--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তালিবানী শাসনৰ কঠোৰ নাৰী বিদ্বেষী আইনৰ মেৰপাকত সোমাই পৰিছে মহিলা সাংবাদিকসকল। তালিবানে বলৱৎ কৰা টেলিভিছন চেনেল সম্পৰ্কত নাৰীৰ বিৰুদ্ধে কঠোৰ নীতি নিৰ্দেশনা জাৰী কৰিছে। প্ৰকাশিত বাতৰি মতে তালিবানে টেলিভিছন চেনেলসমূহৰ বাবে মুঠ আঠটা নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

১. এই নিৰ্দেশনা অনুসৰি নিউজ চেনেলৰ মহিলা বাতৰি পৰিৱেশকে মূৰত হেডস্কাৰ্ফ পৰিধান কৰাতো বাধ্যতামূলক হ’ব।
২. শ্বৰীয়া বা ইছলামিক আইন আৰু আফগান মূল্যবোধৰ নীতি বিৰোধী চিনেমা সম্প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।
৩. নাৰীক অভিনয় কৰা বাধাৰ দিয়াৰ লগতে পুৰুষৰ শৰীৰৰ স্পৰ্শকাতৰ অংগসমূহৰ প্ৰদৰ্শনতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
৪. কৌতুক বা মনোৰঞ্জনৰ মাধ্যমেৰে আফগান মূল্যবোধ বা ধৰ্মক অপমান কৰাৰ যিকোনো দৃশ্য-শ্ৰব্য মাধ্যমকে নিষিদ্ধ কৰিছে তালিবানে।
৫. বিদেশী সংস্কৃতি বা মূল্যবোধ প্ৰচাৰ কৰা যিকোনো বিদেশী চলচ্চিত্ৰকে আফগানিস্তানৰ ভিতৰত সম্প্ৰচাৰ কৰাত বাধা আৰোপ।
৬. আফগানিস্তানৰ টেলিভিছন চেনেলসমূহত বিদেশী কাহিনীৰে নিৰ্মিত ধাৰাবাহিকত মহিলাই মুখ্য চৰিত্ৰত অভিনয় কৰিলে তালিবানৰ নতুন আইন অনুসৰি সম্প্ৰচাৰ কৰিব নোৱাৰিব।
৭. পুৰুষেও অন স্ক্ৰিনত সম্পূৰ্ণ বস্ত্ৰ পৰিধান কৰিব লাগিব
৮. নবী মহম্মদ তথা সন্মানীয় ব্যক্তিত্বক দেখুওৱা নহ'ব কোনো ছবি বা অনুষ্ঠানত
উল্লেখ্য যে তালিবানে মহিলাসকলক সম্পূৰ্ণৰূপে দমন কৰি ৰখা প্ৰচেষ্টা তথা মহিলা সাংবাদিকসকলৰ ওপৰত দিয়া এই নীতি নিৰ্দেশনাক আফগানিস্তানৰ প্ৰেছ সংগঠনসমূহে অপ্ৰত্যাশিত বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ