--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ত আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি? ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হত্যা বা বন্দী কৰাৰ বাবে সৰ্বদিশৰ পৰা প্ৰচেষ্টা চলাই আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। এই আগ্ৰাসনৰ পৰা বাচিবলৈ ক'ত আত্মগোপন কৰি আছে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ যুদ্ধৰ দাদামাৰ মাজতে ইটোৰ পাছত সিটো ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে৷ কিন্তু এনে পৰিস্থিতিৰ মাজত ৰাষ্ট্ৰপতিগৰাকীৰ ভিডিঅ' বাৰ্তাই বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহৰ তেওঁৰ প্ৰতি ধাৰণা সলনি কৰাতহে অৰিহণা যোগাব বুলি চৰ্চা চলিছে৷ সামৰিক যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ছটাকৈ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ ইপিনে, শেহতীয়া তথ্য অনুসৰি পৰমাণু যুদ্ধৰ পৰা বাছিবলৈ ছাইবেৰিয়াৰ ভূগৰ্ভস্থ চহৰত পৰিয়ালসহ আত্মগোপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনে বৰ্তমানলৈকে কোনোধৰণৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰাৰ পৰা বিৰত আছে৷ সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এনে কাৰ্যকলাপে শত্ৰুৰাষ্ট্ৰ গোটোৱাতহে অৰিহনা যোগাইছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে মঙলবাৰে ইউৰোপীয় সংসদক ষষ্ঠ দিনৰ বাবে সম্বোধন কৰে। ইউক্ৰেইনৰ সংসদৰ অধ্যক্ষ ৰুছলান ষ্টিফানচাক ডেলেভাৰ্ডৰ সৈতে জেলেনস্কিয়ে ইউৰোপীয় সংসদৰ অধিৱেশনত ভাষণ দিয়ে৷ আজি ইউৰোপীয় সংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দিয়া আৱেগবিহ্বল ভাষণে সকলোকে চিন্তিত কৰি তুলিছে৷ জেলেনস্কিৰ ভাষণৰ পাছতে অধিৱেশনত সকলোৰে পৰা উচ্চ প্ৰশংসা লাভ কৰে। ইউৰোপীয় সংঘলৈ (ইউৰোপীয় ইউনিয়ন) 'আপোনালোক আমাৰ সৈতে আছে বুলি প্ৰমাণ দিয়ক!' বুলি আহ্বান জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে৷ ৰাছিয়াৰ সামৰিক আক্ৰমণ মঙলবাৰে ষষ্ঠ দিনত প্ৰৱেশ কৰে৷ তীব্ৰ বোমাবর্ষণে পুনৰ শংকিত কৰি তুলিছে ইউক্ৰেইবাসীক৷ পূব ইউৰোপীয় ৰাষ্ট্ৰখনৰ আটাইতকৈ বেছি প্ৰভাৱিত চহৰ খাৰকিভৰ প্ৰশাসনিক কাৰ্যালয়ত ৰাছিয়াৰ মিছাইলৰ দ্বাৰা আৱাসিক অট্টালিকাবোৰ লক্ষ্য কৰি লোৱাৰো অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক