--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মাণ হৈ আছে ভগৱান ৰামচন্দ্ৰৰ ভব্য মন্দিৰ৷ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ বাবে দেশজুৰি ৰাইজে পাৰ্যমানে অনুদান আগবঢ়াইছে। তেনে সময়তে চৰ্চালৈ আহিছে এজন প্ৰশাসনিক বিষয়াৰ প্ৰসংগ, প্ৰাক্তন আই এ এছ বিষয়া লক্ষ্মীনাৰায়ণনে নিজৰ জীৱনৰ উপাৰ্জন ৰাম মন্দিৰৰ বাবে উৎসৰ্গা কৰিছে।বৰ্তমান ব্যক্তিজনে অযোধ্যাত ১৫১ কেজি ওজনৰ ৰামচৰিতমানসৰ মূৰ্তি নিৰ্মাণ কৰি আছে।উল্লেখ্য যে ৰাম মন্দিৰত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা হ’ব পৰা সময়লৈ সমগ্ৰ দেশে অপেক্ষা কৰি আছে।২২ জানুৱাৰী ২০২৪ত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ অৱশ্যে অভিষেকৰ পাছতো মন্দিৰ নিৰ্মাণৰ কাম অব্যাহত থাকিব। এনে পৰিস্থিতিত বহু লোকে কোটি কোটি ধন মন্দিৰলৈ আগবঢ়াইছে।

ইফালে, লীলাৱতী চিকিৎসালয়ৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ প্ৰধান উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লক্ষ্মী নাৰায়ণনে নিজৰ জীৱনৰ উপাৰ্জন অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ বাবে উৎসৰ্গা কৰিছে। অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠাৰ পাছত ৫ কোটি টকা ব্যয় সাপেক্ষে ১৫১ কেজি ওজনৰ ৰামচৰিতমানস মূৰ্তি স্থাপন কৰিব। নতুন সংসদ ভৱনত স্থাপন কৰা ছেংগোল (দণ্ড) প্ৰস্তুত কৰা কোম্পানীটোৱে সোণেৰে আবৃত ৰামচৰিতমানসৰ ডিজাইন প্ৰস্তুত কৰিছে। এই মূৰ্তি বনাবলৈ আৰু তিনিমাহ সময়ৰ প্ৰয়োজন হ’ব৷

২০২৪ চনৰ ২২ জানুৱাৰীৰ পূৰ্বে মন্দিৰ নিৰ্মাণৰ লক্ষ্যত প্ৰায় ৮০% কাম সম্পূৰ্ণ হৈছে। ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য অনিল মিশ্ৰই এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে “আমি মন্দিৰ নিৰ্মাণৰ লক্ষ্যৰ প্ৰায় ৮০% সম্পূৰ্ণ কৰিছোঁ।মন্দিৰৰ ওপৰৰ অংশত ৭০ টা স্তম্ভ ভাস্কৰ্য শিল্পৰ কাম সম্পূৰ্ণ হৈছে। আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক