--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ অন্যতম প্ৰিমিয়াম টেকন’লজি ব্ৰেণ্ড এপল। স্মাৰ্টফোন, ডিজিটেল ঘড়ী, আইপেড, আৰু অন্যান্য ডিভাইচৰ বিস্তৃত পৰিসৰৰ সহায়ত এপলে বিশ্বৰ বজাৰত এক সুকীয়া স্থান দখল কৰিছে। ভাৰতত এপলৰ উৎপাদন ২০২০ চনত মাত্ৰ ১ শতাংশ আছিল যিটো বৰ্তমান ৫ শতাংশলৈ বৃদ্ধি পাইছে।

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম আইফোন নিৰ্মাণকাৰী দেশ। কোম্পানীটোৱে ২০২৩ চনৰ বিত্তীয় বৰ্ষত ৪০ হাজাৰ কোটি টকাৰ আই ফোন ৰপ্তানি কৰিছে।কিছু মাহৰ আগতে এপলে ভাৰতক অধিক গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ পৰিচালনা পুনৰ সংগঠিত কৰিছিল।

এই পৰিৱৰ্তনৰ লগে লগে এজন ভাৰতীয় আশীষ চৌধুৰী এপল ইণ্ডিয়াৰ মূল মানুহ হৈ পৰিল।শেহতীয়াকৈ চৌধুৰীক ভাৰতৰ মুৰব্বী পদত পদোন্নতি দিয়া হৈছে আৰু তেওঁ এপলৰ গ্ল’বেল চেলছ হেড মাইকেল ফেংগাৰক খতিয়ান প্ৰদান কৰিব।

২০১৯ চনত আশীষ চৌধুৰীয়ে কোম্পানীটোত ভাৰতৰ ছেলচ্‌ হেড হিচাপে নিযুক্তি দিয়া হৈছিল। এপলত যোগদান কৰাৰ পূৰ্বে তেওঁ ন’কিয়াৰ মুখ্য গ্ৰাহক পৰিচালনা বিষয়া আছিল।

১৯৬৫ চনত জন্মগ্ৰহণ কৰা আশীষৰ ঘৰ দিল্লীৰ। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ ইমোৰী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলত ব্যৱসায়িক প্ৰশাসন বিষয়ত অধ্যয়ন কৰে।

আমোদজনক কথাটো হ’ল ভাৰতৰ ব্যৱসায়িক টাইকুন মুকেশ আম্বানীয়ে ভাৰতত এপল আইফোন বিক্ৰীৰ পৰা প্ৰতি বছৰে লাখ লাখ টকা উপাৰ্জন কৰে। যদিও, এপলৰ ব্ৰেণ্ড বা প্ৰডাকচনৰ সৈতে মুকেশ আম্বানীৰ বিশেষ সম্পৰ্ক নাই এপলে মুম্বাইৰ ৰিলায়েন্স জিঅ’ ৱৰ্ল্ড ড্ৰাইভ মলৰ সৈতে অংশীদাৰিত্ব কৰিছে।

এপল আৰু আম্বানীৰ মাজত হোৱা চুক্তি অনুসৰি আম্বানীৰ মলত থকা ষ্ট’ৰৰ ভাড়া প্ৰতি তিনি বছৰৰ মূৰে মূৰে ১৫% বৃদ্ধি পাব আৰু কোম্পানীটোৱে মাহিলী ন্যূনতম ৪২ লাখ টকা আৰু প্ৰথম তিনিটা বছৰৰ বাবে অতিৰিক্ত ২% ৰাজহ অংশীদাৰিত্ব প্ৰদান কৰিব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক