--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে পঞ্জাব আৰক্ষীয়ে৷ হাৰিয়ানাৰ পৰা দুগৰাকী অভিযুক্তক আটক কৰাৰ পাছত কালি তৃতীয়গৰাকী অভিযুক্তকো হাৰিয়ানাৰ ফটেহাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে পঞ্জাব আৰক্ষীয়ে৷

সিদ্ধু মুছেৱালাৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এইগৰাকী অভিযুক্তক দেৱেন্দ্ৰ ওৰফে কালা বুলি জানিব পৰা গৈছে৷ পূৰ্বে গ্ৰেপ্তাৰ হোৱা আন দুজন অভিযুক্তৰ তথ্যৰ ভিত্তিত দেৱেন্দ্ৰ ওৰফে কালাক হাৰিয়ানাৰ ফতেহাবাদৰ পৰা যোৱা নিশা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

ইয়াৰ পূৰ্বে, আৰক্ষীয়ে ভীৰদানৰ পৰা পৱন আৰু নাচিব নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল, শেহতীয়াকৈ দেৱেন্দ্ৰ হৈছে ফতেহাবাদ জিলাৰ গ্ৰেপ্তাৰ হোৱা তৃতীয়গৰাকী অভিযুক্ত৷

গোচৰটোত প্ৰথম গ্ৰেপ্তাৰ হৈছিল উত্তৰাখণ্ডৰ মনপ্ৰীত৷ ২৯ মেত পঞ্জাৱৰ মানসা জিলাত অচিনাক্ত আক্ৰমণকাৰীয়ে মুছেৱালাক গুলীয়াই হত্যা কৰিছিল। কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টত এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত