--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এসময়ৰ বল্ড অভিনেত্ৰী মল্লিকা শ্বেৰাৱট অতি সোনকালে ডাঙৰ পৰ্দালৈ পুনৰ ঘূৰি আহিব। বৰ্তমান মল্লিকা ‘RK’ ছবিৰ প্ৰচাৰত ব্যস্ত হৈ আছে। মল্লিকা শ্বেৰাৱটে ছবিৰ প্ৰম’চনত কয় যে উদ্যোগটোৰ বহুতেই তেওঁৰ শৰীৰ আৰু গ্লেমাৰৰ কথা কয়, কিন্তু তেওঁৰ অভিনয়ৰ কথা কোনেও নকয়। দীপিকা পাডুকনৰ ‘গেহৰাইয়া’ ছবিৰ লগত নিজৰ ছবি তুলনা কৰি মল্লিকা শ্বেৰাৱটে কয় দীপিকাই যি কৰি আছে সেয়া মই ১৫ বছৰ আগতেই কৰিছিলোঁ। 

মই ‘মাৰ্ডাৰ’ ছবিত যি কৰিছিলো সেয়া দীপিকাই ‘গেহৰাইয়া’ ছবিত কৰিলে। মানুহে মাত্ৰ মোৰ বল্ড ইমেজটোৰ কথাহে কয়। মই মাৰ্ডাৰ চিনেমাখন কৰি থাকোঁতে কিমানজনে হুলস্থুল কৰিছিল। মানুহে চুমা আৰু বিকিনিৰ দৃশ্যৰ বিষয়ে বহুত কথা পাতিছিল। কিন্তু শেহতীয়াকৈ দীপিকা পাডুকনে একে কাম কৰি আছে কিন্তু কোনেও একো কোৱা নাই। সেই সময়ত মানুহৰ চিন্তাধাৰা যথেষ্ট ঠেক আছিল। মই আপোনালোকক কওঁ যে ইণ্ডাষ্ট্ৰীটোত বহুত মানুহ আছিল যিয়ে মোক মানসিকভাৱে অত্যাচাৰ কৰিছিল। মই ‘প্যাৰ কে চাইড ইফেক্টছ’ ছবিত ভাল অভিনয় কৰিছিলোঁ কিন্তু সেই ছবিবোৰত মোৰ অভিনয়ৰ কথা কোনেও কোৱা নাছিল।' 

মল্লিকাই লগতে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, “আজি যি ধৰণৰ ছবি আহি আছে, সেইবোৰ মই মোৰ কেৰিয়াৰৰ আৰম্ভণিতে কৰিছিলোঁ। মানুহে আজিৰ ছবিবোৰক নান্দনিক আৰু চেঞ্চুৱেল বুলি কয়, আনহাতে মোৰ ছবিবোৰক হেয়জ্ঞান কৰিছিল। মই চিনেমাত কৰা চৰিত্ৰবোৰৰ বাবেই মোক বাস্তৱ জীৱনত বিচাৰ কৰা হৈছিল। আনকি মানুহে মোক চৰিত্ৰহীন বুলিও কৈছিল। এতিয়া দেখিছো দীপিকা পাডুকনৰ গেহৰাইয়া মোৰ মাৰ্ডাৰতকৈ কোনো গুণে কম নহয়। কিন্তু দীপিকাই যেতিয়া ছবিখন কৰিছিল তেতিয়া তেওঁ গ্লেমাৰচ হৈ পৰিছিল আৰু মোৰ ছবিখনক বেশ্যা দৃষ্টিৰে চোৱা হৈছিল।”

এনেদৰেই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ উজাৰে মল্লিকা শ্বেৰাৱটে। উল্লেখ্য যে মল্লিকাৰ নতুন ছবি ‘RK’ ২২ জুলাইত মুক্তি পাব। ৰজত কাপুৰে পৰিচালনা কৰা ছবিখনত মল্লিকাৰ লগতে কুব্ৰা সৈত, ৰণবীৰ শ্বৰে, মনু ঋষি চাদ্ধা, চন্দ্ৰসুৰ ৰায়, অভিজিত দেশপাণ্ডে, অভিষেক শৰ্মাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ