্ভণিতে কৰিছিলোঁ। মানুহে আজিৰ ছবিবোৰক নান্দনিক আৰু চেঞ্চুৱেল বুলি কয়, আনহাতে মোৰ ছবিবোৰক হেয়জ্ঞান কৰিছিল। মই চিনেমাত কৰা চৰিত্ৰবোৰৰ বাবেই মোক বাস্তৱ জীৱনত বিচাৰ কৰা হৈছিল। আনকি মানুহে মোক চৰিত্ৰহীন বুলিও কৈছিল। এতিয়া দেখিছো দীপিকা পাডুকনৰ গেহৰাইয়া মোৰ মাৰ্ডাৰতকৈ কোনো গুণে কম নহয়। কিন্তু দীপিকাই যেতিয়া ছবিখন কৰিছিল তেতিয়া তেওঁ গ্লেমাৰচ হৈ পৰিছিল আৰু মোৰ ছবিখনক বেশ্যা দৃষ্টিৰে চোৱা হৈছিল।”

এনেদৰেই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ উজাৰে মল্লিকা শ্বেৰাৱটে। উল্লেখ্য যে মল্লিকাৰ নতুন ছবি ‘RK’ ২২ জুলাইত মুক্তি পাব। ৰজত কাপুৰে পৰিচালনা কৰা ছবিখনত মল্লিকাৰ লগতে কুব্ৰা সৈত, ৰণবীৰ শ্বৰে, মনু ঋষি চাদ্ধা, চন্দ্ৰসুৰ ৰায়, অভিজিত দেশপাণ্ডে, অভিষেক শৰ্মাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু