--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে (২৭ জুন) সংসদৰ দুয়োখন সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰে। ইয়াৰ মাজতে তেওঁ ১৯৭৫ চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাক সংবিধানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰু অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰে। কিন্তু এতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত সংসদ টিভিত বাৰে বাৰে প্ৰধানমন্ত্ৰী মোডীক দেখুওৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে। তেওঁ দাবী কৰে যে ৰাষ্ট্ৰপতি মুৰ্মুৰ সংসদত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক ৭৩ বাৰ আৰু বিৰোধী নেতা ৰাহুল গান্ধীক ৬ বাৰ দেখুওৱা হৈছিল।

জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰি লিখিছে, "৫১ মিনিটৰ ৰাষ্ট্ৰপতিৰ ভাষণত কাক কিমানবাৰ দেখুওৱা হ'ল? সদনৰ নেতা নৰেন্দ্ৰ মোডীক ৭৩ বাৰ আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক ৬ বাৰ দেখুওৱা হয়। চৰকাৰক ১০৮ বাৰ আৰু বিৰোধীক ১৮ বাৰ দেখুওৱা হৈছে। সংসাদ টিভিৰ উদ্দেশ্য হৈছে সদনৰ কাৰ্য্যবিধি দেখুৱাবলৈ, কেমেৰামেনৰ নাৰ্চিছিজমৰ বাবে নহয়।’’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৮ সংখ্যক লোকসভাত প্ৰথমবাৰৰ বাবে দুয়োখন সদনৰ যৌথ অধিৱেশনত ভাষণ দি কয় যে অনাগত কেইমাহমানৰ ভিতৰত ভাৰতে গণৰাজ্য হিচাপে ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। তেওঁ কয় যে বিগত দশকবোৰত ভাৰতৰ সংবিধানে প্ৰতিটো প্ৰত্যাহ্বান আৰু প্ৰতিটো পৰীক্ষাৰ সন্মুখত থিয় দিছে আৰু সংবিধান নিৰ্মাণৰ সময়তো পৃথিৱীত এনে শক্তি আছিল যিয়ে ভাৰতক বিফল হোৱাটো বিচাৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত কয় যে দেশত সংবিধান কাৰ্যকৰী হোৱাৰ পিছতো সংবিধানক বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু