--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ত আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি? ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হত্যা বা বন্দী কৰাৰ বাবে সৰ্বদিশৰ পৰা প্ৰচেষ্টা চলাই আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। এই আগ্ৰাসনৰ পৰা বাচিবলৈ ক'ত আত্মগোপন কৰি আছে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ যুদ্ধৰ দাদামাৰ মাজতে ইটোৰ পাছত সিটো ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে৷ কিন্তু এনে পৰিস্থিতিৰ মাজত ৰাষ্ট্ৰপতিগৰাকীৰ ভিডিঅ' বাৰ্তাই বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহৰ তেওঁৰ প্ৰতি ধাৰণা সলনি কৰাতহে অৰিহণা যোগাব বুলি চৰ্চা চলিছে৷ সামৰিক যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ছটাকৈ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ ইপিনে, শেহতীয়া তথ্য অনুসৰি পৰমাণু যুদ্ধৰ পৰা বাছিবলৈ ছাইবেৰিয়াৰ ভূগৰ্ভস্থ চহৰত পৰিয়ালসহ আত্মগোপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনে বৰ্তমানলৈকে কোনোধৰণৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰাৰ পৰা বিৰত আছে৷ সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এনে কাৰ্যকলাপে শত্ৰুৰাষ্ট্ৰ গোটোৱাতহে অৰিহনা যোগাইছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে মঙলবাৰে ইউৰোপীয় সংসদক ষষ্ঠ দিনৰ বাবে সম্বোধন কৰে। ইউক্ৰেইনৰ সংসদৰ অধ্যক্ষ ৰুছলান ষ্টিফানচাক ডেলেভাৰ্ডৰ সৈতে জেলেনস্কিয়ে ইউৰোপীয় সংসদৰ অধিৱেশনত ভাষণ দিয়ে৷ আজি ইউৰোপীয় সংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দিয়া আৱেগবিহ্বল ভাষণে সকলোকে চিন্তিত কৰি তুলিছে৷ জেলেনস্কিৰ ভাষণৰ পাছতে অধিৱেশনত সকলোৰে পৰা উচ্চ প্ৰশংসা লাভ কৰে। ইউৰোপীয় সংঘলৈ (ইউৰোপীয় ইউনিয়ন) 'আপোনালোক আমাৰ সৈতে আছে বুলি প্ৰমাণ দিয়ক!' বুলি আহ্বান জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে৷ ৰাছিয়াৰ সামৰিক আক্ৰমণ মঙলবাৰে ষষ্ঠ দিনত প্ৰৱেশ কৰে৷ তীব্ৰ বোমাবর্ষণে পুনৰ শংকিত কৰি তুলিছে ইউক্ৰেইবাসীক৷ পূব ইউৰোপীয় ৰাষ্ট্ৰখনৰ আটাইতকৈ বেছি প্ৰভাৱিত চহৰ খাৰকিভৰ প্ৰশাসনিক কাৰ্যালয়ত ৰাছিয়াৰ মিছাইলৰ দ্বাৰা আৱাসিক অট্টালিকাবোৰ লক্ষ্য কৰি লোৱাৰো অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক