--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে চেলুনত নাপিতসকলে গ্ৰাহকৰ সময়খিনি সুন্দৰকৈ পাৰ হ'বৰ বাবে টিভি লগায় ৰাখে বা আন কিছুমানে ননষ্টপ গান বজাই ৰাখে আৰু আন কিছুমানে একো নকৰে। এইখিনিতে এজন অসাধাৰণ নাপিতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নাপিতজনে তেওঁৰ চেলনুত এটা সৰু পুথিভঁৰাল স্থাপন কৰিছে। বহুতো সুন্দৰ সুন্দৰ কিতাপেৰে তেওঁৰ পুথিভঁৰালটো ভৰি আছে।
 গ্ৰাহকসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবৰ বাবে নাপিতজনে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যতিক্ৰমী চেলুনখন তামিলনাডুৰ থুথুকুডিত অৱস্থিত। অসাধাৰণ নাপিতজনৰ নাম পণ মৰিয়াপ্পান। টিভি, মডেলৰ পোষ্টাৰ, কোলাহলপূৰ্ণ গীতৰ পৰা আঁতৰত নিজৰ চেলুনত এটা সৰু পুথিভঁৰাল স্থাপন কৰা তামিলনাডুৰ এই নাপিতগৰাকীক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে৷
 পণৰ পুথিভঁৰালত প্ৰায় ১৫০০ কিতাপ আছে৷ উল্লেখযোগ্য যে কোনো গ্ৰাহকে যদি এই চেলুনত কিতাপ পঢ়ে তেন্তে গ্ৰাহকজনে চুলি কটাৰ ক্ষেত্ৰত ৩০% ৰেহাই পায়। আই এ এছ বিষয়া অৱনীশ শৰণে এই কথা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে সমগ্ৰ বিষয়টো ভাইৰেল হৈ পৰে।
 এতিয়া চেলুনখনলৈ নতুন নতুন গ্ৰাহকৰ আগমন ঘটিছে। ছ'চিয়েল মিডিয়াত সকলোৱে পণ মৰিয়াপ্পানক প্ৰশংসাৰে উপচাই পেলাইছে। পণ মৰিয়াপ্পানৰ পদক্ষেপৰ পৰা বুজিব পাৰি যে সৰু সৰু কামৰ পৰাই সমাজত ডাঙৰ ডাঙৰ পৰিৱৰ্তন আনিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে