--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰী সাংবাদিক আৰু বাতৰি ৱেবছাইট দ্য কাশ্মীৰ ৱালাৰ সম্পাদক ফাহাদ শ্বাহক  ছ'চিয়েল মিডিয়াত "সন্ত্ৰাসবাদী কাৰ্যকলাপক উদগনি যোগোৱা" আৰু দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সংঘৰ্ষৰ বিষয়ে "ভুল প্ৰতিবেদন" প্ৰকাশ কৰাৰ  অভিযোগত  গ্ৰেপ্তাৰ কৰা হৈছিল।কাৰাগাৰত প্ৰায় দুবছৰ  থকাৰ পিছত সাংবাদিকগৰাকীক  জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে।

ফাহাদৰ বিৰুদ্ধে ৰাজহুৱা সুৰক্ষা আইনৰ (পিএছএ) অধীনত গোচৰ ৰুজু কৰা হৈছিল আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। 


অৱশেষত উচ্চ ন্যায়ালয়ে ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও গুৰুতৰ অভিযোগ খাৰিজ কৰে, যাৰ ভিতৰত আছে "সন্ত্ৰাসবাদক উজগনি যোগোৱা", "দেশৰ বিৰুদ্ধে যুদ্ধ কৰা" আৰু "শত্ৰুতা বৃদ্ধি কৰা"ৰ দৰে অভিযোগ।

অৱশ্যে তেওঁ ইউএপিএৰ ধাৰা ১৮  আৰু আইনৰ বিৰুদ্ধভাবে  বিদেশী পুঁজি লাভ  কৰাৰ  অভিযোগত  বিচাৰৰ সন্মুখীন হ'ব। 
ইউ.এ.পি.এ.-ৰ ধাৰা ১৮ -ত কোৱা হৈছে যে "যিকোনো ব্যক্তিয়ে যিকোনো সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিবলৈ প্ৰৰোচিত, পৰামৰ্শ বা (প্ৰত্যক্ষ বা জ্ঞাতভাৱে উদগনি দিয়া) ষড়যন্ত্ৰ কৰিলে বা উদগনি দিলে তেওঁক কাৰাবাসৰ শাস্তি দিয়া হ'ব,  কাৰাবাসৰ ম্যাদ পাঁচ বছৰতকৈ কম নহ'ব । সেয়া  আজীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ'ব পাৰে আৰু জৰিমনাও হ’ব  পাৰে। ’’



জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কৈছিল যে ফাহাদ তেনে বহু "সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ" ভিতৰৰে এজন ,   যাৰ পোষ্টবোৰ "সন্ত্ৰাসবাদী কাৰ্যকলাপক  উদগনি যোগোৱাৰ  সমান"। 

তেওঁলোকৰ বিৰুদ্ধে "জম্মু-কাশ্মীৰত অস্থিৰতা সৃষ্টি কৰা,  যুৱক-যুৱতীসকলক হিংসাৰ পথ গ্ৰহণ কৰিবলৈ  উদগনি দিয়া আৰু সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰা"ৰ দৰে অভিযোগ উঠি আহিছে।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান