--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ বাবে কিছু ভাল খৱৰ৷ হ্ৰাস পাব পাৰে পেট্ৰ'ল ডিজেলৰ মূল্য৷ শতকৰ ঘৰ গৰকি সাধাৰণ জনতাৰ বাবে এক বোজা হৈ পৰা পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ কিছুদিনৰ পাছতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ এই খৱৰে কিছু সকাহ দিব পাৰে৷ ভাৰতে তেলৰ মূল্য হ্ৰাস কৰাৰ লক্ষ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, চীন, ব্ৰিটেইন আৰু কোৰিয়াৰ সৈতে একেলগে তেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে।

ভাৰতে কৌশলগত পেট্ৰ’লিয়াম ভাণ্ডাৰৰ (SPRs) পৰা একেলগে ৫ নিযুত বেৰেল খাৰুৱা তেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতত প্ৰায় ২৬.৫ নিযুত বেৰেল তেল মজুত আছে বুলি মন্ত্ৰালয়ে সদৰী কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই তেলৰ মূল্য নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ ইয়াৰ কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণৰ পৰা ৫০ নিযুত বেৰেল খাৰুৱা তেল মুকলি কৰিব বুলি হোৱাইট হাউছে মঙলবাৰে কোৱাৰ পাছতে ভাৰতীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে বিশ্বব্যাপী শক্তিৰ মুখ্য উপভোক্তা দেশসমূহৰ সৈতে আলোচনা কৰি খাৰুৱা তেল মুকলি কৰা হ’ব বুলি বিবৃতিযোগে জানিবলৈ দিয়ে।

ইপিনে যোৱা ৩ নৱেম্বৰৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৫ আৰু ১০ টকা হ্ৰাস কৰা হৈছিল। ৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল এই নতুন দৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ