--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হৰিষদে বিষাদ! ছেল্‌ফীয়েই কাল হ’ল এজন যুৱকৰ৷ ফুৰিবলৈ যাওঁতে কোনে কেইখন ছেল্‌ফী পোষ্ট কৰিব ছ’চিয়েল মিডিয়াত, তাৰেই যেন এক অঘোষিত প্ৰতিযোগিতা৷ তাৰপাছতেই লাইক, শ্বেয়াৰ, কমেণ্টৰ বৰষুণ৷ পিছে এইবাৰ ছেল্‌ফীয়ে বিপদ মাতিলে এগৰাকী পৰ্যটকৰ জীৱনলৈ৷ ছেল্‌ফী তুলিবলৈ যাওঁতেই পিছলি পৰিল এজন পৰ্যটক৷

জাৰকাল ভ্ৰমণৰ বাবে আটাইতকৈ উৎকৃষ্ট সময়৷ ইয়াৰ বাবে বিভিন্নজনে ঢাপলি মেলে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভাৰত-চীন সীমান্তৰ লাচুং আৰু য়ুমথাং উপত্যকাত৷ প্ৰকৃতিৰ ৰূপ-লাৱণ্যই বিমুগ্ধ কৰে শত-সহস্ৰ যাত্ৰীক৷ লাখ লাখ পৰ্যটক প্ৰতিবছৰে ঢাপলি মেলে এই পৰ্যটনস্থলীলৈ। মনোৰম দৃশ্যপট আৰু আপেলৰ বাগিচাৰো আছে সুকীয়া বৈশিষ্ট্য৷ পিছে এই দৃশ্যপট উপভোগ কৰিবলৈ যাওঁতেই বিপদত পৰিল এজন যুৱক৷

বিহাৰৰ পৰা অহা এজন পৰ্যটকে ছেল্‌ফী তুলিবলৈ গৈ ছিকিমৰ লাচুং নদীত পিছলি পৰে৷ পুৱা ৭.৩০ বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ ২১ বছৰীয়া বিহাৰৰ বাসিন্দা অভিষেক কুমাৰ সোমবাৰে ফুৰিবলৈ গৈছিল লাচুং চহৰত৷ লাচুং নদীৰ পাৰত ছেল্‌ফী লওঁতেই পিছলি পৰে ২১ বছৰীয়া যুৱকজন৷ বৰ্তমানেও সন্ধানহীন অভিষেক!


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা