--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নানা পাটেকাৰ!এজন অতি প্ৰতিভাৱান আৰু বলিষ্ঠ অভিনেতা৷ বৰ্তমান নানা পাটেকাৰ বাৰাণসীত তেওঁৰ ছবি যাত্ৰাৰ দৃশ্যগ্ৰহণ কৰি আছে। এনে পৰিস্থিতিত এতিয়া বাৰাণসীৰ পৰা তেওঁৰ এটা ভিডিঅ’ ওলাইছে যাৰ বাবে অভিনেতাজন বিতৰ্কৰ মাজত সোমাই পৰিছে।নানা পাটেকাৰে এজন অনুৰাগীক চৰ মৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে এখন বজাৰত ৰাস্তাত ব্ৰাউন চুট আৰু মূৰত টুপী পিন্ধি আছে। ইয়াৰ মাজতে এজন অনুৰাগীয়ে তেওঁৰ লগত ছেলফী তুলিবলৈ আগবাঢ়ি আহে। তেতিয়া নানা পাটেকাৰে খঙত অনুৰাগীজনৰ মূৰত জোৰেৰে চৰ সোধায়।



ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে তেওঁক চৰ মাৰি দিয়াৰ পাছত দেহৰক্ষীয়ে ফেনখীজনক কাষলৈ টানি আনে। এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইণ্টাৰনেট ইউজাৰে ইয়াৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে - 'এইটো ভুল, আপুনি ভগৱান নহয়, জনসাধাৰণেই আপোনাক নায়ক কৰি তোলে আৰু অনুৰাগীক দিয়া এই অহংকাৰপূৰ্ণ চৰটোৱেই আপোনাৰ ভিতৰৰ অভিনেতাজনৰ মৃত্যুৰ কাৰণ।' 


আন এজন ব্যৱহাৰকাৰীয়ে আনকি মন্তব্য কৰি নানা পাটেকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ব্যৱহাৰকাৰীয়ে লিখিছে, 'বাৰাণসীৰ নিৰীহ জনসাধাৰণৰ সৈতে এনে অসৎ আচৰণ অতি নিন্দনীয়, মই বাৰাণসী উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ যে দোষীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।' আন এজন ব্যক্তিয়ে লিখিছে- 'নানা পাটেকাৰ এজন অশালীন মানুহ।তেওঁৰ ছবি চোৱা বন্ধ কৰিব লাগে।'

(বিঃদ্ৰঃ শেহতীয়াকৈ  লাভ কৰা তথ্য অনুসৰি নানা পাটেকাৰে ইচ্ছাকৃতভাৱে ব্যক্তিজনক চৰ সোধোৱা নাছিল বৰঞ্চ ব্যক্তিজনক চিনেমাৰ চিত্ৰগ্ৰহণৰ অংশ হিচাপেহে চৰ মাৰিছিল৷ইতিমধ্যে এই স্পষ্টীকৰণ প্ৰদান কৰা হৈছে৷)




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক