--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে পঞ্জাব আৰক্ষীয়ে৷ হাৰিয়ানাৰ পৰা দুগৰাকী অভিযুক্তক আটক কৰাৰ পাছত কালি তৃতীয়গৰাকী অভিযুক্তকো হাৰিয়ানাৰ ফটেহাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে পঞ্জাব আৰক্ষীয়ে৷

সিদ্ধু মুছেৱালাৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এইগৰাকী অভিযুক্তক দেৱেন্দ্ৰ ওৰফে কালা বুলি জানিব পৰা গৈছে৷ পূৰ্বে গ্ৰেপ্তাৰ হোৱা আন দুজন অভিযুক্তৰ তথ্যৰ ভিত্তিত দেৱেন্দ্ৰ ওৰফে কালাক হাৰিয়ানাৰ ফতেহাবাদৰ পৰা যোৱা নিশা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

ইয়াৰ পূৰ্বে, আৰক্ষীয়ে ভীৰদানৰ পৰা পৱন আৰু নাচিব নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল, শেহতীয়াকৈ দেৱেন্দ্ৰ হৈছে ফতেহাবাদ জিলাৰ গ্ৰেপ্তাৰ হোৱা তৃতীয়গৰাকী অভিযুক্ত৷

গোচৰটোত প্ৰথম গ্ৰেপ্তাৰ হৈছিল উত্তৰাখণ্ডৰ মনপ্ৰীত৷ ২৯ মেত পঞ্জাৱৰ মানসা জিলাত অচিনাক্ত আক্ৰমণকাৰীয়ে মুছেৱালাক গুলীয়াই হত্যা কৰিছিল। কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টত এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে