--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী দলৰ নেতাৰ ওপৰত চাপ সৃষ্টিৰ চেষ্টাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ইজনৰ পাছত সিজন বিৰোধী দলৰ নেতাৰ ঘৰত তালাচী চলাইছে। কিছুদিন পূৰ্বে সমাজবাদী নেতা পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলাইছিল আয়কৰ বিভাগে। জৈন উপাধিৰ আন এগৰাকী নেতাৰ ঘৰত তালাচী চলাই প্ৰায় ২০০কোটি টকা জব্দ কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতে পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলোৱাটোক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।

কিয়নো পীয়ুষ জৈন নামৰ এই ব্যৱসায়ীগৰাকীৰ ঘৰত ভুলতেহে আয়কৰ বিভাগে তালাচী চলাইছিল বুলি গুজৱ ওলাইছিল। পীয়ুষ জৈনৰ ঘৰত জব্দ হোৱা টকাখিনি বিজেপিৰ টকা বুলিও অভিযোগ কৰিছিল বিভিন্ন বিৰোধী দলৰ নেতাই। এই ঘটনাক গাপ দিবলৈ পাছত সমাজবাদীৰ এমএলচি তথা পাৰফিউম বিক্ৰেতা পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলোৱা বুলিও অভিযোগ কৰা হৈছিল। তাৰ পাছতে সমাজবাদীৰ মুৰব্বী তথা অখিলেশ যাদৱে অভিযোগ কৰিছিল যে এয়া বিজেপিয়ে আৰম্ভ কৰা এটা প্ৰক্ৰিয়াই। নিৰ্বাচনৰ আগে আগে আয়কৰ বিভাগক, চিবিআই, ইডিৰ দৰে সংস্থাক ঘৰে ঘৰে পঠিওৱাটো এটা নিয়মত পৰিণত হৈছে। তেওঁ কটাক্ষ কৰিছিল যে, এতিয়া আয়কৰ আহিছে, কেইদিনমান পাছত ইডি আহিব, চিবিআই আহিব। এই কথা যেন এতিয়া সত্যত পৰিণত হ’বলৈ গৈ আছে।


পুনৰ অখিলেশ যাদৱৰ ঘনিষ্ঠৰ ঘৰত চলিছে আয়কৰৰ অভিযান। এইবাৰ অখিলেশৰ ঘনিষ্ঠ লক্ষ্ণৌৰ অজয় চৌধুৰীৰ ঘৰত আয়কৰ বিভাগৰ তালাচী চলিছে। আয়কৰ বিভাগৰ নয়দা ডিভিজনে এনচিআৰৰ বৃহৎ বিল্ডাৰ এচিই গ্ৰুপৰ নয়দা, দিল্লী, আগ্ৰা আদি ঠাইত অভিযান চলাইছে। জানিব পৰা মতে, এই অঞ্চলবোৰত অতি বিস্তৃত ৰূপত আয়কৰৰ অভিযান চলি আছে। এই অভিযানৰ পাছতে পুনৰ সমাজবাদীয়ে নিৰ্বাচনী পৰিৱেশক প্ৰভাৱিত কৰাৰ বাবেই এই অভিযান চলাই থকা বুলি অভিযোগ কৰিছে। নিৰ্বাচনত নিজৰ পৰাজয় ৰোধ কৰাৰ বাবে বিজেপিয়ে এই সংস্থাবোৰক ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখ্য যে, নিৰ্বাচনৰ আগে আগে এনেদৰে তৎপৰ হৈ পৰা বিভিন্ন তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে অখিলেশ যাদৱে নিৰ্বাচন আয়োগ আৰু দেশৰ ৰাষ্ট্ৰপতিৰো কাষ চাপিব বুলি মন্তব্য কৰিছিল। এই অশুভ পৰম্পৰাই দেশৰ গণতন্ত্ৰকে একপ্ৰকাৰ উপলুঙা কৰা বুলি অভিযোগ কৰি অখিলেশে কৰা মন্তব্য নিসন্দেহে অতি তাৎপৰ্যপূৰ্ণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা