--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালত যিকোনো বয়সতে ক'লা দাগ পৰিব পাৰে। পৰিবেশ সম্পৰ্কীয় কাৰণ আৰু আন নানা কাৰণত   ছালত ক’লা দাগ পৰিব পাৰে। এয়া  আন কোনো ৰোগৰো লক্ষণ হ’ব পাৰে। সেয়ে ছালত ক'লা  দাগ কিয় পৰিছে সেয়া জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই  প্ৰয়োজনীয়। সকলো ক্ষেত্ৰতে ছালত ক'লা দাগ পৰাটো একে কাৰণতে নহ'বও পাৰে। 


ছালত ক'লা দাগ পৰাৰ কেইটামান কাৰণ এনেধৰণৰ-

টেনিং – যদি সূৰ্যৰ তাপত দীঘলীয়া সময় থাকে, শৰীৰৰ উন্মুক্ত অংশৰ ছাল ক'লা হৈ পৰে।
মানুহৰ ছালত মেলানোচাইট নামৰ এক প্ৰকাৰৰ কোষ থাকে যাৰ পৰা মেলানিন নামৰ ৰঞ্জক এটা তৈয়াৰ  হয়। ছালৰ  ৰং নিৰ্ধাৰণত মেলানিনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ছালৰ ৰং নিৰ্ভৰ কৰে কিমান মেলানোচাইট আছে আৰু ছালত কিমান মেলানিন উৎপন্ন হৈছে তাৰ ওপৰত।
মেচেটা – মেচেটা সাধাৰণতে গালত থাকে আৰু কিছুমান ক্ষেত্ৰত আন কিছুমান ঠাইতো হ'ব পাৰে। এই ক্ষেত্ৰত ক'লা, ধূসৰ বা মুগা দাগ দেখা যায়। মেচেটা মুখ্যতঃ যুৱতীসকলৰ  বেছিকৈ হয় । আনকি আপুনি দীঘলীয়া সময়ৰ বাবে নিয়মীয়া হৰমনৰ ঔষধ গ্ৰহণ কৰিলেও, এনে ধৰণৰ মেচেটা হ'ব পাৰে।

 

 হাইপাৰ-পিগমেণ্টেচন – যদি কোনো ঠাইত প্ৰদাহ হয়, সেই নিৰ্দিষ্ট স্থানৰ ছাল প্ৰায়ে ক'লা হৈ পৰে। ইয়াক পোষ্ট-ইনফ্লেমেটৰী হাইপাৰ-পিগমেণ্টেচন বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, শালমইনা, ফোঁহা আদি  আৰোগ্য হ'লেও, ছালত এনে ক'লা হোৱা দেখা যায়।

চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক - যদি এজন ব্যক্তিৰ কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি এলাৰ্জি থাকে, যদি শৰীৰৰ কোনো অংশ সেই এলাৰ্জি-প্ৰৱণ বস্তুটোৰ সংস্পৰ্শলৈ আহে, ছালত খজুৱতি হৈ ৰঙা বা ক'লা হ'ব পাৰে। উদাহৰণ স্বৰূপে, যদি বহুতে  সেন্দুৰ বা চুলিৰ ৰং আদি  ব্যৱহাৰ কৰিলেও সেই ঠাইত এলাৰ্জি বা খজুৱতি হ'ব পাৰে।

এগান্থোচিছ নিগ্ৰিকেন - ই এক হৰমনজনিত ৰোগ। এই ধৰণৰ সমস্যাৰ ফলত  গালৰ কাষত দাগ হ'ব পাৰে, ডিঙিতো পথালিকৈ দাগ হৈ যায়, ডিঙিৰ ছাল ডাঠ হয় আৰু ক'লা হৈ পৰে। ইয়াৰ বাহিৰেও, শৰীৰৰ আন কিছুমান অংশতো ক'লা দাগ হ'ব পাৰে।

কেনেদৰে প্ৰতিৰোধ কৰিব লাগে
এনেবোৰ কাৰকৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি কিছুমান বস্তুৰ পৰা আঁতৰি থাকিব লাগিব। যদি সেন্দুৰ বা চুলিৰ কৃত্ৰিম ৰঙৰ বাবে  ছালত এলাৰ্জী হৈ দাগ পৰে তেন্তে সেন্দুৰ বা চুলিৰ ৰঙৰ সলনি আন কিবা বিকল্প ব্যৱহাৰ কৰিব পাৰে। ৰ'দত বাহিৰলৈ ওলাই যাওঁতে চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।

ঘৰুৱা উপায়েৰে দাগ কিদৰে আঁতৰাব?
ঘৰুৱা উপায়েৰেও ছালৰ দাগ আঁতৰাব পাৰি। ইয়াৰ বাবে টেনিং  কৰিব পাৰে। এই ক্ষেত্ৰত কেঁচা গাখীৰ ৫-৭ মিনিটৰ বাবে গোটেই মুখত নিয়মীয়াকৈ মালিচ কৰক। তাৰ পিছত ইয়াক ১০ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ  দিয়ক পিছত  আৰু পানীৰে ধুই দিয়ক। যদি আপুনি বিচাৰে, আপুনি এলো ভেৰা জেলো প্ৰয়োগ কৰিব পাৰে। গাখীৰ আৰু কেঁচা হালধি মিহলি কৰি আৰু ইয়াক একেৰাহে কিছুদিন ক'লা দাগ পৰা স্থানত সানিলেও সুফল পোৱা যায়। ক'লা তুলসীৰ ৰস সানিলেও সুফল পাব পাৰি। পানী, ফলমূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে।ছালত ক'লা দাগ পৰাৰ সমস্যাটো কি কাৰণত হৈছে  সেয়া চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰক। কেতিয়াবা যকৃতৰ সমস্যাৰ বাবেও ছালত ক'লা দাগ পৰিব পাৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ