--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এগৰাকী নৱবিবাহিতাই বিয়াৰ এমাহৰ ভিতৰতে বাছি লয় আত্মহত্যাৰ পথ৷ ২৭ বছৰীয়া মহিলাগৰাকীয়ে কুড্ডালোৰত তেওঁৰ স্বামীৰ গৃহত শৌচাগাৰৰ অভাৱৰ বাবেই এই পথ বাছি লোৱা বুলি জানিব পৰা গৈছে৷ দম্পতীহালে ৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল। এক প্ৰতিবেদন অনুসৰি কুড্ডালোৰ জিলাৰ এৰিচিপেৰিয়াঙ্কুপ্পামৰ এমএছচি স্নাতক ৰামিয়াই এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত আছিল। 

দম্পতীহাল দুবছৰতকৈও অধিক সময় ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু তেওঁলোকে ৬ এপ্ৰিলত পিতৃ-মাতৃৰ ইচ্ছাৰ অনুসৰিয়েই বিবাহপাশত আবদ্ধ হৈছিল। মাকৰ সৈতে বাস কৰা ৰম্য বিয়াৰ পাছত স্বামীৰ ঘৰলৈ গুচি গৈছিল। তাৰ পাছতে জানিব পাৰিলে যে তেওঁৰ স্বামীৰ ঘৰত শৌচাগাৰ নাই। এই বিষয়টোক লৈ দম্পতীহালৰ মাজত তৰ্কৰো সূত্ৰপাত হৈছিল৷ লগতে মহিলাগৰাকীয়ে স্বামীক কুড্ডালোৰত শৌচাগাৰৰ সৈতে এটা ঘৰ বিচাৰিবলৈ আহ্বান জনাইছিল। 

অন্যহাতে, ৰম্যই তেওঁৰ মাকৰ কাষলৈ পুনৰ ঘূৰি আহিছিল যদিও সোমবাৰে ৰম্যই কাৰ্তিকেয়ানৰ সৈতে নতুন ঘৰলৈ যোৱাৰ বিষয়ে পুনৰ কথা পাতি পুনৰ বিবাদতহে লিপ্ত হৈছিল। তাৰ পাছতে ৰম্যই আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি লয় বুলি জানিব পৰা গৈছে। ৰম্যৰ মাকে কোঠাত প্ৰৱেশ কৰি জীয়েকক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু লগে লগে কুড্ডালোৰ চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিল। 

চিকিৎসকসকলে উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ (জেআইপিএমইআৰ) প্ৰেৰণ কৰিছিল যদিও ৰম্যৰ মৃত্যু হয়। ইয়াৰ পাছত ৰম্যৰ মাতৃ মঞ্জুলাই থিৰুপাথিৰুপুলিয়ুৰ আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন