--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী দলৰ নেতাৰ ওপৰত চাপ সৃষ্টিৰ চেষ্টাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ইজনৰ পাছত সিজন বিৰোধী দলৰ নেতাৰ ঘৰত তালাচী চলাইছে। কিছুদিন পূৰ্বে সমাজবাদী নেতা পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলাইছিল আয়কৰ বিভাগে। জৈন উপাধিৰ আন এগৰাকী নেতাৰ ঘৰত তালাচী চলাই প্ৰায় ২০০কোটি টকা জব্দ কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতে পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলোৱাটোক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।

কিয়নো পীয়ুষ জৈন নামৰ এই ব্যৱসায়ীগৰাকীৰ ঘৰত ভুলতেহে আয়কৰ বিভাগে তালাচী চলাইছিল বুলি গুজৱ ওলাইছিল। পীয়ুষ জৈনৰ ঘৰত জব্দ হোৱা টকাখিনি বিজেপিৰ টকা বুলিও অভিযোগ কৰিছিল বিভিন্ন বিৰোধী দলৰ নেতাই। এই ঘটনাক গাপ দিবলৈ পাছত সমাজবাদীৰ এমএলচি তথা পাৰফিউম বিক্ৰেতা পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলোৱা বুলিও অভিযোগ কৰা হৈছিল। তাৰ পাছতে সমাজবাদীৰ মুৰব্বী তথা অখিলেশ যাদৱে অভিযোগ কৰিছিল যে এয়া বিজেপিয়ে আৰম্ভ কৰা এটা প্ৰক্ৰিয়াই। নিৰ্বাচনৰ আগে আগে আয়কৰ বিভাগক, চিবিআই, ইডিৰ দৰে সংস্থাক ঘৰে ঘৰে পঠিওৱাটো এটা নিয়মত পৰিণত হৈছে। তেওঁ কটাক্ষ কৰিছিল যে, এতিয়া আয়কৰ আহিছে, কেইদিনমান পাছত ইডি আহিব, চিবিআই আহিব। এই কথা যেন এতিয়া সত্যত পৰিণত হ’বলৈ গৈ আছে।


পুনৰ অখিলেশ যাদৱৰ ঘনিষ্ঠৰ ঘৰত চলিছে আয়কৰৰ অভিযান। এইবাৰ অখিলেশৰ ঘনিষ্ঠ লক্ষ্ণৌৰ অজয় চৌধুৰীৰ ঘৰত আয়কৰ বিভাগৰ তালাচী চলিছে। আয়কৰ বিভাগৰ নয়দা ডিভিজনে এনচিআৰৰ বৃহৎ বিল্ডাৰ এচিই গ্ৰুপৰ নয়দা, দিল্লী, আগ্ৰা আদি ঠাইত অভিযান চলাইছে। জানিব পৰা মতে, এই অঞ্চলবোৰত অতি বিস্তৃত ৰূপত আয়কৰৰ অভিযান চলি আছে। এই অভিযানৰ পাছতে পুনৰ সমাজবাদীয়ে নিৰ্বাচনী পৰিৱেশক প্ৰভাৱিত কৰাৰ বাবেই এই অভিযান চলাই থকা বুলি অভিযোগ কৰিছে। নিৰ্বাচনত নিজৰ পৰাজয় ৰোধ কৰাৰ বাবে বিজেপিয়ে এই সংস্থাবোৰক ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখ্য যে, নিৰ্বাচনৰ আগে আগে এনেদৰে তৎপৰ হৈ পৰা বিভিন্ন তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে অখিলেশ যাদৱে নিৰ্বাচন আয়োগ আৰু দেশৰ ৰাষ্ট্ৰপতিৰো কাষ চাপিব বুলি মন্তব্য কৰিছিল। এই অশুভ পৰম্পৰাই দেশৰ গণতন্ত্ৰকে একপ্ৰকাৰ উপলুঙা কৰা বুলি অভিযোগ কৰি অখিলেশে কৰা মন্তব্য নিসন্দেহে অতি তাৎপৰ্যপূৰ্ণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন