--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হৰিষদে বিষাদ! ছেল্‌ফীয়েই কাল হ’ল এজন যুৱকৰ৷ ফুৰিবলৈ যাওঁতে কোনে কেইখন ছেল্‌ফী পোষ্ট কৰিব ছ’চিয়েল মিডিয়াত, তাৰেই যেন এক অঘোষিত প্ৰতিযোগিতা৷ তাৰপাছতেই লাইক, শ্বেয়াৰ, কমেণ্টৰ বৰষুণ৷ পিছে এইবাৰ ছেল্‌ফীয়ে বিপদ মাতিলে এগৰাকী পৰ্যটকৰ জীৱনলৈ৷ ছেল্‌ফী তুলিবলৈ যাওঁতেই পিছলি পৰিল এজন পৰ্যটক৷

জাৰকাল ভ্ৰমণৰ বাবে আটাইতকৈ উৎকৃষ্ট সময়৷ ইয়াৰ বাবে বিভিন্নজনে ঢাপলি মেলে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভাৰত-চীন সীমান্তৰ লাচুং আৰু য়ুমথাং উপত্যকাত৷ প্ৰকৃতিৰ ৰূপ-লাৱণ্যই বিমুগ্ধ কৰে শত-সহস্ৰ যাত্ৰীক৷ লাখ লাখ পৰ্যটক প্ৰতিবছৰে ঢাপলি মেলে এই পৰ্যটনস্থলীলৈ। মনোৰম দৃশ্যপট আৰু আপেলৰ বাগিচাৰো আছে সুকীয়া বৈশিষ্ট্য৷ পিছে এই দৃশ্যপট উপভোগ কৰিবলৈ যাওঁতেই বিপদত পৰিল এজন যুৱক৷

বিহাৰৰ পৰা অহা এজন পৰ্যটকে ছেল্‌ফী তুলিবলৈ গৈ ছিকিমৰ লাচুং নদীত পিছলি পৰে৷ পুৱা ৭.৩০ বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ ২১ বছৰীয়া বিহাৰৰ বাসিন্দা অভিষেক কুমাৰ সোমবাৰে ফুৰিবলৈ গৈছিল লাচুং চহৰত৷ লাচুং নদীৰ পাৰত ছেল্‌ফী লওঁতেই পিছলি পৰে ২১ বছৰীয়া যুৱকজন৷ বৰ্তমানেও সন্ধানহীন অভিষেক!


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন