--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ডেচী গাৰ্লৰ এক খবৰে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছ৷ নিজৰ মতে থাকি ভাল পোৱা অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে সংবাদ মাধ্যমৰ পৰা পৰাপক্ষত এৰাই চলে ৷ প্ৰায় ৩ বছৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বিবাহ পাশত আবদ্ধ হৈছিল৷ দুয়োৱে খুব সুখী জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰিছিল৷

অলপতে প্ৰিয়ংকাই এক ইণ্টাৰভিউত তেওঁৰ জীৱনৰ সকলোতকৈ প্ৰিয় উপহাৰটো নিকে আঙুঠি পিন্ধাওতে দিয়া আঙুঠিটো বুলি মন্তব্য কৰিছিল। কিছুদিন পূৰ্বে লছ এঞ্জেলছৰ ঘৰত নিক-প্ৰিয়ংকাই আনন্দেৰে দীপাৱলী উদযাপন কৰা ফটোও ভাইৰেল হৈছিল। শেহতীয়াকৈ দুয়োজনৰে মাজত গৃহ অন্তঃকন্দলৰ খবৰ আহি পৰিছে৷ খবৰ অনুসৰি, প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তেওঁৰ স্বামীৰ (নিক জোনাছ) উপাধিটো আঁতৰাই দিছিল৷ এতিয়া তেওঁৰ একাউণ্টটোত কেৱল প্ৰিয়ংকা চোপ্ৰা নামটোহে দৃশ্যমান হৈছে।

প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা নিকৰ নাম ডিলিট কৰিছে

চেলিব্ৰিটী দম্পতীৰ লগত হোৱা এনেধৰণৰ বৈবাহিক সম্পৰ্কক লৈ এতিয়া গৰম হৈ পৰে ছচিয়েল মিডিয়া। দুয়োজন লোকৰ সোনকালে বিবাহ বিচ্ছেদ হ’ব বুলি বহুতে লোকে এতিয়া আশংকা ব্যক্ত কৰিছে৷ ইফালে প্ৰিয়ংকাৰ মাতৃয়ে এনেধৰণৰ বিতৰ্কৰ সন্দৰ্ভত কয় যে, ‘‘সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই সকলোবোৰ কথা মিছা আৰু এনেধৰণৰ উৰাবাতৰি মানুহে বিশ্বাস কৰিব নালাগে। আচলতে প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু সালসলনি কৰিছে য'ত প্ৰিয়ংকাই নিজৰ ‘জোনাছ‘ উপাধি উঠাই দিছে।’’ প্ৰিয়ংকাৰ মাতৃয়ে এনেদৰে কয়৷ ইয়াৰ পূর্বেও বলীউড অভিনেত্রী মালাইকা অৰোৰা খানে বিবাহ বিচ্ছেদৰ পূৰ্ব তেওঁৰ স্বামী আৰবাজ খানৰ খান উপাধিটো আঁতৰাই দিছিল। ইয়াকে লৈ এতিয়া সকলোৱে পূৰ্বানুমান কৰিছে যে, প্ৰিয়ংকা আৰু নিকৰ মাজতো এনেধৰণৰ ঘটনা ঘটিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ