--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাচ-গান-নৃত্যৰে মুখৰিত হৈ আছিল চৌপাশ। সকলোৱে আনন্দত মতলীয়া হৈ ভাগ লৈছিল এটা বিনন্দীয়া শোভাযাত্ৰাত। সকলোৰে মনত উলাহৰ ঢল। খ্ৰীষ্টমাছৰ আনন্দত সকলোৰে মন ৰঙীন উত্ৰাৱল। নাচি-বাগি, গীত গাই মতলীয়া হৈ থকাৰ মাজতে তেওঁলোকৰ মাজলৈ যে এক ভয়াৱহ দুৰ্যোগ সন্তৰ্পনে ৰৈ আছে সেই কথা কোনেও কল্পনাই কৰিব পৰা নাছিল। কোনেও ভাবিবই পৰা নাছিল যে, কাল অমানিশা লৈ এক ঘাতক তেওঁলোকৰ দিশে আহি আছিল। অৱশেষত সেয়াই হ’ল।

উৎসৱৰ আনন্দত মতলীয়া হৈ থকা লোকসকলৰ আনন্দ-উৎসৱ নিমিষতে কাৰুণ্যলৈ পৰ্যবসিত হ’ল। খ্ৰীষ্টমাছৰ গান-বাদ্যৰ সলনি বাজি উঠিল শোক সংগীত। আনন্দ উৎসৱ পৰিণত হ’ল শোক সমদলত।

ৰাজপথৰ এটা খ্ৰীষ্টমাছৰ সমদলক মহতীয়াই নিলে এখন এছইউভি-এ। ফলত পাঁচজনলৈ লোক নিহত হ’ল থিতাতে। আহত হ’ল আন ৪০ জন লোক। নিমিষতে ৰাজপথ হৈ পৰিল তেজেৰে ৰাঙলী।


ঘটনা সংঘটিত হৈছে আমেৰিকাৰ উইছকনছিন প্ৰদেশৰ ৱেকশ্বা চহৰত। দেওবাৰে নিশা প্ৰায় ১০.৩৯বজাত এই ঘটনা সংঘটিত হয়। বেৰিকেড ভাঙি এখন ৰঙা ৰঙৰ এছইউভি-এ এই বৃহৎসংখ্যক লোকক মহতীয়াই লৈ যায়। ফলত পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন ৪০জনলৈ লোক। ইয়াৰ ভিতৰত ভালেসংখ্যক শিশুও আছে। আহতসকলক সমীপৰ ছখন হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু ঘটনাৰে জড়িত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদৰ কিবা সম্পৰ্ক আছে নে নাই সেয়া জানিব পৰা হোৱা নাই। এই সম্পৰ্কত তদন্ত ঘোষণা কৰিছে প্ৰদেশখনৰ মেয়ৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ