--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নানা পাটেকাৰ!এজন অতি প্ৰতিভাৱান আৰু বলিষ্ঠ অভিনেতা৷ বৰ্তমান নানা পাটেকাৰ বাৰাণসীত তেওঁৰ ছবি যাত্ৰাৰ দৃশ্যগ্ৰহণ কৰি আছে। এনে পৰিস্থিতিত এতিয়া বাৰাণসীৰ পৰা তেওঁৰ এটা ভিডিঅ’ ওলাইছে যাৰ বাবে অভিনেতাজন বিতৰ্কৰ মাজত সোমাই পৰিছে।নানা পাটেকাৰে এজন অনুৰাগীক চৰ মৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে এখন বজাৰত ৰাস্তাত ব্ৰাউন চুট আৰু মূৰত টুপী পিন্ধি আছে। ইয়াৰ মাজতে এজন অনুৰাগীয়ে তেওঁৰ লগত ছেলফী তুলিবলৈ আগবাঢ়ি আহে। তেতিয়া নানা পাটেকাৰে খঙত অনুৰাগীজনৰ মূৰত জোৰেৰে চৰ সোধায়।



ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে তেওঁক চৰ মাৰি দিয়াৰ পাছত দেহৰক্ষীয়ে ফেনখীজনক কাষলৈ টানি আনে। এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইণ্টাৰনেট ইউজাৰে ইয়াৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে - 'এইটো ভুল, আপুনি ভগৱান নহয়, জনসাধাৰণেই আপোনাক নায়ক কৰি তোলে আৰু অনুৰাগীক দিয়া এই অহংকাৰপূৰ্ণ চৰটোৱেই আপোনাৰ ভিতৰৰ অভিনেতাজনৰ মৃত্যুৰ কাৰণ।' 


আন এজন ব্যৱহাৰকাৰীয়ে আনকি মন্তব্য কৰি নানা পাটেকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ব্যৱহাৰকাৰীয়ে লিখিছে, 'বাৰাণসীৰ নিৰীহ জনসাধাৰণৰ সৈতে এনে অসৎ আচৰণ অতি নিন্দনীয়, মই বাৰাণসী উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ যে দোষীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।' আন এজন ব্যক্তিয়ে লিখিছে- 'নানা পাটেকাৰ এজন অশালীন মানুহ।তেওঁৰ ছবি চোৱা বন্ধ কৰিব লাগে।'

(বিঃদ্ৰঃ শেহতীয়াকৈ  লাভ কৰা তথ্য অনুসৰি নানা পাটেকাৰে ইচ্ছাকৃতভাৱে ব্যক্তিজনক চৰ সোধোৱা নাছিল বৰঞ্চ ব্যক্তিজনক চিনেমাৰ চিত্ৰগ্ৰহণৰ অংশ হিচাপেহে চৰ মাৰিছিল৷ইতিমধ্যে এই স্পষ্টীকৰণ প্ৰদান কৰা হৈছে৷)



FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ