--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰী সাংবাদিক আৰু বাতৰি ৱেবছাইট দ্য কাশ্মীৰ ৱালাৰ সম্পাদক ফাহাদ শ্বাহক  ছ'চিয়েল মিডিয়াত "সন্ত্ৰাসবাদী কাৰ্যকলাপক উদগনি যোগোৱা" আৰু দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সংঘৰ্ষৰ বিষয়ে "ভুল প্ৰতিবেদন" প্ৰকাশ কৰাৰ  অভিযোগত  গ্ৰেপ্তাৰ কৰা হৈছিল।কাৰাগাৰত প্ৰায় দুবছৰ  থকাৰ পিছত সাংবাদিকগৰাকীক  জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে।

ফাহাদৰ বিৰুদ্ধে ৰাজহুৱা সুৰক্ষা আইনৰ (পিএছএ) অধীনত গোচৰ ৰুজু কৰা হৈছিল আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। 


অৱশেষত উচ্চ ন্যায়ালয়ে ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও গুৰুতৰ অভিযোগ খাৰিজ কৰে, যাৰ ভিতৰত আছে "সন্ত্ৰাসবাদক উজগনি যোগোৱা", "দেশৰ বিৰুদ্ধে যুদ্ধ কৰা" আৰু "শত্ৰুতা বৃদ্ধি কৰা"ৰ দৰে অভিযোগ।

অৱশ্যে তেওঁ ইউএপিএৰ ধাৰা ১৮  আৰু আইনৰ বিৰুদ্ধভাবে  বিদেশী পুঁজি লাভ  কৰাৰ  অভিযোগত  বিচাৰৰ সন্মুখীন হ'ব। 
ইউ.এ.পি.এ.-ৰ ধাৰা ১৮ -ত কোৱা হৈছে যে "যিকোনো ব্যক্তিয়ে যিকোনো সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিবলৈ প্ৰৰোচিত, পৰামৰ্শ বা (প্ৰত্যক্ষ বা জ্ঞাতভাৱে উদগনি দিয়া) ষড়যন্ত্ৰ কৰিলে বা উদগনি দিলে তেওঁক কাৰাবাসৰ শাস্তি দিয়া হ'ব,  কাৰাবাসৰ ম্যাদ পাঁচ বছৰতকৈ কম নহ'ব । সেয়া  আজীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ'ব পাৰে আৰু জৰিমনাও হ’ব  পাৰে। ’’



জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কৈছিল যে ফাহাদ তেনে বহু "সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ" ভিতৰৰে এজন ,   যাৰ পোষ্টবোৰ "সন্ত্ৰাসবাদী কাৰ্যকলাপক  উদগনি যোগোৱাৰ  সমান"। 

তেওঁলোকৰ বিৰুদ্ধে "জম্মু-কাশ্মীৰত অস্থিৰতা সৃষ্টি কৰা,  যুৱক-যুৱতীসকলক হিংসাৰ পথ গ্ৰহণ কৰিবলৈ  উদগনি দিয়া আৰু সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰা"ৰ দৰে অভিযোগ উঠি আহিছে।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক