--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে চেলুনত নাপিতসকলে গ্ৰাহকৰ সময়খিনি সুন্দৰকৈ পাৰ হ'বৰ বাবে টিভি লগায় ৰাখে বা আন কিছুমানে ননষ্টপ গান বজাই ৰাখে আৰু আন কিছুমানে একো নকৰে। এইখিনিতে এজন অসাধাৰণ নাপিতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নাপিতজনে তেওঁৰ চেলনুত এটা সৰু পুথিভঁৰাল স্থাপন কৰিছে। বহুতো সুন্দৰ সুন্দৰ কিতাপেৰে তেওঁৰ পুথিভঁৰালটো ভৰি আছে।
 গ্ৰাহকসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবৰ বাবে নাপিতজনে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যতিক্ৰমী চেলুনখন তামিলনাডুৰ থুথুকুডিত অৱস্থিত। অসাধাৰণ নাপিতজনৰ নাম পণ মৰিয়াপ্পান। টিভি, মডেলৰ পোষ্টাৰ, কোলাহলপূৰ্ণ গীতৰ পৰা আঁতৰত নিজৰ চেলুনত এটা সৰু পুথিভঁৰাল স্থাপন কৰা তামিলনাডুৰ এই নাপিতগৰাকীক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে৷
 পণৰ পুথিভঁৰালত প্ৰায় ১৫০০ কিতাপ আছে৷ উল্লেখযোগ্য যে কোনো গ্ৰাহকে যদি এই চেলুনত কিতাপ পঢ়ে তেন্তে গ্ৰাহকজনে চুলি কটাৰ ক্ষেত্ৰত ৩০% ৰেহাই পায়। আই এ এছ বিষয়া অৱনীশ শৰণে এই কথা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে সমগ্ৰ বিষয়টো ভাইৰেল হৈ পৰে।
 এতিয়া চেলুনখনলৈ নতুন নতুন গ্ৰাহকৰ আগমন ঘটিছে। ছ'চিয়েল মিডিয়াত সকলোৱে পণ মৰিয়াপ্পানক প্ৰশংসাৰে উপচাই পেলাইছে। পণ মৰিয়াপ্পানৰ পদক্ষেপৰ পৰা বুজিব পাৰি যে সৰু সৰু কামৰ পৰাই সমাজত ডাঙৰ ডাঙৰ পৰিৱৰ্তন আনিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত