--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০১৪ চনৰ পৰা ২৭৮৩টা বিদেশী প্ৰতিষ্ঠানে ভাৰতত তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিছে। সংসদত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে৷ এটা লিখিত প্ৰশ্নৰ উত্তৰত গোৱেলে দিয়া তথ্যত প্ৰকাশ পাইছে যে, এই ৭ বছৰত ১০,৭৫৬ টা বিদেশী কোম্পানীয়ে ভাৰতত ব্যৱসায় আৰম্ভ কৰিছে। নতুন কোম্পানীৰ পঞ্জীয়নৰ পাছত, এই বৰ্ষৰ ৩০ নৱেম্বৰলৈ ভাৰতত ব্যৱসায় কৰি থকা মুঠ সক্ৰিয় বিদেশী কোম্পানীৰ সংখ্যা হৈছে ১২,৪৫৮টা৷ গোৱেলে সংসদত সোধা এটা প্ৰশ্নৰ উত্তৰত কয় যে, ২০১৪ চনৰ পৰা সমগ্ৰ দেশতে প্ৰায় ২৮০০ বিদেশী কোম্পানী বন্ধ হৈ আছে।

তেওঁ লগতে কয় যে, ৭ বছৰত মুঠ ২৭৮৩ টা কোম্পানীয়ে ভাৰতত তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতত তেওঁলোকৰ ব্যৱসায় বন্ধ কৰা এই বিদেশী কোম্পানীবোৰ যোগাযোগ কাৰ্যালয়, শাখা কাৰ্যালয়, প্ৰকল্প কাৰ্যালয় বা সহায়ক কোম্পানীৰ জৰিয়তে পঞ্জীয়ন কৰা হৈছিল৷

বিশ্ব বেংকৰ ‘ইজ অব্ ডুয়িং বিজনেছ ৰেংকিঙ’ত ভাৰত বৰ্তমান ১৯০ৰ ভিতৰত ৬৩সংখ্যক স্থানত আছে। কিন্তু দেশখনলৈ বিদেশী বিনিয়োগ অনাৰ বাবে, ভাৰতে নিশ্চিতভাৱে বিদেশী বিনিয়োগৰ নীতিবোৰ উন্নত কৰিব লাগিব। বিশ্ব বেংকে যিকোনো দেশত বিদেশী কোম্পানীবোৰে ব্যৱসায় আৰম্ভ কৰা অসুবিধা বা সহজতাৰ মূল্যাংকণ কৰি বিদেশী প্ৰতিষ্ঠানক ভাৰতত ব্যৱসায় কৰিবলৈ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ এই ৰেংকিঙত বিশ্ব বেংকে যিখন দেশক সন্মুখৰ স্থানত ৰাখে, যিকোনো বিদেশী কোম্পানীৰ বাবে সেই দেশত ব্যৱসায় আৰম্ভ কৰাটো সহজ হৈ পৰে। একেদৰে, এই ৰেংকিঙত সেই দেশবোৰক পিছত ৰখা হৈছে, য’ত বিদেশী কোম্পানী এটাই ইয়াৰ ব্যৱসায় আৰম্ভ কৰাত বহুতো সমস্যাৰ সন্মুখীন হ’ব লাগিব।

এই ৰেংকিঙত ভাৰত দ্বিতীয় ক্ষেত্ৰটোতহে আছে৷ গতিকে, ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহী নহয় বিদেশী প্ৰতিষ্ঠান৷ সাত বছৰত ২৭৮৩টা প্ৰতিষ্ঠানে ভাৰত এৰি যোৱাতো দেশৰ অৰ্থনীতি আৰু সংস্থাপনৰ দিশটোৰ প্ৰতিও অশুভ সংকেট বুলি বিবেচিত হৈছে৷ বিমুদ্ৰাকৰণে বিধ্বস্ত কৰা ভাৰতৰ অৰ্থনীতিক কৰ’নাসৃষ্ট পৰিস্থিতিয়ে আৰু জুৰুলা কৰিছে৷

২০১৪ বৰ্ষত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল৷ তেতিয়াৰে পৰা সাত বছৰত দুটা কাৰ্যকালত প্ৰধানমন্ত্ৰী হৈ আছে নৰেন্দ্ৰ মোদী৷ আৰু এই সময়ছোৱাতে দেশ এৰিছে ইটোৰ পিছত সিটো প্ৰতিষ্ঠানে৷ দেশ এখনৰ অৰ্থনৈতিক মন্দাৱস্থা এনেকৈয়ে আৰম্ভ হয়৷ এসময়ত পাকিস্তান, বাংলাদেশতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ পৰৱৰ্তী সময়ত সেই দেশবোৰলৈ ভগ্ন অৰ্থনীতিয়ে আনি দিয়া সামাজিক অস্থিৰতা আমি আটায়ে দেখিছোঁ৷ তথাপি, শেহতীয়াকৈ বাংলাদেশৰ জিডিপিৰ হাৰ ভাৰততকৈ ওপৰত গৈছে৷ বিজ্ঞানসন্মত অৰ্থনৈতিক নীতি সম্পৰ্কে চৰকাৰৰ সুচিন্তিত পৰিকল্পনাৰ অভাৱে ভাৰতলৈয়ো প্ৰতিদিনে সংশয় নমাই আনিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement