--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল জম্মু-কাশ্মীৰখ।  এখন যাত্ৰীবাহী বাছে  নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাদত পৰি যোৱাৰ ফলত কমেও ৩৬ গৰাকী যাত্ৰী নিহত হৈছে।এই ঘটনাত আন  ১৯ গৰাকী যাত্ৰী গুৰুতৰভাবে আহত হৈছে।  আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বুধবাৰে পুৱা জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰ অঞ্চলৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়। কিষ্টৱাৰৰ পৰা জম্মুলৈ গৈ থকা  বাছখনে  দুৰ্ঘটনাত পতিত হোৱাৰ  খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হয়।  জম্মুৰ বিভাগীয় আয়ুক্ত ৰমেশ কুমাৰে কয়  যে বাছখনে বাটোটে-কিস্তৱাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায়  ৩০০ ফুট গভীৰ খাৱৈত পৰে।  ঘটনাটোত কমেও ৩৬ জন লোক নিহত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে।

জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ঘটনাটোত শোক প্ৰকাশ কৰিছে। সিনহাই কয় "ডোডাত সংঘটিত এই বাছ দুৰ্ঘটনাত আমি শোকাহত। মৃতকৰ  পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা জনাইছো। আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলো  সহায় আগবঢ়াব।’’ উল্লেখ্য  যোৱা এসপ্তাহত ডোডাত এয়া  দ্বিতীয়টো দুৰ্ঘটনা।



   


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক