--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তালিবানী শাসনৰ কঠোৰ নাৰী বিদ্বেষী আইনৰ মেৰপাকত সোমাই পৰিছে মহিলা সাংবাদিকসকল। তালিবানে বলৱৎ কৰা টেলিভিছন চেনেল সম্পৰ্কত নাৰীৰ বিৰুদ্ধে কঠোৰ নীতি নিৰ্দেশনা জাৰী কৰিছে। প্ৰকাশিত বাতৰি মতে তালিবানে টেলিভিছন চেনেলসমূহৰ বাবে মুঠ আঠটা নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

১. এই নিৰ্দেশনা অনুসৰি নিউজ চেনেলৰ মহিলা বাতৰি পৰিৱেশকে মূৰত হেডস্কাৰ্ফ পৰিধান কৰাতো বাধ্যতামূলক হ’ব।
২. শ্বৰীয়া বা ইছলামিক আইন আৰু আফগান মূল্যবোধৰ নীতি বিৰোধী চিনেমা সম্প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।
৩. নাৰীক অভিনয় কৰা বাধাৰ দিয়াৰ লগতে পুৰুষৰ শৰীৰৰ স্পৰ্শকাতৰ অংগসমূহৰ প্ৰদৰ্শনতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
৪. কৌতুক বা মনোৰঞ্জনৰ মাধ্যমেৰে আফগান মূল্যবোধ বা ধৰ্মক অপমান কৰাৰ যিকোনো দৃশ্য-শ্ৰব্য মাধ্যমকে নিষিদ্ধ কৰিছে তালিবানে।
৫. বিদেশী সংস্কৃতি বা মূল্যবোধ প্ৰচাৰ কৰা যিকোনো বিদেশী চলচ্চিত্ৰকে আফগানিস্তানৰ ভিতৰত সম্প্ৰচাৰ কৰাত বাধা আৰোপ।
৬. আফগানিস্তানৰ টেলিভিছন চেনেলসমূহত বিদেশী কাহিনীৰে নিৰ্মিত ধাৰাবাহিকত মহিলাই মুখ্য চৰিত্ৰত অভিনয় কৰিলে তালিবানৰ নতুন আইন অনুসৰি সম্প্ৰচাৰ কৰিব নোৱাৰিব।
৭. পুৰুষেও অন স্ক্ৰিনত সম্পূৰ্ণ বস্ত্ৰ পৰিধান কৰিব লাগিব
৮. নবী মহম্মদ তথা সন্মানীয় ব্যক্তিত্বক দেখুওৱা নহ'ব কোনো ছবি বা অনুষ্ঠানত
উল্লেখ্য যে তালিবানে মহিলাসকলক সম্পূৰ্ণৰূপে দমন কৰি ৰখা প্ৰচেষ্টা তথা মহিলা সাংবাদিকসকলৰ ওপৰত দিয়া এই নীতি নিৰ্দেশনাক আফগানিস্তানৰ প্ৰেছ সংগঠনসমূহে অপ্ৰত্যাশিত বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু