--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ধন্যবাদ ছ’চিয়েল মিডিয়া। ছ’চিয়েল মিডিয়াৰ কৃপাতে গোলকীয় পৃথিৱীখনৰ মানুহখিনিক বৰ্তমান আৰু অধিক ওচৰ-চপাই আনিলে। ছ’চিয়েল মিডিয়াই হৈছে এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা আমি পৃথিৱীৰ সকলো প্ৰান্তৰ সকলো মানুহৰ সৈতে সংযুক্ত হৈ থাকিব পাৰো। বৰ্তমান সময়ত আমি ছ’চিয়েল মিডিয়াত সততে দেখিবলৈ পাঁও যে, কোনো বিশেষ কামৰ দ্বাৰা এজন মানুহ সামাজিক মাধ্যমত অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে।

বিগত বছৰতো ছ’চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা লাভ কৰা ‘বাবা কা ধাবা’ সেই বৃদ্ধ দম্পতীহালৰ কথা আমাৰ সকলোৰে অৱগত, সেই সময়ত তেওঁলোকে এখন হোটেলৰ যোগেদি কিদৰে পৰিয়াল চলাইছিল সেই জীয়া ছবিখন ছ’চিয়েল মিডিয়াৰ যোগেদিয়েই অসংখ্যা লোকে অৱগত হোৱাৰ পাছত আৰ্থিকভাৱে তেওঁলোকক বহুতো লোকে সহায় কৰিছিল। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ সৰ্বাধিক চৰ্চালাভ কৰিছে, য’ত দেখা পোৱা গৈছে যে মহাৰাষ্ট্ৰ নাছিকৰ পদপথত এজন অন্ধ মানুহে পদপথৰ কাষত ‘বানানা চিপছ’ নিজে প্ৰস্তুত কৰি বিক্ৰী কৰি আছে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে ব্যক্তিজনে কটাৰীৰে নিজে কল কাটি তাত নিমখ ছটিয়াই গৰম তেলত সেইখিনি নিজে ভাজিছে আৰু সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰিছে।

ভিডিঅ’টো ‘সংস্কাৰখেমানি’ নামৰ এজন ফুড ব্লগাৰে তেওঁৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰাৰ পাছতে, ১৩ নিযুতৰো অধিক লোকে সেই বিশেষ ভিডিঅ’টো মানুহে চাইছিল। ভিডিঅ’টো এই কাৰণেই বিশেষ যে, যিহেতু এজন লোকে নিজৰ দৃষ্টিশক্তি হেৰুওৱা পাছতো ভাগৰি নপৰি নিজৰ জীৱিকা নিয়াৰিকৈ কৰি গৈছে, তাক লৈয়ে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। লোকজনে ভিডিঅ'টোৰ শিৰোনামত লিখিছে যে, “ব্যক্তিজনে এক জাহাজ দুৰ্ঘটনাক লৈ নিজৰ দৃষ্টিশক্তি হেৰুৱাইছিল, তথাপি তেওঁ ভাঙি নপৰি নিজৰ জীৱিকা কৰি গৈছে। আপুনি যদি নাছিকত বাস কৰে তেনেহ’লে আপুনি কলৰ চিপছ খাবলৈ এবাৰ আহিব। তদুপৰি আমি যদি ইচ্ছা কৰো তেনেহ’লে আৰ্থিকভাৱে সহায় কৰি হ’লেও আমি ব্যক্তিজনক তেওঁলোকৰ দৃষ্টিশক্তি ঘূৰাই অনাত সহায় কৰিব পাৰো।” ইয়াৰ পাছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা অসংখ্যা লোকে অন্ধ ব্যক্তিজনক প্ৰশংসাৰে উপচাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ