--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাচ-গান-নৃত্যৰে মুখৰিত হৈ আছিল চৌপাশ। সকলোৱে আনন্দত মতলীয়া হৈ ভাগ লৈছিল এটা বিনন্দীয়া শোভাযাত্ৰাত। সকলোৰে মনত উলাহৰ ঢল। খ্ৰীষ্টমাছৰ আনন্দত সকলোৰে মন ৰঙীন উত্ৰাৱল। নাচি-বাগি, গীত গাই মতলীয়া হৈ থকাৰ মাজতে তেওঁলোকৰ মাজলৈ যে এক ভয়াৱহ দুৰ্যোগ সন্তৰ্পনে ৰৈ আছে সেই কথা কোনেও কল্পনাই কৰিব পৰা নাছিল। কোনেও ভাবিবই পৰা নাছিল যে, কাল অমানিশা লৈ এক ঘাতক তেওঁলোকৰ দিশে আহি আছিল। অৱশেষত সেয়াই হ’ল।

উৎসৱৰ আনন্দত মতলীয়া হৈ থকা লোকসকলৰ আনন্দ-উৎসৱ নিমিষতে কাৰুণ্যলৈ পৰ্যবসিত হ’ল। খ্ৰীষ্টমাছৰ গান-বাদ্যৰ সলনি বাজি উঠিল শোক সংগীত। আনন্দ উৎসৱ পৰিণত হ’ল শোক সমদলত।

ৰাজপথৰ এটা খ্ৰীষ্টমাছৰ সমদলক মহতীয়াই নিলে এখন এছইউভি-এ। ফলত পাঁচজনলৈ লোক নিহত হ’ল থিতাতে। আহত হ’ল আন ৪০ জন লোক। নিমিষতে ৰাজপথ হৈ পৰিল তেজেৰে ৰাঙলী।


ঘটনা সংঘটিত হৈছে আমেৰিকাৰ উইছকনছিন প্ৰদেশৰ ৱেকশ্বা চহৰত। দেওবাৰে নিশা প্ৰায় ১০.৩৯বজাত এই ঘটনা সংঘটিত হয়। বেৰিকেড ভাঙি এখন ৰঙা ৰঙৰ এছইউভি-এ এই বৃহৎসংখ্যক লোকক মহতীয়াই লৈ যায়। ফলত পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন ৪০জনলৈ লোক। ইয়াৰ ভিতৰত ভালেসংখ্যক শিশুও আছে। আহতসকলক সমীপৰ ছখন হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু ঘটনাৰে জড়িত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদৰ কিবা সম্পৰ্ক আছে নে নাই সেয়া জানিব পৰা হোৱা নাই। এই সম্পৰ্কত তদন্ত ঘোষণা কৰিছে প্ৰদেশখনৰ মেয়ৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু