--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ডেচী গাৰ্লৰ এক খবৰে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছ৷ নিজৰ মতে থাকি ভাল পোৱা অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে সংবাদ মাধ্যমৰ পৰা পৰাপক্ষত এৰাই চলে ৷ প্ৰায় ৩ বছৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বিবাহ পাশত আবদ্ধ হৈছিল৷ দুয়োৱে খুব সুখী জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰিছিল৷

অলপতে প্ৰিয়ংকাই এক ইণ্টাৰভিউত তেওঁৰ জীৱনৰ সকলোতকৈ প্ৰিয় উপহাৰটো নিকে আঙুঠি পিন্ধাওতে দিয়া আঙুঠিটো বুলি মন্তব্য কৰিছিল। কিছুদিন পূৰ্বে লছ এঞ্জেলছৰ ঘৰত নিক-প্ৰিয়ংকাই আনন্দেৰে দীপাৱলী উদযাপন কৰা ফটোও ভাইৰেল হৈছিল। শেহতীয়াকৈ দুয়োজনৰে মাজত গৃহ অন্তঃকন্দলৰ খবৰ আহি পৰিছে৷ খবৰ অনুসৰি, প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তেওঁৰ স্বামীৰ (নিক জোনাছ) উপাধিটো আঁতৰাই দিছিল৷ এতিয়া তেওঁৰ একাউণ্টটোত কেৱল প্ৰিয়ংকা চোপ্ৰা নামটোহে দৃশ্যমান হৈছে।

প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা নিকৰ নাম ডিলিট কৰিছে

চেলিব্ৰিটী দম্পতীৰ লগত হোৱা এনেধৰণৰ বৈবাহিক সম্পৰ্কক লৈ এতিয়া গৰম হৈ পৰে ছচিয়েল মিডিয়া। দুয়োজন লোকৰ সোনকালে বিবাহ বিচ্ছেদ হ’ব বুলি বহুতে লোকে এতিয়া আশংকা ব্যক্ত কৰিছে৷ ইফালে প্ৰিয়ংকাৰ মাতৃয়ে এনেধৰণৰ বিতৰ্কৰ সন্দৰ্ভত কয় যে, ‘‘সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই সকলোবোৰ কথা মিছা আৰু এনেধৰণৰ উৰাবাতৰি মানুহে বিশ্বাস কৰিব নালাগে। আচলতে প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু সালসলনি কৰিছে য'ত প্ৰিয়ংকাই নিজৰ ‘জোনাছ‘ উপাধি উঠাই দিছে।’’ প্ৰিয়ংকাৰ মাতৃয়ে এনেদৰে কয়৷ ইয়াৰ পূর্বেও বলীউড অভিনেত্রী মালাইকা অৰোৰা খানে বিবাহ বিচ্ছেদৰ পূৰ্ব তেওঁৰ স্বামী আৰবাজ খানৰ খান উপাধিটো আঁতৰাই দিছিল। ইয়াকে লৈ এতিয়া সকলোৱে পূৰ্বানুমান কৰিছে যে, প্ৰিয়ংকা আৰু নিকৰ মাজতো এনেধৰণৰ ঘটনা ঘটিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু