--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেংগোল বিতৰ্কই উত্তপ্ত কৰি ৰাখিছে লোকসভা।যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষৰ চকীৰ কাষত স্থাপন কৰা ‘ছেংগোল’কলৈ  পুনৰবাৰ বিতৰ্কৰ সৃষ্টি হৈছে।  সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে এই বিতৰ্কই অধিক  তীব্ৰতৰ হৈ পৰিছে।  গণতন্ত্ৰত ‘ছেংগোল’ৰ প্ৰাসংগিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী সাংসদসকলে । বিৰোধী দলৰ বহুতে ‘ৰাজদণ্ড সংসদৰ পৰা আঁতৰ কৰিব লাগে বুলিও দাবী জনাইছে। বিৰোধীৰ এনে দাবীৰ পিছতে  বিজেপিয়ে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় সংস্কৃতিক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে।


প্ৰায় ৫ ফুট দীঘল হস্তনিৰ্মিত, সোণেৰে আবৃত ৰাজদণ্ডক লৈ চলি থকা বিতৰ্কৰ সূচনা হৈছে সমাজবাদী পাৰ্টিৰ সাংসদ আৰ কে চৌধাৰীয়ে অধ্যক্ষ ওম বিৰলালৈ লিখা পত্ৰৰ পিছৰে পৰা। মোহনলালগঞ্জৰ সাংসদগৰাকীয়ে কয় যে ‘ছেংগোল’ৰ ঠাইত সেই স্থানত  সংবিধানৰ প্ৰতিলিপি থাকিব লাগিব।


এই সন্দৰ্ভত  চৌধুৰীয়ে কয়, "সংবিধান গণতন্ত্ৰৰ প্ৰতীক। ৰাজকীয় ব্যৱস্থাৰ অন্ত পৰাৰ পিছত দেশ স্বাধীন হ'ল। দেশখন 'ৰাজদণ্ড'  নে  সংবিধানৰ দ্বাৰা পৰিচালিত হ'ব? সেয়ে লোকসভাৰ পৰা  ছেংগোলক আঁতৰাবলৈ দাবী জনাইছো।" 

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ‘গণতন্ত্ৰ ৰক্ষা’ৰ বাবে ‘ছেংগোল’ৰ ঠাইত সংবিধানৰ প্ৰতিলিপি স্থাপন কৰাৰ  আহ্বান জনায়।উল্লেখ্য অখিলেশ যাদৱৰ নেতৃত্বত সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশৰ ৩৭খন আসন লাভ কৰি উল্লেখযোগ্য প্ৰদৰ্শন অৰ্জন কৰি এই লোকসভাৰ তৃতীয় বৃহত্তম দল হিচাপে পৰিগণিত হৈছে।

অৱশ্যে বিৰোধীৰ ‘ছেংগোল’ সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে কয় যে সমাজবাদী পাৰ্টিয়ে পূৰ্বে ৰামচৰিত মানসক আক্ৰমণ আৰু অপমান কৰিছিল, আৰু এতিয়া ভাৰতীয় আৰু বিশেষকৈ তামিল সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ছেংগোলক লক্ষ্য কৰি লৈছে। ডি এম কেয়ে স্পষ্ট কৰিব লাগিব যে তেওঁলোকে ‘ছেংগোল’ৰ প্ৰতি এই অসন্মানক সমৰ্থন কৰে নেকি।’
 এই অধিৱেশনৰ সমগ্ৰ সময়ছোৱাত সংবিধানখন বিৰোধীৰ বাবে এক মূল প্ৰতীক হিচাপে পৰিগণিত হৈছে। প্ৰথম দিনাই সংবিধানৰ প্ৰতিলিপি লৈ সংসদত ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, অখিলেশ যাদৱৰ দৰে শীৰ্ষ নেতাই বিক্ষোভ প্ৰদৰ্শন কৰে। গান্ধী, যাদৱকে ধৰি বহু বিৰোধী সাংসদে শপত গ্ৰহণ কৰাৰ সময়ত সংবিধানৰ প্ৰতিলিপি লৈ ফুৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু