--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিকা আৰু পঢ়া-শুনাৰ বাবে কোনো বয়স নাথাকে। যদি ইচ্ছাশক্তি প্ৰবল থাকে যিকোনো বয়সত যিকোনো অসাধ্য সাধন কৰিব পাৰি। সেই কথা প্ৰমাণ কৰি দেখুৱালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌটালাই(Om Prakash Chautala)।  ৮৭ বছৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।  ওম প্ৰকাশ চৌটালাই ৰাজনীতিৰ লগতে শিক্ষাৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰমাণ কৰিছে। 

সোমবাৰে ভিৱানীত বীৰ শিৰোমণি মহাৰাণা প্ৰতাপৰ ৪২৮ তম জন্ম জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা ইণ্ডিয়ান নেচনেল লোক দলৰ (এনডি) নেতা ওম প্ৰকাশ চৌটালাক হাৰিয়ানা শিক্ষা পৰিষদৰ বিষয়াসকলে তেওঁৰ মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। পৰীক্ষাত সৰ্বোচ্চ ইংৰাজী বিষয়ত তেওঁ ১০০ৰ ভিতৰত 88 নম্বৰ লাভ কৰিছিল। চৌটালা দুৰ্নীতিৰ অভিযোগত কাৰাগাৰত আছিল। তেওঁ তাৰ পৰা পঢ়া শুনা আৰু প্ৰস্তুতি কৰিছিল। 

অভিনেতা অভিষেক বচ্চনে তেওঁৰ সফলতাৰ বাবে তেওঁক অভিনন্দন জনাইছে। দৰাচলতে কেইদিনমান আগতে মুক্তি পোৱা অভিনেতা অভিষেক বচ্চনৰ ছবি 'দছৱী'ৰ(Dasvi)কাহিনী ওম প্ৰকাশ চৌটালাৰ জীৱনৰ সৈতে একে। ইয়াতো এজন প্ৰাক্তন মুখ্যমন্ত্ৰী দুৰ্নীতিৰ অভিযোগত কাৰাগাৰলৈ যায় আৰু তাৰ পৰা তেওঁ পঢ়া শুনা সম্পূৰ্ণ কৰে আৰু দশম পৰীক্ষাত উত্তীৰ্ণ হয়। 

উল্লেখ্য যে  ইয়াৰ পূৰ্বে ওম প্ৰকাশ চৌটালাই দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। এই বয়সত এই পৰীক্ষা দিয়া আৰু উত্তীৰ্ণ হোৱাটো এক ডাঙৰ সাফল্য। ওম প্ৰকাশ চৌটালাৰ সমৰ্থকসকলে তেওঁৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ