--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উজলিল এগৰাকী অসম কন্যা। “কুইন অৱ দ্য ৱৰ্ল্ড” প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালেত “মিছ কুইন অৱ দ্য ৱৰ্ল্ড” খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’ল অসমৰ কৃষাংগী গৌৰী।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে আমেৰিকাৰ নিউ জাৰ্চিত ১৩ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল, য’ত বিশ্বৰ বিভিন্ন প্ৰান্ত আৰু আমেৰিকাৰ ৩০ গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনৰ চাৰিটা ভিন্ন বিভাগত অংশগ্ৰহণ কৰিছিল – মিছ কুইন অৱ দ্য ৱৰ্ল্ড, মিছেছ কুইন অৱ দ্য ৱৰ্ল্ড, বিশ্বৰ মিচেছ কুইন, আৰু এলিট মিচেছ কুইন অৱ দ্য ৱৰ্ল্ড।

আমেৰিকাত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেৰ পূৰ্বে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ সম্ভাৱ্য প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে এই প্ৰতিযোগিতাখনে বিশ্বজুৰি এক ব্যাপক অনুসন্ধান চলাইছিল। প্ৰতিযোগীসকলে ছমাহৰ ভিতৰত একাধিক ৰাউণ্ডৰ কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। নেতৃত্বৰ দক্ষতা, ৰাজহুৱা ভাষণ, খোজ কঢ়া, আৰু স্থিৰতাৰ দৰে কিছুমান মূল বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

কৃষাংগীয়ে নিজৰ সৌন্দৰ্য্য, বুদ্ধিমত্তা, আৰু ফেশ্বন দক্ষতাৰে বিচাৰক আৰু দৰ্শকৰ হৃদয় জয় কৰিছিল। Science and Business Analyticsত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰা কৃষাংগী বৰ্তমান কৰ্পৰেট কৌশল দলত গ্ল’বেলফাউণ্ড্ৰিজৰ সৈতে কাম কৰি আছে। ভ্ৰমণ আৰু নৃত্য হবী কৃষাংগীৰ। 

কৃষাংগীয়ে বিশ্বত অধিক আৰ্থিক সজাগতা অনাৰ লক্ষ্য ৰাখিছে কাৰণ তেওঁৰ মতে ই বাস্তৱ জীৱনৰ দক্ষতা আনিব পাৰে যিয়ে মানুহক উন্নত জীৱন আৰু বিনিয়োগৰ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে যাৰ ফলত সকলোৱে জীৱনত থকা যিকোনো সপোন অনুসৰণ কৰাৰ স্বাধীনতা লাভ কৰিব পাৰে।

কৃষাংগীয়ে মনৰ আনন্দ প্ৰকাশ কৰি কয়, “এয়া যেন এটা সপোন পূৰণ হৈছে। এতিয়াও বিশ্বাস কৰিব পৰা নাই যে মোক ‘মিছ কুইন অৱ দ্য ৱৰ্ল্ড’ খিতাপ দিয়া হৈছে। ইমান সন্মানীয় খিতাপ জয় কৰি মই কিমান আনন্দিত আৰু ৰোমাঞ্চিত হৈছো সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। মই মোৰ মা আৰু দেউতা, গুৰু, আৰু মোক সদায় সমৰ্থন আৰু কাষত থিয় দিয়া প্ৰতিজনক ধন্যবাদ জনাইছো।”

কৃষাংগী গৌৰীয়ে অসমৰ পৰা এই শাখাত এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। টিম ইণ্ডিয়াৰ নেতৃত্বত আছিল ৰাষ্ট্ৰীয় সঞ্চালক উৰ্মিমালা বৰুৱা, যিগৰাকীও এগৰাকী অসমীয়া। 

'কুইন অৱ দ্য ৱৰ্ল্ড' প্ৰতিযোগিতাখন হৈছে নতুন প্ৰজন্মৰ প্ৰতিযোগিতা, যিয়ে মহিলাসকলক নেতৃত্ব, ৰাজহুৱা ভাষণ, খোজ কঢ়া আৰু স্থিৰতাৰ প্ৰশিক্ষণেৰে সবলীকৰণ কৰে। কুইন অৱ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাই প্ৰতিগৰাকী প্ৰতিযোগীক তেওঁৰ ব্যক্তিগত বৃদ্ধিৰ বাবে সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰি গ্লেমাৰ, সৌন্দৰ্য্য আৰু আত্মবিশ্বাস প্ৰদান কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ