--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে (২৭ জুন) সংসদৰ দুয়োখন সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰে। ইয়াৰ মাজতে তেওঁ ১৯৭৫ চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাক সংবিধানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰু অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰে। কিন্তু এতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত সংসদ টিভিত বাৰে বাৰে প্ৰধানমন্ত্ৰী মোডীক দেখুওৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে। তেওঁ দাবী কৰে যে ৰাষ্ট্ৰপতি মুৰ্মুৰ সংসদত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক ৭৩ বাৰ আৰু বিৰোধী নেতা ৰাহুল গান্ধীক ৬ বাৰ দেখুওৱা হৈছিল।

জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰি লিখিছে, "৫১ মিনিটৰ ৰাষ্ট্ৰপতিৰ ভাষণত কাক কিমানবাৰ দেখুওৱা হ'ল? সদনৰ নেতা নৰেন্দ্ৰ মোডীক ৭৩ বাৰ আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক ৬ বাৰ দেখুওৱা হয়। চৰকাৰক ১০৮ বাৰ আৰু বিৰোধীক ১৮ বাৰ দেখুওৱা হৈছে। সংসাদ টিভিৰ উদ্দেশ্য হৈছে সদনৰ কাৰ্য্যবিধি দেখুৱাবলৈ, কেমেৰামেনৰ নাৰ্চিছিজমৰ বাবে নহয়।’’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৮ সংখ্যক লোকসভাত প্ৰথমবাৰৰ বাবে দুয়োখন সদনৰ যৌথ অধিৱেশনত ভাষণ দি কয় যে অনাগত কেইমাহমানৰ ভিতৰত ভাৰতে গণৰাজ্য হিচাপে ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। তেওঁ কয় যে বিগত দশকবোৰত ভাৰতৰ সংবিধানে প্ৰতিটো প্ৰত্যাহ্বান আৰু প্ৰতিটো পৰীক্ষাৰ সন্মুখত থিয় দিছে আৰু সংবিধান নিৰ্মাণৰ সময়তো পৃথিৱীত এনে শক্তি আছিল যিয়ে ভাৰতক বিফল হোৱাটো বিচাৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত কয় যে দেশত সংবিধান কাৰ্যকৰী হোৱাৰ পিছতো সংবিধানক বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement