--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ অন্যতম প্ৰিমিয়াম টেকন’লজি ব্ৰেণ্ড এপল। স্মাৰ্টফোন, ডিজিটেল ঘড়ী, আইপেড, আৰু অন্যান্য ডিভাইচৰ বিস্তৃত পৰিসৰৰ সহায়ত এপলে বিশ্বৰ বজাৰত এক সুকীয়া স্থান দখল কৰিছে। ভাৰতত এপলৰ উৎপাদন ২০২০ চনত মাত্ৰ ১ শতাংশ আছিল যিটো বৰ্তমান ৫ শতাংশলৈ বৃদ্ধি পাইছে।

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম আইফোন নিৰ্মাণকাৰী দেশ। কোম্পানীটোৱে ২০২৩ চনৰ বিত্তীয় বৰ্ষত ৪০ হাজাৰ কোটি টকাৰ আই ফোন ৰপ্তানি কৰিছে।কিছু মাহৰ আগতে এপলে ভাৰতক অধিক গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ পৰিচালনা পুনৰ সংগঠিত কৰিছিল।

এই পৰিৱৰ্তনৰ লগে লগে এজন ভাৰতীয় আশীষ চৌধুৰী এপল ইণ্ডিয়াৰ মূল মানুহ হৈ পৰিল।শেহতীয়াকৈ চৌধুৰীক ভাৰতৰ মুৰব্বী পদত পদোন্নতি দিয়া হৈছে আৰু তেওঁ এপলৰ গ্ল’বেল চেলছ হেড মাইকেল ফেংগাৰক খতিয়ান প্ৰদান কৰিব।

২০১৯ চনত আশীষ চৌধুৰীয়ে কোম্পানীটোত ভাৰতৰ ছেলচ্‌ হেড হিচাপে নিযুক্তি দিয়া হৈছিল। এপলত যোগদান কৰাৰ পূৰ্বে তেওঁ ন’কিয়াৰ মুখ্য গ্ৰাহক পৰিচালনা বিষয়া আছিল।

১৯৬৫ চনত জন্মগ্ৰহণ কৰা আশীষৰ ঘৰ দিল্লীৰ। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ ইমোৰী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলত ব্যৱসায়িক প্ৰশাসন বিষয়ত অধ্যয়ন কৰে।

আমোদজনক কথাটো হ’ল ভাৰতৰ ব্যৱসায়িক টাইকুন মুকেশ আম্বানীয়ে ভাৰতত এপল আইফোন বিক্ৰীৰ পৰা প্ৰতি বছৰে লাখ লাখ টকা উপাৰ্জন কৰে। যদিও, এপলৰ ব্ৰেণ্ড বা প্ৰডাকচনৰ সৈতে মুকেশ আম্বানীৰ বিশেষ সম্পৰ্ক নাই এপলে মুম্বাইৰ ৰিলায়েন্স জিঅ’ ৱৰ্ল্ড ড্ৰাইভ মলৰ সৈতে অংশীদাৰিত্ব কৰিছে।

এপল আৰু আম্বানীৰ মাজত হোৱা চুক্তি অনুসৰি আম্বানীৰ মলত থকা ষ্ট’ৰৰ ভাড়া প্ৰতি তিনি বছৰৰ মূৰে মূৰে ১৫% বৃদ্ধি পাব আৰু কোম্পানীটোৱে মাহিলী ন্যূনতম ৪২ লাখ টকা আৰু প্ৰথম তিনিটা বছৰৰ বাবে অতিৰিক্ত ২% ৰাজহ অংশীদাৰিত্ব প্ৰদান কৰিব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক