--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এগৰাকী নৱবিবাহিতাই বিয়াৰ এমাহৰ ভিতৰতে বাছি লয় আত্মহত্যাৰ পথ৷ ২৭ বছৰীয়া মহিলাগৰাকীয়ে কুড্ডালোৰত তেওঁৰ স্বামীৰ গৃহত শৌচাগাৰৰ অভাৱৰ বাবেই এই পথ বাছি লোৱা বুলি জানিব পৰা গৈছে৷ দম্পতীহালে ৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল। এক প্ৰতিবেদন অনুসৰি কুড্ডালোৰ জিলাৰ এৰিচিপেৰিয়াঙ্কুপ্পামৰ এমএছচি স্নাতক ৰামিয়াই এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত আছিল। 

দম্পতীহাল দুবছৰতকৈও অধিক সময় ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু তেওঁলোকে ৬ এপ্ৰিলত পিতৃ-মাতৃৰ ইচ্ছাৰ অনুসৰিয়েই বিবাহপাশত আবদ্ধ হৈছিল। মাকৰ সৈতে বাস কৰা ৰম্য বিয়াৰ পাছত স্বামীৰ ঘৰলৈ গুচি গৈছিল। তাৰ পাছতে জানিব পাৰিলে যে তেওঁৰ স্বামীৰ ঘৰত শৌচাগাৰ নাই। এই বিষয়টোক লৈ দম্পতীহালৰ মাজত তৰ্কৰো সূত্ৰপাত হৈছিল৷ লগতে মহিলাগৰাকীয়ে স্বামীক কুড্ডালোৰত শৌচাগাৰৰ সৈতে এটা ঘৰ বিচাৰিবলৈ আহ্বান জনাইছিল। 

অন্যহাতে, ৰম্যই তেওঁৰ মাকৰ কাষলৈ পুনৰ ঘূৰি আহিছিল যদিও সোমবাৰে ৰম্যই কাৰ্তিকেয়ানৰ সৈতে নতুন ঘৰলৈ যোৱাৰ বিষয়ে পুনৰ কথা পাতি পুনৰ বিবাদতহে লিপ্ত হৈছিল। তাৰ পাছতে ৰম্যই আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি লয় বুলি জানিব পৰা গৈছে। ৰম্যৰ মাকে কোঠাত প্ৰৱেশ কৰি জীয়েকক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু লগে লগে কুড্ডালোৰ চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিল। 

চিকিৎসকসকলে উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ (জেআইপিএমইআৰ) প্ৰেৰণ কৰিছিল যদিও ৰম্যৰ মৃত্যু হয়। ইয়াৰ পাছত ৰম্যৰ মাতৃ মঞ্জুলাই থিৰুপাথিৰুপুলিয়ুৰ আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ