--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ধন্যবাদ ছ’চিয়েল মিডিয়া। ছ’চিয়েল মিডিয়াৰ কৃপাতে গোলকীয় পৃথিৱীখনৰ মানুহখিনিক বৰ্তমান আৰু অধিক ওচৰ-চপাই আনিলে। ছ’চিয়েল মিডিয়াই হৈছে এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা আমি পৃথিৱীৰ সকলো প্ৰান্তৰ সকলো মানুহৰ সৈতে সংযুক্ত হৈ থাকিব পাৰো। বৰ্তমান সময়ত আমি ছ’চিয়েল মিডিয়াত সততে দেখিবলৈ পাঁও যে, কোনো বিশেষ কামৰ দ্বাৰা এজন মানুহ সামাজিক মাধ্যমত অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে।

বিগত বছৰতো ছ’চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা লাভ কৰা ‘বাবা কা ধাবা’ সেই বৃদ্ধ দম্পতীহালৰ কথা আমাৰ সকলোৰে অৱগত, সেই সময়ত তেওঁলোকে এখন হোটেলৰ যোগেদি কিদৰে পৰিয়াল চলাইছিল সেই জীয়া ছবিখন ছ’চিয়েল মিডিয়াৰ যোগেদিয়েই অসংখ্যা লোকে অৱগত হোৱাৰ পাছত আৰ্থিকভাৱে তেওঁলোকক বহুতো লোকে সহায় কৰিছিল। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ সৰ্বাধিক চৰ্চালাভ কৰিছে, য’ত দেখা পোৱা গৈছে যে মহাৰাষ্ট্ৰ নাছিকৰ পদপথত এজন অন্ধ মানুহে পদপথৰ কাষত ‘বানানা চিপছ’ নিজে প্ৰস্তুত কৰি বিক্ৰী কৰি আছে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে ব্যক্তিজনে কটাৰীৰে নিজে কল কাটি তাত নিমখ ছটিয়াই গৰম তেলত সেইখিনি নিজে ভাজিছে আৰু সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰিছে।

ভিডিঅ’টো ‘সংস্কাৰখেমানি’ নামৰ এজন ফুড ব্লগাৰে তেওঁৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰাৰ পাছতে, ১৩ নিযুতৰো অধিক লোকে সেই বিশেষ ভিডিঅ’টো মানুহে চাইছিল। ভিডিঅ’টো এই কাৰণেই বিশেষ যে, যিহেতু এজন লোকে নিজৰ দৃষ্টিশক্তি হেৰুওৱা পাছতো ভাগৰি নপৰি নিজৰ জীৱিকা নিয়াৰিকৈ কৰি গৈছে, তাক লৈয়ে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। লোকজনে ভিডিঅ'টোৰ শিৰোনামত লিখিছে যে, “ব্যক্তিজনে এক জাহাজ দুৰ্ঘটনাক লৈ নিজৰ দৃষ্টিশক্তি হেৰুৱাইছিল, তথাপি তেওঁ ভাঙি নপৰি নিজৰ জীৱিকা কৰি গৈছে। আপুনি যদি নাছিকত বাস কৰে তেনেহ’লে আপুনি কলৰ চিপছ খাবলৈ এবাৰ আহিব। তদুপৰি আমি যদি ইচ্ছা কৰো তেনেহ’লে আৰ্থিকভাৱে সহায় কৰি হ’লেও আমি ব্যক্তিজনক তেওঁলোকৰ দৃষ্টিশক্তি ঘূৰাই অনাত সহায় কৰিব পাৰো।” ইয়াৰ পাছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা অসংখ্যা লোকে অন্ধ ব্যক্তিজনক প্ৰশংসাৰে উপচাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু