--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মাণ হৈ আছে ভগৱান ৰামচন্দ্ৰৰ ভব্য মন্দিৰ৷ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ বাবে দেশজুৰি ৰাইজে পাৰ্যমানে অনুদান আগবঢ়াইছে। তেনে সময়তে চৰ্চালৈ আহিছে এজন প্ৰশাসনিক বিষয়াৰ প্ৰসংগ, প্ৰাক্তন আই এ এছ বিষয়া লক্ষ্মীনাৰায়ণনে নিজৰ জীৱনৰ উপাৰ্জন ৰাম মন্দিৰৰ বাবে উৎসৰ্গা কৰিছে।বৰ্তমান ব্যক্তিজনে অযোধ্যাত ১৫১ কেজি ওজনৰ ৰামচৰিতমানসৰ মূৰ্তি নিৰ্মাণ কৰি আছে।উল্লেখ্য যে ৰাম মন্দিৰত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা হ’ব পৰা সময়লৈ সমগ্ৰ দেশে অপেক্ষা কৰি আছে।২২ জানুৱাৰী ২০২৪ত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ অৱশ্যে অভিষেকৰ পাছতো মন্দিৰ নিৰ্মাণৰ কাম অব্যাহত থাকিব। এনে পৰিস্থিতিত বহু লোকে কোটি কোটি ধন মন্দিৰলৈ আগবঢ়াইছে।

ইফালে, লীলাৱতী চিকিৎসালয়ৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ প্ৰধান উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লক্ষ্মী নাৰায়ণনে নিজৰ জীৱনৰ উপাৰ্জন অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ বাবে উৎসৰ্গা কৰিছে। অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠাৰ পাছত ৫ কোটি টকা ব্যয় সাপেক্ষে ১৫১ কেজি ওজনৰ ৰামচৰিতমানস মূৰ্তি স্থাপন কৰিব। নতুন সংসদ ভৱনত স্থাপন কৰা ছেংগোল (দণ্ড) প্ৰস্তুত কৰা কোম্পানীটোৱে সোণেৰে আবৃত ৰামচৰিতমানসৰ ডিজাইন প্ৰস্তুত কৰিছে। এই মূৰ্তি বনাবলৈ আৰু তিনিমাহ সময়ৰ প্ৰয়োজন হ’ব৷

২০২৪ চনৰ ২২ জানুৱাৰীৰ পূৰ্বে মন্দিৰ নিৰ্মাণৰ লক্ষ্যত প্ৰায় ৮০% কাম সম্পূৰ্ণ হৈছে। ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য অনিল মিশ্ৰই এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে “আমি মন্দিৰ নিৰ্মাণৰ লক্ষ্যৰ প্ৰায় ৮০% সম্পূৰ্ণ কৰিছোঁ।মন্দিৰৰ ওপৰৰ অংশত ৭০ টা স্তম্ভ ভাস্কৰ্য শিল্পৰ কাম সম্পূৰ্ণ হৈছে। আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ