--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ বৰপাকত ছাগলী পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী শিক্ষিত মহিলাই। ছাগলী বিক্ৰী কৰি বছৰি পাঁচ লক্ষাধিক টকা উপাৰ্জন মহিলা গৰাকীৰ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পুৰুষৰ লগতে একাংশ অসমীয়া শিক্ষিত মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলৰ বিচিত্ৰা বৰুৱা দাস নামৰ এগৰাকী শিক্ষিত মহিলাই ঘৰতে এখন ছাগলী ফাৰ্ম খুলি বছৰি প্ৰায় পাঁচ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে বৰপাক অঞ্চলৰ আদৰ্শ কৃষক প্ৰদীপ দাসৰ বোৱাৰী তথা শিক্ষিত মহিলা বিচিত্ৰা বৰুৱা দাসে প্ৰথমে এজনী উন্নত জাতৰ ছাগলী পালন কৰিছিল। ইয়াৰ পাছতে মহিলাগৰাকীয়ে ঘৰতে এখন সৰুকৈ ছাগলী ফাৰ্ম আৰু হাঁহ পালন কৰি নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আন দুটা পৰিয়াল পো-পালন দিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত মহিলাগৰাকী ফাৰ্মখনত ৩০ টাকৈ অধিক উন্নতজাতৰ ছাগলী থকাৰ উপৰিও বিক্ৰী কৰিব পৰা ছাগলী ১৩ টা আছে।

ইফালে ৮ ৰ পৰা ১০ হাজাৰ টকাৰ মূল্যত এটা ছাগলী বিক্ৰী কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। বৰ্তমান সময়ত বৃহত্তৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলত ছাগলী পালন কৰি স্বাৱলম্বী হোৱা বিচিত্ৰা বৰুৱা দাস বহু মহিলাৰ আদৰ্শ স্বৰূপ হৈ পৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ