--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিকা আৰু পঢ়া-শুনাৰ বাবে কোনো বয়স নাথাকে। যদি ইচ্ছাশক্তি প্ৰবল থাকে যিকোনো বয়সত যিকোনো অসাধ্য সাধন কৰিব পাৰি। সেই কথা প্ৰমাণ কৰি দেখুৱালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌটালাই(Om Prakash Chautala)।  ৮৭ বছৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।  ওম প্ৰকাশ চৌটালাই ৰাজনীতিৰ লগতে শিক্ষাৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰমাণ কৰিছে। 

সোমবাৰে ভিৱানীত বীৰ শিৰোমণি মহাৰাণা প্ৰতাপৰ ৪২৮ তম জন্ম জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা ইণ্ডিয়ান নেচনেল লোক দলৰ (এনডি) নেতা ওম প্ৰকাশ চৌটালাক হাৰিয়ানা শিক্ষা পৰিষদৰ বিষয়াসকলে তেওঁৰ মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। পৰীক্ষাত সৰ্বোচ্চ ইংৰাজী বিষয়ত তেওঁ ১০০ৰ ভিতৰত 88 নম্বৰ লাভ কৰিছিল। চৌটালা দুৰ্নীতিৰ অভিযোগত কাৰাগাৰত আছিল। তেওঁ তাৰ পৰা পঢ়া শুনা আৰু প্ৰস্তুতি কৰিছিল। 

অভিনেতা অভিষেক বচ্চনে তেওঁৰ সফলতাৰ বাবে তেওঁক অভিনন্দন জনাইছে। দৰাচলতে কেইদিনমান আগতে মুক্তি পোৱা অভিনেতা অভিষেক বচ্চনৰ ছবি 'দছৱী'ৰ(Dasvi)কাহিনী ওম প্ৰকাশ চৌটালাৰ জীৱনৰ সৈতে একে। ইয়াতো এজন প্ৰাক্তন মুখ্যমন্ত্ৰী দুৰ্নীতিৰ অভিযোগত কাৰাগাৰলৈ যায় আৰু তাৰ পৰা তেওঁ পঢ়া শুনা সম্পূৰ্ণ কৰে আৰু দশম পৰীক্ষাত উত্তীৰ্ণ হয়। 

উল্লেখ্য যে  ইয়াৰ পূৰ্বে ওম প্ৰকাশ চৌটালাই দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। এই বয়সত এই পৰীক্ষা দিয়া আৰু উত্তীৰ্ণ হোৱাটো এক ডাঙৰ সাফল্য। ওম প্ৰকাশ চৌটালাৰ সমৰ্থকসকলে তেওঁৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন