--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰত এতিয়া ৰেবিছৰ আতংক বিৰাজমান৷  শুকুৰবাৰে লাভ কৰা তথ্য অনুসৰি চেন্নাইত ২৯ জন লোকক কামোৰাৰ পাছত প্ৰহাৰ কৰি হত্যা কৰা এটা কুকুৰৰ নমুনা পৰীক্ষাত ৰেবিজ পজিটিভ পোৱা গৈছে।


বৃহত্তৰ চেন্নাই নিগমে ৰয়পুৰম অঞ্চলত কুকুৰটোৱে কামোৰা ব্যক্তিসকলৰ সংস্পৰ্শত থকা বুলি উল্লেখ কৰি অতি সোনকালে জলাতংক প্ৰতিৰোধী ভেকচিনৰ বেজী ল’বলৈ পৰামৰ্শ দিছে।


মঙলবাৰে কুকুৰটোৱে বিশেষ অঞ্চলৰ একাধিক বাসিন্দাক আক্ৰমণ কৰে, আৰু ভুক্তভোগীক সহায় কৰিবলৈ হস্তক্ষেপ কৰা এজন ব্যক্তিকো কামুৰি দিয়ে। ক্ষুব্ধ স্থানীয় লোকে কুকুৰটোক শিলগুটিৰে আঘাত কৰি পাছত হত্যা কৰে।এই কাণ্ডৰ পাছত নিগমৰ বিষয়াসকলে অঞ্চলটোৰ পৰা আৰু ৩১টা বিপথগামী কুকুৰ ধৰে, আৰু কুকুৰসমূহক জলাতংক ৰোগৰ পৰা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।বিশেষ বিপথগামী কুকুৰৰ বিৰুদ্ধে অভিযান আৰু কুকুৰবোৰৰ বাবে এ আৰ ভি টীকাকৰণো সমগ্ৰ মহানগৰীত চলি আছে।চেন্নাই নগৰ নিগমৰ বিষয়াসকলৰ মতে, এই মাহত মুঠ ১২৪২টা কুকুৰ ধৰা পৰিছে, আৰু ১০০৭টা কুকুৰৰ জন্ম নিয়ন্ত্ৰণ অস্ত্ৰোপচাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ