--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল জম্মু-কাশ্মীৰখ।  এখন যাত্ৰীবাহী বাছে  নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাদত পৰি যোৱাৰ ফলত কমেও ৩৬ গৰাকী যাত্ৰী নিহত হৈছে।এই ঘটনাত আন  ১৯ গৰাকী যাত্ৰী গুৰুতৰভাবে আহত হৈছে।  আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বুধবাৰে পুৱা জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰ অঞ্চলৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়। কিষ্টৱাৰৰ পৰা জম্মুলৈ গৈ থকা  বাছখনে  দুৰ্ঘটনাত পতিত হোৱাৰ  খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হয়।  জম্মুৰ বিভাগীয় আয়ুক্ত ৰমেশ কুমাৰে কয়  যে বাছখনে বাটোটে-কিস্তৱাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায়  ৩০০ ফুট গভীৰ খাৱৈত পৰে।  ঘটনাটোত কমেও ৩৬ জন লোক নিহত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে।

জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ঘটনাটোত শোক প্ৰকাশ কৰিছে। সিনহাই কয় "ডোডাত সংঘটিত এই বাছ দুৰ্ঘটনাত আমি শোকাহত। মৃতকৰ  পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা জনাইছো। আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলো  সহায় আগবঢ়াব।’’ উল্লেখ্য  যোৱা এসপ্তাহত ডোডাত এয়া  দ্বিতীয়টো দুৰ্ঘটনা।



   


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক